জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ সৈতে হোৱা সংঘৰ্ষত শ্বহীদ ৩ জোৱান

জম্মু-কাশ্মীৰত শুকুৰবাৰে সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত এক সংঘৰ্ষৰ সূত্ৰপাত হয়।

author-image
Asomiya Pratidin
New Update
সন্ত্ৰাসবাদীৰে সংঘৰ্ষঃ নিহত ২জন ভাৰতীয় সেনা, আহত বহুকেইজন...

প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত শুকুৰবাৰে সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত এক সংঘৰ্ষৰ সূত্ৰপাত হয়। যাৰ ফলত ৩ জনকৈ নিৰাপত্তাৰক্ষীৰ লোক শ্বহীদ হোৱা বুলি জানিব পৰা গৈছে।

আৰক্ষী বিষয়াই জনোৱা অনুসৰি দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাৰ হালান বনাঞ্চলৰ এটা অঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰাৰ পাছতেই নিৰাপত্তাৰক্ষী অভিযান আৰম্ভ কৰিছিল। নিৰাপত্তাৰক্ষীয়ে সেই অঞ্চলটোত তালাচী চলাই থকাৰ মাজতেই সন্ত্ৰাসাবাদীয়ে গুলীচালনা কৰে।

সেই সংঘৰ্ষতে ৩ জন জোৱান গুৰুতৰভাৱে আহত হয় যদিও চিকিৎসাধীন অৱস্থাত তেওঁলোকৰ মৃত্যু হয়। আনহাতে বাকী আহত জোৱানসকলৰ চিকিৎসা চলি আছে।

Also Read: মণিপুৰ হিংসাঃ শুই থকা অৱস্থাত পিতা-পুত্ৰসহ ৩ জনক নৃশংসভাৱে হত্য়া...

Jammu Kashmir