Advertisment

শততম উৎক্ষেপণৰ ইতিহাস ৰচনা কৰিলে ইছৰোৱে...

নতুন বছৰৰ আৰম্ভণিতে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা এক নতুন কৃতিত্বৰ অধিকাৰী হৈছে। সংস্থাটোৱে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশকেন্দ্ৰৰ পৰা শততম উৎক্ষেপণৰ ইতিহাস ৰচনা কৰিলে।  

author-image
Tushar Pratim
New Update
শততম উৎক্ষেপণৰ ইতিহাস ৰচনা কৰিলে ইছৰোৱে...

ডিজিটেল ডেস্কঃ নতুন বছৰৰ আৰম্ভণিতে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা এক নতুন কৃতিত্বৰ অধিকাৰী হৈছে। সংস্থাটোৱে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশকেন্দ্ৰৰ পৰা শততম উৎক্ষেপণৰ ইতিহাস ৰচনা কৰিলে।  

Advertisment

ইছৰোৱে বুধবাৰে পুৱা ৬ বাজি ২৩ মিনিটত কৃত্ৰিম উপগ্ৰহ এন ভি এছ-২-কেক জিএছএলভি এফ-১৫ ৰ ৰকেটৰ জৰিয়তে সফল উৎক্ষেপণ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে, জিঅছিঙ্কোনাছ চেটেলাইট লঞ্চ ভেহিকেল বা জি এছ এল ভি এফ-১৫ হল দেশীয় ক্ৰায়োজেনিক্স প্ৰযুক্তিৰে তৈয়াৰ কৰা এক ত্ৰিস্তৰীয় ৰকেট।

এই ৰকেটৰ মাধ্যমেৰে পৃথিৱীৰ কক্ষপথত স্থাপন কৰা হৈছে এন ভি এছ-০২ কেক। উল্লেখ্য যে, ১৯৭৯ চনৰ ১০ আগষ্টত প্ৰথমবাৰৰ বাবে শ্ৰীহৰিকোটাৰ পৰা প্ৰথম এছ এল ভি-৩ ৰকেট উৎক্ষেপণ কৰিছিল ইছৰোৱে।  

অৱশ্যে এই ৰকেট প্ৰযুক্তিগত কাৰণত মাজ আকাশৰ পৰা ভাঙি পৰিছিল বংগোপসাগৰত। সেই ঘটনাৰ পাছত ৪৬ বছৰ অতিক্ৰম কৰিলে। প্ৰথম উৎক্ষেপণৰ ব্যৰ্থতাৰ পৰা আহৰণ কৰা শিক্ষাৰ পাছত বহু সফল অভিযানৰ নজিৰ গঢ়িলে ইছৰোৱে।

চন্দ্ৰযান, মঙ্গলযান, আদিত্য এল-১ উৎক্ষেপণ, গগণযানৰ প্ৰস্তুতি আৰু বহু অভিযান ইছৰোৰ সাফল্যৰ তালিকাত সন্নিবিষ্ট হল। এনেদৰে ইছৰো এতিয়া শততম অভিযানৰ সাক্ষী হৈ ৰল।

এই অভিযানৰ পূৰ্বে ইছৰোৰ মুৰ্বীব ভি নাৰায়ণনে মঙ্গলবাৰে অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিৰ তিৰুমালা ভেঙ্কেটেশ্বৰ মন্দিৰলৈ গৈ পূজা পূজা আগবঢ়ায়। তেওঁৰ সৈতে যায় আন কেইবাজনো শীৰ্ষ বিষয়া।

ইয়াৰ পাছত বুধবাৰে সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ দ্বিতীয় লঞ্চ পেডৰ পৰা এই উৎক্ষেপণ কৰা হয়। এই এন ভি এছ-০২ চেটেলাইটৰ ওজন প্ৰায় ২২৫০ কেজি। মাত্ৰ ১৯ মিনিটতে এই চেটেলাইটক জিঅছিঙ্কোনাছ ট্ৰান্সফাৰ অৰবিট (জিটিঅ) বা স্থায়ী কক্ষপথত উপনীত কৰিবলৈ সক্ষম হয় জি এছ এল ভি এফ-১৫ ৰকেটে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও একাধিকবাৰে জি এছ এল ভি এফ-১৫ উৎক্ষেপণ কৰিছে ইছৰোৱে। কিন্তু এই ক্ষেত্ৰত সাফলতাতকৈ বিফলতাৰ সংখ্যা বেছি। এনে ১৬ টা উৎক্ষেপণৰ ভিতৰত এই পৰ্যন্ত ৬ টা অভিযানেই ব্যৰ্থ হৈছে। শতকৰা হিচাপত এই সংখ্যা ৩৭ শতাংশ।

 

ইছৰো