বিমান যাত্ৰীৰ বাব ডাঙৰ নিৰ্দেশনাঃ ৩ ঘণ্টাৰ পূৰ্বেই উপস্থিত হ'ব লাগিব বিমান বন্দৰত

দেশৰ যুদ্ধ সদৃশ পৰিস্থিতিৰ মাজতে ভাৰতীয় বিমান সংস্থাসমূহে যাত্ৰীসকলৰ বাবে নতুনকৈ ভ্ৰমণ পৰামৰ্শ জাৰি কৰিছে। ৩ ঘণ্টাৰ পূৰ্বেই বিমান বন্দৰত উপস্থিত হ'ব লাগিব যাত্ৰী।

author-image
Tushar Pratim
New Update
বিমান যাত্ৰীৰ বাব ডাঙৰ নিৰ্দেশনাঃ ৩ ঘণ্টাৰ পূৰ্বেই উপস্থিত হ'ব লাগিব বিমান বন্দৰত

ডিজিটেল ডেস্কঃ ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ সদৃশ পৰিস্থিতিৰ মাজতে ভাৰতীয় বিমান সংস্থাসমূহে যাত্ৰীসকলৰ বাবে নতুনকৈ ভ্ৰমণ পৰামৰ্শ জাৰি কৰিছে। সেই অনুসৰি সমগ্ৰ দেশৰ বিমানবন্দৰসমূহত উচ্চ নিৰাপত্তা প্ৰট’কলৰ বাবে যাত্ৰীসকলক অতিৰিক্ত সময় দিবলৈ আহ্বান জনাইছে।

Advertisment

বৃহস্পতিবাৰে ব্যুৰো অৱ চিভিল এভিয়েশন ছিকিউৰিটিয়ে সমগ্ৰ দেশৰ সকলো বিমান সংস্থা আৰু বিমানবন্দৰক নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে।সংবাদ সংস্থা এ এন আয়ে প্ৰকাশ কৰা মতে বিমানবন্দৰসমূহৰ সকলো যাত্ৰীয়ে ছেকেণ্ডাৰী লেডাৰ পইণ্ট চেক (এছ এল পি চি) কৰা হ’ব। তাৰোপৰি টাৰ্মিনেল বিল্ডিঙত দৰ্শনাৰ্থীৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। নিয়োগ কৰা হ’ব এয়াৰ মাৰ্শ্বাল। 

ইণ্ডিগ’ই জনোৱা মতে, ২০২৫ চনৰ ৮ মে’ বা তাৰ পূৰ্বেই ২২ মে’লৈকে শ্ৰীনগৰ, জম্মু, অমৃতসৰ, লেহ, চণ্ডীগড়, ধৰ্মশালা, বিকানেৰ, যোধপুৰ, কিশনগড়, আৰু ৰাজকোটলৈ অহা-যোৱা কৰাৰ বাবে যিসকলে টিকট কৰিছিল তেওঁলোকৰ টিকট বাতিল কৰা পৰিবৰ্তনৰ মাচুল ৰেহাই দিয়া হ’ব। 

ইণ্ডিগ’ই টুইট কৰি যাত্ৰীসকলৰ প্ৰতি আহ্বান জনাই কৈছে, সকলো বিমানবন্দৰতে উচ্চ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে যাত্ৰীসকলক অনুৰোধ কৰিছে নিৰাপত্তা পৰীক্ষা আৰু আনুষ্ঠানিকতাৰ বাবে যাত্ৰাৰ বাবে কিছু অতিৰিক্ত সময় লৈ আহক। বিমান সেৱা প্ৰতিষ্ঠানটোৱে সকলো যাত্ৰীৰ সৈতে বুজাবুজি সহযোগিতাৰো শলাগ লৈছে।

এয়াৰ ইণ্ডিয়াই বৃহস্পতিবাৰে এক্সৰ জৰিয়তে যাত্ৰীসকলক উদ্দেশ্যি কৈছে, বিমানবন্দৰত বৰ্ধিত ব্যৱস্থাৰ ওপৰত ব্যুৰো অৱ চিভিল এভিয়েশন ছিকিউৰিটিৰ নিৰ্দেশৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ভাৰতবৰ্ষৰ যাত্ৰীসকলক নিৰ্ধাৰিত যাত্ৰাৰ কমেও তিনি ঘণ্টা পূৰ্বে নিজ নিজ বিমানবন্দৰত উপস্থিত হ’বলৈ পৰামৰ্শ দিয়া হৈছে যাতে মসৃণ চেক-ইন আৰু বৰ্ডিং নিশ্চিত হয়। 

আকাছা এয়াৰে ট্ৰেভেল এডভাইজাৰী জাৰি কৰি টুইট কৰি কয়, ‘‘সমগ্ৰ ভাৰতৰ সকলো বিমানবন্দৰত বৰ্ধিত নিৰাপত্তা ব্যৱস্থাৰ বাবে আমি আপোনালোকক অনুৰোধ জনাইছো যাত্ৰাৰ কমেও ৩ ঘণ্টা আগতে বিমানবন্দৰত উপস্থিত হওক, যাতে নিৰৱচ্ছিন্ন চেক-ইন আৰু বৰ্ডিং অভিজ্ঞতা নিশ্চিত হয়। 
স্পাইচজেটেও টুইট কৰি কয়, “সকলো বিমানবন্দৰতে যাত্ৰীসকলক অতি কমেও ৩ ঘণ্টা পূৰ্বেই আহি উপস্থিত হ’বলৈ আহ্বান জনাইছে যাতে চেক-ইন আৰু বৰ্ডিং প্ৰক্ৰিয়া মসৃণ হয়।” স্পাইচজেটে লগতে কৈছে যাত্ৰাৰ ৭৫ মিনিট পূৰ্বে চেক-ইন বন্ধ হ’ব। 

 

যুদ্ধ বিমান পৰিবহন বিমান সেৱা