Advertisment

কূটনৈতিক টোকাক গুৰুত্ব নিদিলে ভাৰতেঃ ৰাজনৈতিক আশ্ৰয়তে থাকিব হাছিনা !

৫ আগষ্টত বাংলাদেশত হোৱা ছাত্ৰ বিপ্লৱৰ মাজতে দেশ এৰি পলায়ন কৰিছিল তদানীন্তন প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই। প্ৰথমে আহি হাছিনাই গাজিয়াবাদৰ হিন্দন এয়াৰবেছত আশ্ৰয় গ্ৰহণ কৰিছিল যদিও পৰৱৰ্তী সময়ত তেওঁ তাৰ পৰা দিল্লীলৈ গৈ এক অজ্ঞাত স্থানত আশ্ৰয় গ্ৰহণ কৰি আছে। 

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
কূটনৈতিক টোকাক গুৰুত্ব নিদিলে ভাৰতেঃ ৰাজনৈতিক আশ্ৰয়তে থাকিব হাছিনা !

ডিজিটেল ডেস্কঃ যোৱা ৫ আগষ্টত বাংলাদেশত হোৱা ছাত্ৰ বিপ্লৱৰ মাজতে দেশ এৰি পলায়ন কৰিছিল তদানীন্তন প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই। প্ৰথমে আহি হাছিনাই গাজিয়াবাদৰ হিন্দন এয়াৰবেছত আশ্ৰয় গ্ৰহণ কৰিছিল যদিও পৰৱৰ্তী সময়ত তেওঁ তাৰ পৰা দিল্লীলৈ গৈ এক অজ্ঞাত স্থানত আশ্ৰয় গ্ৰহণ কৰি আছে। 

Advertisment

ইফালে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে শ্বেইখ হাছিনাক গতাই দিবলৈ ভাৰত চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে। দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰে যোৱা সময়ছোৱাত আৱামী লীগৰ অন্যান্য নেতাক কাৰাগাৰলৈ নিক্ষেপ কৰাৰ সমান্তৰালকৈ আৱমী লীগৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰা উচ্চ পদস্থ বিষয়াসকলৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিছে।

শেহতীয়াকৈ অন্তৱৰ্তীকালীন চৰকাৰে বাংলাদেশৰ সাধাৰণ নিৰ্বাচনতকৈ শ্বেইখ হাছিনাৰ প্ৰত্যাৰ্পণ আৰু হাছিনাৰ বিৰুদ্ধে গোচৰ চলোৱাৰ ওপৰতহে অধিক গুৰুত্ব প্ৰদান কৰিছে। সেয়ে হাছিনাক স্বদেশলৈ ঘূৰাই নিব বিচাৰিছে মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰে।

যোৱা সপ্তাহত বাংলাদেশে ভাৰত চৰকাৰলৈ এক কূটনৈতিক টোকা প্ৰেৰণ কৰিছিল। ইয়াৰ জৰিয়তে তেওঁলোকে হাছিনাক ঘূৰাই বিচাৰিছিল। কিন্তু এই পৰ্যন্ত ভাৰত চৰকাৰে এই টোকাৰ কোনো উত্তৰ প্ৰদান কৰা নাই।

চৰকাৰী সূত্ৰত প্ৰকাশিত খবৰ মতে ভাৰত চৰকাৰে শ্বেইখ হাছিনাক স্বদেশলৈ প্ৰেৰণ কৰাৰ ক্ষেত্ৰত কোনো পৰিকল্পনা হাতত লোৱা নাই। তাৰোপৰি বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে চাপ সৃষ্টি কৰিলেও তেনে কোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা নাই।

উল্লেখ্য যে, শ্বেইখ হাছিনাক স্বদেশলৈ ঘূৰাই নিয়াৰ ক্ষেত্ৰত বাংলাদেশ চৰকাৰ কূটনৈতিক টোকা প্ৰেৰণ কৰাৰ বাহিৰে আন কোনো বিকল্প নাই। কিয়নো ভাৰত আৰু বাংলাদেশৰ মাজত যি প্ৰত্যাৰ্পণ চুক্তি আছে সেই চুক্তিত ৰাজনৈতিৰ নেতাৰ প্ৰত্যাৰ্পণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ নাই।

ভূ-ৰাজনৈতিক কাৰণত ভাৰতে নিজাববীয়াকৈ তেনে কোনো সিদ্ধান্ত লোৱাৰো সম্ভাৱনা নাই। পৰিস্থিতিৰ পৰিবৰ্তন হ’লে শ্বেইখ হাছিনা পুনৰ ক্ষমতালৈ অহাৰ সম্ভাৱনাকো নুই কৰিব নোৱাৰি। তেনে পৰিস্থিতিত সেয়া হ’ব ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ। এনে কৌশলগত কাৰণতে ভাৰতে হাছিনাক স্বদেশলৈ প্ৰেৰণ কৰাৰ কোনো সিদ্ধান্ত য়ে সহজতে নলয় সেয়া স্পষ্ট বুলি জানিব পৰা গৈছে।

বাংলদেশৰ চৰকাৰে ভাৰত চৰকাৰৰ ওপৰত চাপ বৃদ্ধি কৰিবলৈ কেৱল কূটনৈতিক টোকাহে প্ৰেৰণ কৰিব পাৰে। তাৰ বাহিৰে আন কোনো পথৰ সন্ধান এতিয়ালৈকে কৰিব পৰা নাই। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে ভাৰতে শ্বেইখ হাছিনাৰ গুৰুত্ব বুজি পায়।

খালেদা জিঞাৰ বি এন পি ক্ষমতাত থকাৰ সময়ত বাংলাদেশ হৈ পৰিছিল উগ্ৰপন্থীৰ মুকলি চৰনীয়া পথাৰ সদৃশ। হাছিনাৰ ১৫ বছৰীয়া কাৰ্যকালত বাংলাদেশত উগ্ৰপন্থীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছিল। আৱামী লীগ ক্ষমতালৈ অহাৰ পাছতে বাংলাদেশত থিতাপি লোৱা ভাৰতৰ নিষিদ্ধ ঘোষিত সংগঠনসমূহো তাৰ পৰা উৎখাট কৰা হৈছিল।

সীমান্ত সম্পৰ্কীয় সমস্যাবোৰ শান্তিপূৰ্ণভাৱে সমাধান কৰা হৈছিল। দুয়ো দেশৰ মাজত যোগাযোগ, বাণিজ্য আদিৰ সম্পৰ্ক যথেষ্ট উন্নত হৈছিল। সেয়ে ভাৰত চৰকাৰে হাছিনাৰ প্ৰত্যাৰ্পণৰ ক্ষেত্ৰত কোনো তাৎক্ষণিক সিদ্ধান্ত গ্ৰহণ কৰে। পৰিৱৰ্তিত পৰিস্থিতিৰ ওপৰত পৰ্যবেক্ষণ ৰাখিব ভাৰত চৰকাৰে। 

 

শ্বেইখ হাছিনা বাংলাদেশ