/asomiyapratidin/media/media_files/2024/12/11/sQccWlOHpheFCq2BD1Qo.png)
ডিজিটেল ডেস্কঃ ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়ৰ বিৰুদ্ধে সন্মিলিত বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াই উত্থাপন কৰিছে আনাস্থা প্ৰস্তাৱ। ভাৰতীয় সংসদীয় ৰাজনীতিৰ ইতিহাসত প্ৰথমবাৰ বাবে এনে ঘটনা সংঘটিত হৈছে।
ইয়াৰ পূৰ্বে বিৰোধীয়ে ৰাজ্যসভাৰ অধ্যক্ষ তথা উপ-ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে এনে প্ৰস্তাৱ অনাৰ নজিৰ নাই। উল্লেখ্য যে, সংসদত চলি আছে শীতকালীন অধিবেশন।
বুধবাৰে এই শীতকালীন অধিবেশনৰ দ্বাদশ দিন আছিল। যোৱা দিন কেইটাত বিভিন্ন বিষয়ক লৈ সংসদ উত্তাল হৈ থকাৰ দৰেই আজিও এক দেশ, এক নিৰ্বাচনকে ধৰি একাধিক বিষয়ক লৈ সংসদ উত্তাল হয়।
তাৰ মাজতে ইণ্ডিয়াই ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়ৰ বিৰুদ্ধে পক্ষপাতমূলক আচৰণৰ অভিযোগ উত্থাপন কৰি তেওঁৰ বিৰুদ্ধে অনা আনাস্থা প্ৰস্তাৱক লৈয়ো শাসক-বিৰোধীৰ তৰ্ক যুদ্ধত সংসদ উত্তাল হৈ পৰে। পাছত এই বিষয়টোক লৈ ইণ্ডিয়াই এক সংবাদ মেলো সম্বোধন কৰে।
এই সংবাদ মেলত কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেয়ে জগদীপ ধনখড়ক চৰকাৰৰ মুখপাত্ৰ আখ্যা দিছে। তেওঁ কয়, ''ৰাজ্যসভাৰ অধ্যক্ষগৰাকীয়ে সদনত বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দৰে আচৰণ কৰে। তেওঁ কেতিয়াবা নিজকে আৰ এছ এছৰ একলব্য বুলি কয় আকৌ কেতিয়াবা চৰকাৰৰ মুখপাত্ৰৰ দৰে কাম কৰে।''
কংগ্ৰেছ সভাপতিগৰাকীয়ে কয়, ''ৰাজ্যসভাত সৃষ্টি হোৱা ব্যৱধানৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে অধ্যক্ষগৰাকী নিজেই।'' তেওঁ আৰু কয়, ''সদনত অভিজ্ঞ নেতা আছে, সাংবাদিক আছে, লেখক আছে, অধ্যাপক আছে। সদস্য সকলে বিভিন্ন ক্ষেত্ৰত কাম কৰি সদনলৈ আহিছে। সকলোৰে ৪০ বছৰীয়া অভিজ্ঞতা আছে। এনে নেতাৰ সৈতেও অধ্যক্ষগৰাকীয়ে প্ৰধানশিক্ষকৰ দৰে ব্যৱহাৰ কৰে। বাণী শুনাই। বিৰোধীয়ে ৫ মিনিট কথা ক’লে তেওঁ ১০ মিনিট সময় ভাষণ দিয়ে।''
ৰাজ্যসভাৰ বিৰোধী নেতা খাৰ্গেয়ে আৰু কয়, ''অধ্যক্ষ জগদীপ ধনখড়ে তেওঁৰ পৰৱৰ্তী পদোন্নতিৰ বাবে চৰকাৰৰ মুখপাত্ৰ হৈ কাম কৰি আছে। তেওঁৰ আচৰণে দেশৰ গৰিমাক বহু ক্ষতি কৰিছে। আজিলৈকে কোনো উপ-ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে অনুচ্ছেদ ৬৭ ৰ আধাৰত প্ৰস্তাৱ লোৱা হোৱা নাই।কিয়নো সদায়েই তেওঁলোকে নিৰপেক্ষ আৰু ৰাজনীতিৰ পৰা আঁতৰি আছিল। আমি ক’বলৈ বাধ্য হৈছো আজি সদনত নিয়মক বাদ দি ৰাজনীতি বেছি হৈছে।''
খাৰ্গেয়ে আৰু কয়, ''আমি দুঃখিত যে সংবিধান গ্ৰহণৰ ৭৫ সংখ্যক বৰ্ষত উপ-ৰাষ্ট্ৰপতিৰ পক্ষপাতিত্বমূলক আচৰণে আমাক এই প্ৰস্তাৱ ল’বলৈ বাধ্য কৰিছে।"
খাৰ্গেয়ে পুনৰ কয়, "সাধাৰণতে, বিৰোধীয়ে অধ্যক্ষৰ আসনৰ পৰা সুৰক্ষা বিচাৰে। যদি অধ্যক্ষই প্ৰধানমন্ত্ৰী আৰু শাসকীয় দলৰ প্ৰশংসা কৰে, তেন্তে বিৰোধীৰ কথা কোনে শুনিব? তিনি বছৰে ধনখড়ৰ আচৰণ পদ মৰ্যাদাৰ বিপৰীত।''
তেওঁ কয়, "যেতিয়াই বিৰোধীয়ে প্ৰশ্ন কৰে, অধ্যক্ষই নিজেই মন্ত্ৰীসকলৰ সন্মুখত চৰকাৰৰ ঢাল হিচাপে থিয় হয়। তেওঁৰ বিৰুদ্ধে আমাৰ কোনো ব্যক্তিগত শত্ৰুতা, বিদ্বেষ বা ৰাজনৈতিক যুঁজ নাই। আমি দেশৰ নাগৰিকসকলক নম্ৰতাৰে ক'ব বিচাৰো যে আমি সংবিধান আৰু গণতন্ত্ৰ ৰক্ষা ৰখাৰ বাবে বাধ্য হৈ এই পদক্ষেপ গ্ৰহণ কৰিছো।''
উল্লেখ্য, বিৰোধীয়ে মঙলবাৰে ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়ৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰে। বিৰোধীৰ হৈ ৰাজ্যসভাৰ সচিব পিচি মোডীক এই জাননী প্ৰদান কৰা হয়। জাননীখনত বিৰোধীৰ হৈ ৬০ জন সাংসদে স্বাক্ষৰ কৰিছে।
অৱশ্যে, এই জাননীখনত কংগ্ৰেছৰ জ্যেষ্ঠ সাংসদ ছোনিয়া গান্ধীকে ধৰি একাংশ শীৰ্ষ নেতাই স্বাক্ষৰ কৰা নাই। তাৰ মাজতে একাংশ বিৰোধী সাংসদে সংসদৰ বাহিৰত স্বীকাৰ কৰিছে, তেওঁলোকৰ উদ্দেশ্য উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক অপসাৰণ কৰা নহয়। এয়া কেৱল তেওঁৰ পক্ষপাতমূলক আচৰণৰ বিৰুদ্ধে এক প্ৰতিবাদ।