/asomiyapratidin/media/media_files/2025/01/17/AOJWMqVH3clhxgIbA3GQ.jpg)
ডিজিটেল ডেস্কঃ ভাৰতত আইফোনৰ জনপ্ৰিয়তাই প্ৰতিষ্ঠানটোক অধিক লাভাম্বিত কৰিছে। ভাৰতত আইফোনৰ বৰ্ধিত জনপ্ৰিয়তাৰ বাবেই প্ৰথমবাৰৰ বাবে স্মাৰ্টফোনৰ বজাৰত বিক্ৰীৰ ক্ষেত্ৰত আইফোনো শীৰ্ষ ৫ টা ব্ৰেণ্ডৰ মাজত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
যোৱা অক্টোবৰ-ডিচেম্বৰত ভাৰতৰ স্মাৰ্টফোনৰ বজাৰখনৰ ১০ শতাংশ শ্বেয়াৰ অৰ্জন কৰিছে এপলে। এই সফলতা ভাৰতৰ বজাৰত এপেলৰ জনপ্ৰিয়তা বৃদ্ধিৰ এক শক্তিশালী ইংগিত। এয়া সম্ভৱ হৈছে প্ৰিমিয়াম সামগ্ৰীৰ প্ৰতি গ্ৰাহকৰ আগ্ৰহ আৰু ঋণগ্ৰহণৰ সুবিধা দিয়াৰ আঁচনিৰ বাবে।
পূৰ্বৰ মডেলসমূহৰ ওপৰত শক্তিশালী 'ডিছকাউণ্ট'ৰ বাবেও আইফোনৰ চাহিদা যথেষ্ট বৃদ্ধি হৈছে। যোৱা বছৰ এনে কাৰণৰ বাবেই এপলৰ শ্বিপমেণ্ট ডাৱল ডিজিটলৈ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছিল।
কণ্টেৰপইণ্ট ইণ্ডিয়াৰ গৱেষণা সঞ্চালক তৰণ পাঠকে এই সন্দৰ্ভত কয়, ''ভাৰতৰ যুৱক-যুৱতীৰ মাজত উচ্চাকাংক্ষা বৃদ্ধিৰ লগতে দ্বিতীয় স্তৰৰ চহৰৰ বাহিৰৰ এলেকাসমূহত এপল প্ৰথম পচন্দ হৈ পৰিছে। ভাৰতীয়সকলৰ বাবে আইফোন কেৱল এক স্মাৰ্টফোন হৈ থকা নাই। ই জীৱনশৈলীৰ এক প্ৰতীক হৈ পৰিছে।''
বিশ্লেষকসকলৰ মতে উচ্চ আৰু মধ্যবিত্ত শ্ৰেণী, বিশেষকৈ যুৱ প্ৰজন্মই আইফোনৰ বৰ্ধিত ক্ৰয় প্ৰৱণতাৰ মুখ্য চালক। আই ডি চি অনুসৰি জুলাই-ছেপ্টেম্বৰ ত্ৰৈমাসিকত এপলৰ বজাৰ শ্বেয়াৰ আছিল ৮.৬ শতাংশ। যত শ্বিপমেণ্ট ৫৮.৫ শতাংশ বৃদ্ধি পাইছে।
গোটেই বছৰ ধৰি এপলে ১২ মিলিয়নৰো অধিক আইফোন ভাৰতীয় বজাৰলৈ সৰবৰাহ কৰিছে।তৰণ পাঠকে আৰু কয়, "এপলৰ কৌশলগত দৃষ্টিভংগী বিশ্লেষণ কৰি, আমি এক ত্ৰিমাত্ৰিক () ৰণনীতি দেখিছোঁ। এই ত্ৰিমাত্ৰিক ৰণনীতি দেশত ঘৰুৱা উৎপাদন, বিতৰণ আৰু প্ৰিমিয়াম সামগ্ৰীৰ মূল বিষয়ৰ ওপৰত কেন্দ্ৰিত। এই বহুমুখী ৰণনীতিয়ে বজাৰত আগবাঢ়ি থকা আৰু গ্ৰাহকৰ পৰিৱৰ্তনশীল প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰিছে।"
ছেপ্টেম্বৰত, এপলে ইয়াৰ নতুন আইফোন- মুকলি কৰিছে। এই নতুন মডেলে আইফোন বিক্ৰীৰ গতি অধিক বৃদ্ধি কৰিছে। দিল্লী আৰু মুম্বাইত কোম্পানীৰ ফ্লেগশ্বিপ ৰিটেইল দোকানসমূহে আইফোনৰ চাহিদা পূৰণ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
এপলৰ মুখ্য কাৰ্যবাহী বিষয়া টিম কুকে শেহতীয়াকৈ কৈছিল যে, "আমি ভাৰতীয় গ্ৰাহকসকললৈ আৰু চাৰিখন নতুন দোকান অনাৰ বাবে উৎসাহিত।"