/asomiyapratidin/media/media_files/2025/02/19/v83iI029F4EihtyTuBdU.jpg)
ডিজিটেল ডেস্কঃ মহাকাশ গৱেষণাত আত্মনিৰ্ভৰশীলতাত ভাৰতে আগবাঢ়িল আৰু এঢাপ। ইছৰোৱে শেহতীয়াকৈ ১০ টন ওজনৰ এটা ভাৰ্টিকেল প্লেনেটেৰী মিক্সাৰ বিকাশ কৰাৰ কথা ঘোষণা কৰিছে। ইছৰোৰ এই ভাৰ্টিকেল প্লেনেটৰী মিক্সাৰেই হ’ব বিশ্বৰ আটাইতকৈ ডাঙৰ ভাৰ্টিকেল প্লেনেটেৰী মিক্সাৰ।
ইছৰোৱে প্ৰকাশ কৰা মতে এই ভাৰ্টিকেল প্লেনেটেৰী মিক্সাৰ বেংগালুৰু কেন্দ্ৰীয় উৎপাদন প্ৰযুক্তি প্ৰতিষ্ঠান (চিএমটিআই)ৰ সহযোগত ডিজাইন আৰু নিৰ্মাণ কৰা হৈছে। উল্লেখ্য যে, ভাৰ্টিকেল প্লেনেটেৰী মিক্সাৰ হৈছে ৰকেটৰ কঠিন মটৰ উৎপাদনৰ বাবে অন্যতম সঁজুলি।
ইছৰোৱে প্ৰকাশ কৰা মতে ৰকেটৰ মটৰৰ মেৰুদণ্ড হৈছে Propellants। ইয়াৰ উৎপাদনৰ বিষয়টো অতি সংবেদনশীল আৰু ইয়াক নিখুঁত মিশ্ৰণৰ প্ৰয়োজন হয়। ১০ টন ওজনৰ এই ভাৰ্টিকেল প্লেনেটেৰী মিক্সাৰটোৱেই বিশ্বৰ আটাইতকৈ ডাঙৰ কঠিন Propellants মিশ্ৰন সজুঁলি।
উল্লেখ্য যে, যোৱা ১৩ ফেব্ৰুৱাৰীত বেংগালুৰুৰ চি এম টি আইত ১০ টন ওজনৰ এই মিক্সাৰ আনুষ্ঠানিকভাৱে ইছৰোলৈ হস্তান্তৰ কৰা হয়। শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ সঞ্চালকে ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণৰ উপস্থিতিত এই চি এম টি আইৰ পৰিচালকৰ পৰা ইয়াক গ্ৰহণ কৰে। আশা কৰা হৈছে মহাকাশ গৱেষণাৰ ক্ষেত্ৰত ভাৰতৰ ৰকেট উৰণৰ সামৰ্থ্যক আগুৱাই নিয়াৰ ক্ষেত্ৰত এই নতুন ভাৰ্টিকেল প্লেনেটেৰী মিক্সাৰে দৃগুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
ইছৰোৱে এই সন্দৰ্ভত কয়, ভাৰত চৰকাৰে মহাকাশত আত্মনিৰ্ভৰশীলতাৰ অংশ হিচাপে জটিল প্ৰযুক্তি, সামগ্ৰী আৰু যন্ত্ৰপাতিৰ থলুৱা বিকাশৰ দিশত একাধিক পদক্ষেপ গ্ৰহণ কৰিছে। থলুৱা ১০ টন ভাৰ্টিকেল প্লেনেটেৰী মিক্সাৰৰ বাস্তৱায়ন ভাৰতৰ ক্ৰমবৰ্ধমান প্ৰযুক্তিগত দক্ষতা, আত্মনিৰ্ভৰশীলতা আৰু উদ্ভাৱনৰ অটল দায়বদ্ধতাৰ প্ৰকৃত প্ৰমাণ।