/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-10/vgwq65wo/AP-FOR-WEB1.jpg)
ডিজিটেল ডেস্ক : দেশৰ উদ্যোগক্ষেত্ৰত আশাপ্ৰদ সঁহাৰি লাভ কৰিছে ইস্পাত নিৰ্মাতা প্ৰতিষ্ঠানসমূহে। আমদানিৰ তুলনাত বৃদ্ধি পাইছে ৰপ্তানিৰ হাৰ। চলিত বৰ্ষৰ অক্টোবৰ মাহত ইস্পাত মন্ত্ৰালয়ে চলোৱা এক সমীক্ষাৰ প্ৰতিবেদনত এই কথা উল্লেখ কৰিছে।
প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি ভাৰতীয় উদ্যোগখণ্ডত অক্টোবৰ মাহত ইস্পাত ৰপ্তানি ১১ শতাংশ বৃদ্ধি পাইছে। ইয়াৰ আগৰ দিনবোৰৰ তুলনাত ৰপ্তানিৰ সন্তোষজনক হাৰে অনাগত দিনবোৰত আৰু অধিক সঁহাৰি লাভ কৰিব বুলি আশা কৰা হৈছে।
ইস্পাত ৰপ্তানিৰ বৃদ্ধিৰ হাৰে অনাগত দিনত আমদানিৰ হাৰ হ্ৰাস কৰিব বুলিও মন্ত্ৰালয়ে প্ৰস্তুত কৰা প্ৰতিবেদনত উল্লেখ কৰে। উল্লেখ্য যে চলিত বৰ্ষৰ জানুৱাৰী মাহত প্ৰথমবাৰৰ বাবে হ্ৰাস পাইছিল আমদানিৰ হাৰ। কিন্তু ইয়াৰ পাছৰ সময়ছোৱাত ইস্পাত নিৰ্মাতা প্ৰতিষ্ঠানসমূহে এনেধৰণ সঁহাৰি লাভ কৰা নাছিল।
অক্টোবৰ মাহৰ এই ১১ শতংশ বৃদ্ধিয়েই হৈছে এতিয়ালৈকে হোৱা সৰ্বাধিক বৃদ্ধিৰ হাৰ। এই হাৰ আৰু অধিক কৰাৰ ক্ষেত্ৰত অনাগত সময়ত ইস্পাত মন্ত্ৰালয়ে সঠিক পৰিকাঠামো প্ৰস্তুত কৰিব বুলি উল্লেখ কৰে। মন্ত্ৰালয়ে ইতিমধ্যে ৰপ্তানিৰ বৃদ্ধিৰ হাৰ ১৩ শতাংশ কৰাৰ বাবে পণ লৈছে।
প্ৰতিবেদনত এই কথাও উল্লেখ কৰে যে চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা অক্টোবৰ মাহৰ এই সময়ছোৱা ভাৰত আছিল ইস্পাতৰ আমদানিকৰ্তা। এই আমদানিৰ হাৰ বৃদ্ধি হৈ ৪০ শতাংশ পাইছিল । কিন্তু এতিয়া এই হাৰ দ্ৰুতগতিত হ্ৰাস পাইছে। যিটো উদ্যোগক্ষেত্ৰৰ বাবে আশাব্যঞ্জন সঁহাৰি।
ইয়াৰ কাৰণ হৈছে ভাৰতে মানদণ্ড নিয়ন্ত্ৰণ আৰু অ-বিআইএছ প্ৰদানৰ ওপৰত কিছু মানদণ্ড আৰোপ কৰাৰ বাবে আমদানি হ্ৰাস পাইছে। তদুপৰি, চীনা উদ্দীপনা ঘোষণা কৰাৰ লগে লগে, ভাৰতত ষ্টীলৰ বাণিজ্য মূল্যই কিছু সমস্যাৰ সন্মুখীন হৈছিল।
অৱশ্যে অক্টোবৰ মাহত এই সমস্যাৰ পৰা পৰিত্ৰাণ লাভ কৰি পূৰ্বৰ গৰিমা অক্ষুন্ন ৰাখিবলৈ সক্ষম হৈছে ইস্পাত প্ৰতিষ্ঠানসমূহ। ইয়াৰ দ্বাৰা প্ৰতিষ্ঠানসমূহে ইতিমধ্যে লাভৰ মুখ দেখা পাইছে বুলি মন্ত্ৰালয়ে প্ৰতিবেদনখনত উল্লেখ কৰে।
এইখিনিতে উল্লেখ কৰিব পাৰি যে অক্টোবৰত প্ৰতি টন ইস্পাতৰ দৰ আছিল প্ৰায় ৪৮,০০০ টকা। এতিয়া এই দৰ বৃদ্ধি হৈ নৱেম্বৰত ইয়াৰ মূল্য হৈছে- প্ৰতি টনত ৪৮,৫০০ টকাৰ পৰা ৪৯,০০০ টকা পৰ্যন্ত। গড় মূল্যৰ দিশৰে নিৰ্ধাৰণ কৰিবলৈ গ’লে প্ৰতি টন ইস্পাতৰ মূল্য ৫০,৫০০ টকা।
ইতিমধ্যে এই আশাব্যঞ্জক সঁহাৰিয়ে চুই গৈছে দেশৰ আগশাৰীৰ ইস্পাত নিৰ্মাতা প্ৰতিষ্ঠান জে এছ ডব্লিঅ’, টাটা ষ্টীল আদিৰ দৰে প্ৰতিষ্ঠানক। গ্ৰাহকৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰাৰ উপৰি খুচুৰা ব্যৱসায়তো লাভৰ মুখ দেখা বুলি জে এছ ডব্লিঅ’ৰ এগৰাকী শীৰ্ষ বিষয়ববীয়াই মন্তব্য কৰে। প্ৰসংগক্ৰমে ইয়াকো উল্লেখ কৰে যে বিগত জুলাই মাহত একেবাৰে লোকচানৰ সন্মুখীন হৈছিল উভয় প্ৰতিষ্ঠান।