ৰেহাই দিয়া নহ'ব পেহেলগামৰ আক্ৰমণকাৰীকঃ সকলোৱে দিছে ধিক্কাৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই ঘটনাক সন্ত্ৰাসবাদী আক্ৰমণ বুলি অভিহিত কৰি কয় যে, এই আক্ৰমণৰ সৈতে জড়িতসকলক ৰেহাই দিয়া নহ’ব। একেই হুংকাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰো।

author-image
Asomiya Pratidin
New Update
ৰেহাই দিয়া নহ'ব পেহেলগামৰ আক্ৰমণকাৰীকঃ সকলোৱে দিছে ধিক্কাৰ

ডিজিটেল ডেস্কঃ মঙলবাৰে জম্মু-কাশ্মীৰৰ পেহেলগামত পৰ্যটকৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হয়। সন্ত্ৰাসবাদীৰ গুলীত ২৬ গৰাকী পৰ্যটকৰ মৃত্যু হৈছে বুলি প্ৰকাশ কৰা হৈছে যদিও অৱশ্যে প্ৰকৃততে কিমানজন পৰ্যটকৰ মৃত্যু হৈছে সেয়া জম্মু কাশ্মীৰৰ চৰকাৰে স্পষ্ট কৰা নাই। 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই ঘটনাক সন্ত্ৰাসবাদী আক্ৰমণ বুলি অভিহিত কৰি কয় যে, এই আক্ৰমণৰ সৈতে জড়িতসকলক ৰেহাই দিয়া নহ’ব।সেইদৰে জম্মু কাশ্মীৰৰ মুখ্যমন্ত্রী ওমৰ আব্দুল্লাই এই আক্রমণক যোৱা কিছু বছৰত সাধাৰণ নাগৰিকক লক্ষ্য কৰি কৰা আটাইতকৈ ডাঙৰ আক্রমণ বুলি অভিহিত কৰিছে৷

ঘটনাৰ পাছত আহতসকলৰ একাংশক অনন্তনাগৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছে। তাতেই তেওঁলোকৰ চিকিৎসা অব্যাহত আছে। জম্মু-কাশ্মীৰৰ স্বাস্থ্যমন্ত্ৰী ছাকিনা ইটুৱে সাংবাদিকৰ আগত কয়, আহতসকলৰ একাংশক অনন্তনাগ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছে। আহত তিনিজনৰ অৱস্থা এতিয়া সুস্থিৰ। 

তেওঁ জনোৱা মতে আহত হোৱা এজনৰ অৱস্থা সংকটজনক। তেওঁক শ্ৰীনগৰলৈ প্ৰেৰণ কৰা হৈছে। 

প্ৰধানমন্ত্ৰীয়ে ক’লে-  'ৰেহাই দিয়া নহ'ব'

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেহেলগামনৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দিছে। তেওঁ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে, "এই জঘন্য কাণ্ডৰ আঁৰত থকাসকলে কঠোৰ শাস্তি লাভ কৰিব। তেওঁলোকক ৰেহাই দিয়া নহ'ব।"

মোডীয়ে গৃহমন্ত্ৰী অমিত শ্বাহকো শ্ৰীনগৰ ভ্ৰমণ কৰি নিৰাপত্তা পৰিস্থিতি চম্ভালিবলৈ নিৰ্দেশ দিছে। সেই নিৰ্দেশ অনুসৰিয়েই শ্ৰীনগৰত নিশাই উপস্থিত হয় অমিত শ্বাহ। 

জম্মু কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই কয় যে, ঘটনাস্থলীক নিৰাপত্তা বাহিনীয়ে ঘেৰাও কৰি ৰাখিছে। এই সময়খিনি জম্মু কাশ্মীৰৰ পৰ্যটন উদ্যোগৰ ভৰপক সময়। এই সময়তে জম্মু কাশ্মীৰৰ সৌন্দৰ্য উপভোগ কৰিবলৈ দেশ, বিদেশৰ পৰ্যটকৰ আগমণ ঘটে। তাৰ মাজতে হোৱা এই আক্ৰমণ জম্মু কাশ্মীৰৰ পৰ্যটন উদ্যোগৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিলে।
 

পৰ্যটকৰ মাজত পেহেলগাম অতি জনপ্ৰিয়।এই উপত্যকা সেউজীয়া ঘাঁহনি আৰু হ্ৰদৰ মনোমোহা প্ৰাকৃতিক দৃশ্য উপভোগৰ বাবে প্ৰতি বছৰে ইয়ালৈ বহু পৰ্যটক আহে। পেহেলগামৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ দূৰত্বত সংঘটিত হৈছে এই আক্ৰমণ।


মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই ক’লে- 'এয়া ঘৃণনীয়'  


ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই লিখিছে , ‘মই একেবাৰে স্তম্ভিত হৈছো। দৰ্শনাৰ্থীৰ ওপৰত এই আক্ৰমণ এক ঘৃণনীয় কাৰ্য্য।”

তাৰোপৰি তেওঁ লিখিছে, "হতাহতৰ বিষয়ে সবিশেষ নিৰ্ণয় কৰি থকা হৈছে। পৰিস্থিতি স্পষ্ট হোৱাৰ লগে লগে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব। কোৱা বাহুল্য যে শেহতীয়া সময়ত সাধাৰণ নাগৰিকৰ ওপৰত এইটোৱেই আটাইতকৈ ডাঙৰ আক্ৰমণ।"

সন্ত্রাসবাদী আক্রমণ সন্দর্ভত অমিত শ্বাহৰো হুংকাৰ


পৰ্যটকৰ ওপৰত হোৱা গুলীচালনাৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ছ’চিয়েল মিডিয়াত লিখিছে, "পেহেলগামত পৰ্যটকৰ ওপৰত কৰা সন্ত্ৰাসবাদী আক্ৰমণত মই দুখী। নিহতসকলৰ পৰিয়াললৈ মোৰ সমবেদনা জ্ঞাপন কৰিছো।"

অমিত শ্বাহে এই ঘটনাৰ বাবে যিসকল দায়ী, তেওঁলোকক ৰেহাই দিয়া নহ’ব আৰু সম্পূৰ্ণ শক্তিৰে উত্তৰ দিয়া হ’ব বুলিও হুংকাৰ দিছে। অমিত শ্বাহে কয়, "প্ৰধানমন্ত্ৰী মোডীক এই ঘটনাৰ বিষয়ে অৱগত কৰা হৈছে আৰু ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে সংশ্লিষ্ট বিষয়াসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰা হৈছে।"

উপ-ৰাজ্যপালৰো প্ৰত্যুত্তৰৰ হুংকাৰ

জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই এই আক্ৰমণক গৰিহণা দি আক্ৰমণকাৰীক ৰেহাই দিয়া নহ’ব বুলি কয়। তেওঁ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে, "পেহেলগামত পৰ্যটকৰ ওপৰত কৰা কাপুৰুষালী সন্ত্ৰাসবাদী আক্ৰমণক মই তীব্ৰ গৰিহণা দিছো। যিসকলে এই জঘন্য আক্ৰমণ সংঘটিত কৰিছিল তেওঁলোকক ৰেহাই দিয়া নহ'ব। মই ডিজিপি আৰু নিৰাপত্তাৰক্ষীৰ সৈতে কথা পাতিছো। সেনা-আৰক্ষী বাহিনীয়ে অঞ্চলটো ঘেৰাও কৰি অভিযান চলাই আছে।"

মেহবুবা মুফতি. ৰাহুল গান্ধীয়ে ক'লে এয়া কাপুৰুষালী

আনহাতে পিডিপিৰ মুৰব্বী মেহবুবা মুফতিয়ে এই আক্ৰমণক গৰিহণা দি টুইটাৰত লিখিছে, "পেহেলগামত এই কাপুৰুষালী সন্ত্ৰাসবাদী আক্ৰমণক মই তীব্ৰ ভাষাৰে গৰিহণা দিছো। এই ধৰণৰ হিংসা একেবাৰে গ্ৰহণযোগ্য নহয়। ঐতিহাসিকভাৱে কাশ্মীৰে পৰ্যটকক উষ্ম আদৰণি জনাই আহিছে। সেয়েহে আক্ৰমণৰ বিৰল ঘটনাবোৰ অত্যন্ত চিন্তনীয়।"

লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে এই ঘটনাক গৰিহণা দি ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে, “জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত কাপুৰুষালী সন্ত্ৰাসবাদী আক্ৰমণত পৰ্যটকৰ মৃত্যু আৰু বহু লোক আহত হোৱাৰ খবৰটো অত্যন্ত নিন্দনীয় আৰু হৃদয়বিদাৰক।”

আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিৰো ঘটনাত শোক প্ৰকাশ

ভাৰত ভ্ৰমণলৈ অহা আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সেও এই আক্ৰমণত নিহত হোৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে।তেওঁ এক্সত এটা পোষ্টত লিখিছে, "পেহেলগামত এই ভয়াৱহ আক্ৰমণত প্ৰাণ হেৰুৱাসকলক উষা (ভ্যান্সৰ পত্নী) আৰু মোৰ হৈ শ্ৰদ্ধাঞ্জলি। 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী সন্ত্ৰাসবাদী আক্ৰমণ জম্মু কাশ্মীৰ