কাশ্মীৰ উপত্যকাত সুৰক্ষা বাহিনীৰ হাতত ৪৮ ঘণ্টাত নিধন ৬ টা সন্ত্ৰাসবাদী...

অব্যাহত আছে ভাৰতীয় সেনাৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান। পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পিছৰে পৰা ভাৰতীয় সেনাই সন্ত্ৰাসবাদক ধূলিস্যাৎ কৰিবলৈ অভিযান তীব্ৰতৰ কৰিছে।

author-image
Tushar Pratim
New Update
 কাশ্মীৰ উপত্যকাত সুৰক্ষা বাহিনীৰ হাতত ৪৮ ঘণ্টাত নিধন ৬ টা সন্ত্ৰাসবাদী...

ডিজিটেল ডেস্কঃ অব্যাহত আছে ভাৰতীয় সেনাৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান। ২২ এপ্ৰিলৰ পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পিছৰে পৰা ভাৰতীয় সেনাই সন্ত্ৰাসবাদক ধূলিস্যাত কৰিবলৈ অভিযান তীব্ৰতৰ কৰিছে। যোৱা ৪৮ ঘণ্টাৰ ভিতৰত দুটাকৈ অভিযান চলাই ভাৰতীয় সেনাই মুঠ ৬ টাকৈ সন্ত্ৰাসবাদীক নিধন কৰিছে। 

Advertisment

মঙলবাৰে জম্মু কাশ্মীৰৰ শ্ব’পিয়ান জিলাত অপাৰেচন কেলাৰ আৰু বৃহস্পতিবাৰে পুলৱামাত অপাৰেচন নাদেৰৰ সময়ত সেনা আৰু সুৰক্ষা বাহিনীৰ হাতত নিধন হৈছে এই ৬ টা সন্ত্ৰাসবাদী। ১৬ মে’, ২০২৫ শুকুৰবাৰে ভাৰতীয় সেনাই এই দুয়োটা অভিযান কেনেদৰে চলাইছিল আৰু সন্ত্ৰাসবাদীক কেনেকৈ নিধন কৰিছিল সেই বিষয়ে ব্যাখ্যা দাঙি ধৰে।  

ভাৰতীয় সেনাই দাবী কৰে, এই অভিযান দুটা নিৰ্দিষ্ট চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত আৰম্ভ কৰা হৈছিল আৰু সফলতা অৰ্জন কৰিছে। শুকুৰবাৰে কাশ্মীৰ মণ্ডলৰ আৰক্ষী আয়ুক্ত ভি কে ভিৰডিয়ে কয় যে, যোৱা ৪৮ ঘণ্টাত ছটা উগ্ৰপন্থীৰ ‘একাউণ্টাৰ কৰা হৈছে। কেলাৰৰ হাইলেণ্ড আৰু ট্ৰালৰ সীমান্তৱৰ্তী গাঁৱত উগ্ৰপন্থীৰ উপস্থিতিৰ তথ্য লাভ কৰাৰ পিছতে এই অভিযান আৰম্ভ কৰা হৈছিল।

জম্মু-কাশ্মীৰ আৰক্ষী, সেনা আৰু চি আৰ পি এফে সেই দুটা অঞ্চলত অভিযান চলাইছিল। চোৰাংচোৱা সূত্ৰই উগ্ৰপন্থীৰ গতিবিধি আৰু কাৰ্যকলাপ নিশ্চিত কৰাৰ পিছতহে এই অভিযান চলোৱা বুলি দাবী কৰিছে আৰক্ষী বিষয়াগৰাকীয়ে। 

তেওঁ কয়, "সেনা, চি আৰ পি এফ আৰু আৰক্ষীৰ মাজত পাৰস্পৰিক সমন্বয়ৰ ভিত্তিত ৪৮ ঘণ্টাত দুটা অভিযান সফল হৈছিল। মুঠ ছটা উগ্ৰপন্থী নিধন হৈছে। কাশ্মীৰ উপত্যকাত সন্ত্ৰাসবাদৰ অৰণ্যক ধ্বংস কৰিবলৈ তেওঁলোক প্ৰতিশ্ৰুতিবদ্ধ বুলিও কয়।

