Advertisment

মহাকাশৰ পৰা কেনে দেখি মহা কুম্ভ মেলাৰ পৰিবেশ?

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি আছে মহা কুম্ভ মেলা। এই মহা কুম্ভ মেলালৈ দেশ, বিদেশৰ সাধু, সন্যাসীৰ লগতে বিভিন্ন শ্ৰেণীৰ লোকৰ আগমণ ঘটিছে। লাখ লাখ লোকে স্নান কৰিছে ত্ৰিবেণী সংগমত। 

author-image
Asomiya Pratidin
New Update
মহাকাশৰ পৰা কেনে দেখি মহা কুম্ভ মেলাৰ পৰিবেশ?

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি আছে মহা কুম্ভ মেলা। এই মহা কুম্ভ মেলালৈ দেশ, বিদেশৰ সাধু, সন্যাসীৰ লগতে বিভিন্ন শ্ৰেণীৰ লোকৰ আগমণ ঘটিছে। লাখ লাখ লোকে স্নান কৰিছে ত্ৰিবেণী সংগমত। 

Advertisment

৪৫ দিন ধৰি চলিবগীয়া এই মহা কুম্ভ মেলালৈ প্ৰায় ৪০ কোটি ভক্তৰ আগমণ হ’ব বুলি পূৰ্বানুমান কৰা হৈছিল। সেই অনুসৰিয়েই দেখা গৈছে দৈনিক এই মহা কুম্ভ মেলালৈ লাখ লাখ লোকৰ সমাগম ঘটিছে। এনে এক বৃহৎ সমাগম হোৱা অঞ্চলৰ দৃশ্য বাৰু মহাকাশৰ পৰা কেনে হ'ব? 

এই প্ৰশ্নৰ উত্তৰ দিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে। ইছৰোৱে মহা কুম্ভ মেলাৰ কেইখনমান ফটো প্ৰকাশ কৰিছে। ইছৰোৱে তেওঁলোকৰ ছেটেইলাইটৰ জৰিয়তে সংগ্ৰহ কৰা এই মহা কুম্ভ মেলাৰ এই ফটোকেইখনে এতিয়া বিশেষ চৰ্চা লাভ কৰিছে।

মহাকাশৰ পৰা কেনে দেখি মহা কুম্ভ মেলাৰ পৰিবেশ?

ইছৰোৱে প্ৰকাশ কৰা এই  ফটো কেইখনত মহা কুম্ভ মেলাৰ বাবে চলা নিৰ্মাণ কাৰ্য পৰিলক্ষিত হৈছে। ইছৰোৱে মহাকুম্ভৰ দিনৰ লগতে নিশাৰ ভাগৰ ছবি সংগ্ৰহ কৰিবলৈ অত্যাধুনিক অপ্টিকেল উপগ্ৰহ আৰু ৰাডাৰ উপগ্ৰহ ব্যৱহাৰ কৰিছে।

জানিব পৰা মতে মহা কুম্ভ মেলাৰ বিশাল আন্তঃগাঁথনিৰ এই ছবিবোৰ হায়দৰাবাদৰ ৰাষ্ট্ৰীয় ৰিম’ট চেঞ্চিং কেন্দ্ৰৰ পৰা লোৱা হৈছে। ছবিত দেখা গৈছে নদীৰ মাজত পণ্টুন দলংবোৰে কিদৰে সংযোগ স্থাপন কৰিছে।

মহাকাশৰ পৰা কেনে দেখি মহা কুম্ভ মেলাৰ পৰিবেশ?

উল্লেখ্য যে, উত্তৰ প্ৰদেশ চৰকাৰেও মহা কুম্ভ মেলাৰ দুৰ্যোগকে ধৰি সাম্ভাব্য বিপদৰ পৰা ৰক্ষা পাবলৈ উপগ্ৰহৰ সহায় লৈছে। EOS-04 (RISAT-1A) 'C' মাইক্ৰৱেব উপগ্ৰহে এই ফটোসমূহ সংগ্ৰহ কৰিছে। 
উপগ্ৰহটোৰ পৰা সংগ্ৰহ কৰা এই ছবিসমূহত ৬ এপ্ৰিল, ১০ ডিচেম্বৰ ২০২৪ ত মহা কুম্ভৰ বাবে চলাই থকা প্ৰস্তুতিও দেখিবলৈ পোৱা গৈছে। 

মহাকাশৰ পৰা কেনে দেখি মহা কুম্ভ মেলাৰ পৰিবেশ?

মহাকাশৰ পৰা কেনে দেখি মহা কুম্ভ মেলাৰ পৰিবেশ?

মহাকাশৰ পৰা কেনে দেখি মহা কুম্ভ মেলাৰ পৰিবেশ?

এই ছবিসমূহত প্ৰয়াগৰাজৰ টেণ্ট চিটি স্পষ্টভাৱে দেখা পোৱা গৈছে। উল্লেখ্য যে, মহা কুম্ভ অনুষ্ঠিত হোৱা ঠাইখিনিক মহা কুম্ভ নগৰ নামেৰে জিলাহিচাপে ঘোষণা কৰা হৈছে। এই অঞ্চলত ভক্তৰ বাবে ১,৫০,০০০ টেণ্ট নিৰ্মাণ কৰা হৈছে। ইয়াত আছে ৩০০০ ৰান্ধনীঘৰ আৰু ১,৪৫,০০০ শৌচালয় আৰু ৯৯ টা পাৰ্কিং। 

 

ইছৰো উত্তৰ প্ৰদেশ মহা কুম্ভ মেলা