/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-25/g5kbw92e/1560881-25-10-army.avif)
ডিজিটেল ডেস্ক : জম্মু- কাশ্মীৰত পুনৰ সংঘটিত হৈছে সেনা আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষমূলক কাৰ্যকলাপ। ৰাজ্যখনৰ বাৰামুলা এলেকাত সন্ত্ৰাসবাদী আৰু ভাৰতীয় সেনাৰে হোৱা সংঘৰ্ষত দুজন সেনা জোৱানে প্ৰাণ হেৰুৱাবলগীয়া হয়।
ৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ খবৰ অনুসৰি গুলমাৰ্গ সেনা শিবিৰৰ পৰা যাত্ৰা কৰা সেনা জোৱানৰ কনভয়লৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰে সন্ত্ৰাসবাদীৰ দলটোৱে। ইয়াৰ পাছতে সেনা আৰু সন্ত্ৰাসবাদীৰ দলটোৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়।
ফলত দুজন সেনা জোৱানৰ লগতে স্থানীয় দুগৰাকী শ্ৰমিক নিহত হয়। তাৰোপৰি দুগৰাকী জোৱানসহ আন এজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
ইতিমধ্যে আঘাতপ্ৰাপ্ত লোককেইগৰাকীক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে সেনা জোৱানৰ কনভয়ত আছিল মুঠ ১৮ জন সেনা জোৱানসহ কৰ্মী। ইফালে এই ঘটনাৰ পাছতে বিভাগীয় কৰ্তৃপক্ষই তদন্ত অৱ্যাহত ৰখাৰ কথা জানিব পৰা গৈছে।
Also Read: যোৰহাট প্ৰিমিয়াৰ লীগ ক্ৰিকেট আৰম্ভ : উদ্বোধনী খেলত যোৰহাট ফেলকন দলৰ জয়লাভ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us