/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/11/s-joysankar.jpg)
ডিজিটেল ডেস্কঃ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে দেওবাৰে কয় যে, বাংলাদেশে ভাৰতৰ সৈতে কেনেধৰণৰ সম্পৰ্ক বিচাৰে সেই সম্পৰ্কে সিদ্ধান্ত ল’ব লাগিব। তাৰোপৰি তেওঁ নতুন দিল্লীৰ বিৰুদ্ধে অন্তৱৰ্তীকালীন চৰকাৰে দিয়া বক্তব্যক দৃঢ়তাৰে ধিক্কাৰ দিয়ে।
মাস্কাত বাংলাদেশৰ বৈদেশিক মন্ত্ৰী তৌহিদ হোছেইনক সাক্ষাৎ কৰাৰ কিছুদিন পিছতে ভাষণ দি জয়শংকৰে নতুন দিল্লীক লৈ শত্ৰুতাপূৰ্ণ বক্তব্য দিয়াৰ বাবে ঢাকাৰ অন্তৱৰ্তীকালীন চৰকাৰক সমালোচনা কৰে।
তেওঁ কয়, "বাংলাদেশৰ সৈতে আমাৰ ১৯৭১ চনৰ পৰাই এটা দীঘলীয়া বিশেষ ইতিহাস আছে। যোৱা বছৰ দেশখনত যিবোৰ ঘটনা ঘটিছিল সেই ঘটনাৰ পাছত সংখ্যালঘু লোকসকলৰ ওপৰত হোৱা বৰ্ধিত আক্ৰমণে আমাক আমনি কৰিছে।
স্পষ্টভাৱে, ই এনেকুৱা এক কাম যিয়ে আমাৰ চিন্তাধাৰাত প্ৰভাৱ পেলাইছে আৰু আমি ইয়াৰ বিষয়ে মাত মাতিব লাগিব। আৰু আমি সেয়াই কৰিছো।
তেওঁ কয় যে ঢাকাই ভাৰতৰ প্ৰতি থকা স্থিতিৰ ক্ষেত্ৰত দ্বিধাবোধ কৰিব নালাগে। তেওঁ কয়, "যদি প্ৰতিদিনে অন্তৱৰ্তীকালীন চৰকাৰৰ কোনোবাই থিয় হৈ সকলো কামৰ বাবে ভাৰতক দোষাৰোপ কৰে, আৰু সেইবোৰৰ প্ৰতিবেদন আপুনি চায় তেন্তে কিছুমান কথা একেবাৰে হাস্যকৰ। আপুনি এফালে মুকলিকৈ ক'ব নোৱাৰে যে এতিয়া আপোনাৰ সৈতে আমি ভাল সম্পৰ্ক স্থাপন কৰিব বিচাৰো, আকৌ প্ৰতিদিনে পুৱা উঠি সকলো ঘটনাৰ বাবে আপোনাকেই দোষ দিওঁ। এই বিষয়টো তেওঁলোকে এক সিদ্ধান্ত ল'ব লাগিব