আৱন্তিপোৰাত এক যৌথ সংবাদমেলত ভিক্টৰ ফৰ্চৰ মেজৰ জেনেৰেল ধনঞ্জয় যোশীয়ে অভিযান সন্দৰ্ভত বিতং তথ্য প্ৰদান কৰে। তেওঁ কয় যে, প্ৰথম সংঘৰ্ষ শ্ব’পিয়ানৰ কেলাৰত সংঘটিত হৈছিল। যোৱা ১২ মে’ত চোৰাংচোৱা বিষয়াই অঞ্চলটোত উগ্ৰপন্থীৰ উপস্থিতিৰ তথ্য লাভ কৰিছিল। সেই তথ্যৰ ভিত্তিত ১৩ মে’ৰ পৰা উগ্ৰপন্থীৰ গতিবিধি চিনাক্ত কৰি অভিযান আৰম্ভ হয়।

দ্বিতীয় অভিযান আৰম্ভ হৈছিল পুলৱামাৰ ট্ৰালত। খবৰ অনুসৰি তাত থকা এটা ঘৰত আশ্ৰয় লৈ আছিল উগ্ৰপন্থীয়ে। ভিক্টৰ ফ’ৰ্চৰ মেজৰ জেনেৰেল ধনঞ্জয়ে জনোৱা মতে, এই খবৰ পোৱাৰ লগে লগে সীমান্ত গাঁওখন ঘেৰি ধৰা হয়। 

তেওঁ দাবী কৰে যে উগ্ৰপন্থীয়ে আৰক্ষী আৰু সেনাৰ উপস্থিতি অনুভৱ কৰি পিছফালৰ পৰা গুলীচালনা আৰম্ভ কৰে। সেনায়ো প্ৰত্যুত্তৰ দিয়ে। মেজৰ জেনেৰেল ধনঞ্জয়ে কয়, "আমাৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল উগ্ৰপন্থীয়ে গাঁৱৰ মানুহক ঢাল হিচাপে ব্যৱহাৰ কৰাক বাধা দিয়া। উগ্ৰপন্থীসকলৰ স্থান অতি দক্ষতা আৰু কৌশলেৰে চিনাক্ত কৰাৰ পিছত এই অভিযান চলোৱা হৈছিল।’

‘অপাৰেচন কেলাৰ’ত শ্ব’পিয়ানত নিহত তিনি উগ্ৰপন্থী হৈছে শ্বাহিদ কুট্টে, আদনান শ্বাফি দাৰ, আৰু এহছান আহমেদ শ্বেইখ। বৃহস্পতিবাৰে ট্ৰালত সেনাৰ ‘অপাৰেচন নাদেৰ’ত নিহত উগ্ৰপন্থী তিনিটা হ’ল আছিফ আহমেদ শ্বেইখ, আমিৰ নাজিৰ ৱানী আৰু য়াৱাৰ আহমেদ ভাট। তিনিওটাই পুলৱামাৰ বাসিন্দা। 

তাৰ ভিতৰত আছিফৰ সৈতে জৈছ-ই-মহম্মদৰ সম্পৰ্ক আছিল আৰু সংগঠনটোৰ আৱন্তিপোৰাৰ জিলা অধিনায়কৰ দায়িত্বতো আছিল। আছিফে ২০২২ চনৰ পৰা সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত হৈ আছে। 
২০২৪ চনৰ পৰা পুলৱামাত বিভিন্ন সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত আমিৰ নাজিৰ আৰু য়াৱাৰ আহমেদ ভাট। আৰক্ষীৰ সূত্ৰই দাবী কৰিছে যে শ্ব’পিয়ানত নিহত উগ্ৰপন্থী তিনিটা লস্কৰ উগ্ৰপন্থী সংগঠনৰ সৈতে জড়িত আছিল।

ভাৰতীয় সেনা জম্মু কাশ্মীৰ