/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/40e45f21-c02f-45bb-8b7c-9bd906a12e7d/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল ডেস্কঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ এছ সোমনাথে কিমান দৰমহা পাই তাকলৈ এতিয়া সামাজিক মাধ্যমত বলিছে গৰম বতাহ। শেহতীয়াভাবে ভাৰতবৰ্ষৰ লগতে সমগ্ৰ বিশ্বতে চৰ্চিত হৈ পৰা এজন ব্যক্তি হৈছে এছ সোমনাথ। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ এছ সোমনাথে কামৰ জৰিয়তে নিজকে পৰিচিত কৰিলে বিশ্ববাসীৰ আগত। চন্দ্ৰযানৰ পৰা আদিত্য এল-১ লৈ মানুহজনৰ অৱদান বিশ্ববাসীৰে জ্ঞাত। পিছে ইছৰোৰ এইগৰাকী অধ্যক্ষই কিমান দৰমহা পাই সেয়া জানিবলৈ ইচ্ছুক হৈ পৰা একাংশৰ মাজত এতিয়া সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ।
উল্লেখ্য যে, আৰ পি জি গ্ৰুপ নামৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ অধ্যক্ষ হৰ্ষ গোয়েঙ্কাই প্ৰায়ে সামাজিক মাধ্যমত তেওঁৰ অনুৰাগীসকলক মনোৰঞ্জন দিয়াৰ বাবে অনুপ্ৰেৰণামূলক প'ষ্ট শ্বেয়াৰ কৰে। সমান্তৰালভাবে তেওঁৰ কৌতুকপূৰ্ণ তথা হাস্যকৰ টুইটেও যথেষ্ট আকৰ্ষণ লাভ কৰে। উদ্যোগপতিজনে অনুৰাগীসকলক মনোৰঞ্জন দিবলৈ গৈ এইবাৰ এছ সোমনাথৰ দৰমহাৰ বিষয়ে আলোচনা কৰে। টুইটযোগে প্ৰকাশ কৰা উক্ত প'ষ্টে এতিয়া সামাজিক মাধ্যমত সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ।
https://x.com/hvgoenka/status/1701145013684732060?s=20
প'ষ্টত গোয়েঙ্কাই প্ৰকাশ কৰা অনুসৰি এছ সোমনাথে মাহিলী দৰমহা পাই ২.৫ লাখ টকা। এই কথা প্ৰকাশ কৰাৰ সমান্তৰালভাবে তেওঁ এয়া উচিত দৰমহা হয় নে বুলিও প্ৰশ্ন কৰে। তেওঁৰ প্ৰশ্নৰ পাছতেই সামাজিক মাধ্যমত সৃষ্টি হয় ব্যাপক প্ৰতিক্ৰিয়াৰ।
Also Read: উত্তৰ আফ্ৰিকাত মহাপ্ৰলয় ! ধ্বংসস্তূপৰ মাজত দহ সহস্ৰাধিক লোক...