মহাকাশৰ দিশে ইছৰোই নিৰ্মাণ কৰা বিশ্বৰ আটাইতকৈ গধুৰ ৰকেট...

অতি শীঘ্ৰেই তৈয়াৰ হৈ উঠিব চন্দ্ৰযান-৩
মহাকাশৰ দিশে ইছৰোই নিৰ্মাণ কৰা বিশ্বৰ আটাইতকৈ গধুৰ ৰকেট...

ডিজিটেল ডেস্ক : ৩৬ টা কৈ ব্ৰডবেণ্ড ছেটেলাইট কঢ়িয়াই মহাকাশলৈ ৰাওনা হ'ল ইছৰোই নিৰ্মাণ কৰা বিশ্বৰ আটাইতকৈ গধুৰ ৰকেট । অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা প্ৰক্ষেপন কৰা হয় এই ৰকেটটো । ৰবিবাৰে নিশা প্ৰায় ১২.০৭ বজাত ইছৰোৰ তত্বাৱধানত সংযুক্ত যুক্তৰাষ্ট্ৰৰ ৱান ৱেব নামৰ এটি ব্যক্তিগত ছেটেলাইট নিৰ্মাণকাৰী সংস্থাৰ বাবে ৩৬টা ছেটেলাইটৰ সৈতে ৰকেটটোৱে যাত্ৰা কৰে মহাকাশলৈ ।

ৰকেটটোৰ সৈতে আছে ইছৰোৰ আটাইতকৈ গধুৰ বাহন এল এম ভি-৩, যি প্ৰায় ৮০০০ কিলোগ্ৰাম ওজনৰ ছেটেলাইট কঢ়িয়াই নিব পাৰে । ইয়াৰ সৈতেই এল এম ভি-৩ য়ে নিজৰ প্ৰথমটো বাণিজ্যিক যাত্ৰা সম্পূৰ্ণ কৰে । যি ইছৰো তথা সমগ্ৰ ভাৰতৰ বাবে এক যুগান্তকাৰী পদক্ষেপ ।

৪৩.৫ মিটাৰ দৈৰ্ঘ্যৰ এই ৰকেটটোৱে সৰ্বমুঠ ৫,৭৯৬ কিলোগ্ৰাম ওজনৰ ৩৬টা ছেটেলাইট কঢ়িয়াই নিছে যি আগন্তুক এটা মাহৰ ভিতৰত পৃথিৱীৰ নিম্ন কক্ষপথত স্থাপন কৰা হ'ব । অৱশ্যে নিক্ষেপনৰ ১৯ মিনিট পাছতেই এই ছেটেলাইট সমুহ কক্ষপথত মুকলি কৰি দিয়া হৈছিল, অৰ্থাৎ আগন্তুক মাহটোত ছেটেলাইট সমূহ নিজৰ নিজৰ পৰিকল্পিত স্থানত স্থাপন কৰা হ'ব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in