ভাৰতত সামাজিক সুৰক্ষা ৪৯ শতাংশলৈ বৃদ্ধিঃ IOL ৰ মুৰব্বীৰ দাবী...

আন্তৰ্জাতিক মজদুৰ সংস্থাৰ (ILO) মুখ্য কাৰ্যনির্বাহক গিলবৰ্ট হোঙবোৱে সোমবাৰে উল্লেখ কৰিছে যে বাৰতৰ জনসংখ্যাৰ ২৪ শতাংশৰ পৰা ৪৯ শতাংশ পৰ্যন্ত লোকে সামাজিক সুৰক্ষা লাভ কৰিছে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ভাৰতত সামাজিক সুৰক্ষা ৪৯ শতাংশলৈ বৃদ্ধিঃ IOL ৰ মুৰব্বীৰ দাবী...

ডিজিটেল ডেস্কঃ সামাজিক সুৰক্ষা ক্ষেত্ৰত ভাৰতে বৰ্তমান সময়ত এক উল্লেখযোগ্য সফলতা লাভ কৰিছে। আন্তৰ্জাতিক মজদুৰ সংস্থাৰ (ILO) মুখ্য কাৰ্যনির্বাহক গিলবৰ্ট হোঙবোৱে সোমবাৰে উল্লেখ কৰিছে যে বাৰতৰ জনসংখ্যাৰ ২৪ শতাংশৰ পৰা ৪৯ শতাংশ পৰ্যন্ত লোকে সামাজিক সুৰক্ষা লাভ কৰিছে। 

ইয়াক তেওঁ এক অত্যন্ত অসাধাৰণ সাফল্য হিচাপে অভিহিত কৰিছে আৰু ভাৰত আৰু ILOৰ মাজৰ দৃঢ় অংশীদাৰিত্ব আৰু চৰকাৰৰ চূড়ান্ত পদক্ষেপৰ ফলস্বৰূপে এই সাফল্য অর্জন কৰিবছে বুলি তেওঁ উল্লেখ কৰিছে।

ILO ৰ ৱৰ্ল্ড ছচিয়েল প্ৰটেকশ্যন ৰিপ’ৰ্ট ২০২৪-২৬ অনুসৰি, ভাৰতৰ জনসংখ্যাৰ এক উল্লেখযোগ্য অংশই সামাজিক সুৰক্ষা লাভ কৰিছে। ২০২১ চনত ২৪.৪ শতাংশৰ ৰ পৰা ২০২৪ চনত এই অনুপাত ৪৮.৮ শতাংশলৈ বৃদ্ধি হৈছে।

ভাৰতৰ শ্ৰমমন্ত্ৰী মনসুখ মাণ্ডব্যই এই বৈঠকত উল্লেখ কৰিছে যে, বিগত দশকত সামাজিক সুৰক্ষা প্ৰদান আৰু নিৰ্মাণৰ ক্ষেত্ৰত নানা ভাৰতে বহু সংস্কাৰ কৰিছে। তেওঁ "e-Shram" প'ৰ্টেলৰ বিষয়ে উল্লেখ কৰিছে। 

এই "e-Shram" প’ৰ্টেলৰ জৰিয়তে ৩০০ মিলিয়ন অসংগঠিত শ্ৰমিকে কৰ্মী নিজৰ নাম পঞ্জীয়ন কৰিছে আৰু এই ব্যৱস্থাৰ মাধ্যমেৰে তেওঁলোকক সামাজিক সুৰক্ষা প্ৰদানৰ ব্যৱস্থা শক্তিশালী কৰা হৈছে। তাৰোপৰি  মাণ্ডব্যই "e-Shram" মোবাইল এপ্ আৰম্ভ কৰাৰ কথাও কয়। তেওঁ কয় এই মোবাইল এপৰ উদ্দেশ্য হৈছে কৰ্মীসকলৰ বাবে অধিক সুবিধা আৰু সৰলতা প্ৰদান কৰা।

মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰিছে যে ভাৰতৰ ৬৫ শতাংশ জনতাই ৩৫ বছৰৰ তলৰ হোৱাৰ বাবে দক্ষতা বিকাশক দেশৰ জাতীয় অগ্ৰাধিকাৰ হিচাপে ৰখা হৈছে। তেওঁ এই সময়ত লগতে প্ৰকাশ কৰে যে, ২০১৩ চনত ৩৩.৯৫ শতাংশৰ পৰা ২০২৪ চনত ৫৪.৮১ শতাংশ পৰ্যন্ত ভাৰতীয় স্নাতক ডিগ্ৰীধাৰীসকলৰ কৰ্মসংস্থাপন মাত্ৰা বৃদ্ধি হৈছে।

শ্ৰম বিভাগ