ডিজিটেল ডেস্কঃ ২০২৪ ৰ নৱেম্বৰ পৰ্যন্ত ভাৰতৰ নৱীকৰণযোগ্য শক্তি খণ্ডত উল্লেখযোগ্য উত্তৰণ ঘটিছে। ভাৰতৰ নৱীকৰণযোগ্য শক্তিৰ লক্ষ্য পূৰণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পঞ্চমৃত ঘোষণাৰ পাছতেই এই উত্তৰণ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।
শক্তি মন্ত্ৰণালয়ৰ তথ্য অনুসৰি ২০২৪ ৰ নৱেম্বৰ পৰ্যন্ত ভাৰতৰ মুঠ অ-প্ৰতিশ্ৰুতিশীল শক্তিৰ স্থাপনক্ষমতা ২১৩.৭০ গিগাৱাট (GW)ত উপনীত হৈছে। বিগত বছৰৰ তুলনাত এই সংখ্যা ১৪.২ শতাংশ অধিক।
একে সময়তে স্থাপনক্ষমতা আৰু পাইপলাইন প্ৰকল্পসহ মুঠ অ-প্ৰতিশ্ৰুতিশীল ক্ষমতা ৪৭২.৯০ গিগাৱাটত উপনীত হৈছে। বিগত বছৰৰ তুলনাত এয়া ২৮.৫ শতাংশ বৃদ্ধি হৈছে।
২০২৪ চনৰ প্ৰথম ৮ মাহত ১৪.৯৪ গিগাৱাট নতুন নৱীকৰণযোগ্য শক্তি ক্ষমতা যোগ হৈছে। যোৱা বছৰৰ এই একেসময়তকৈ এই সংখ্যা আছিল ৭.৫৪ । তথ্য অনুসৰি নৱেম্বৰ মাহত ২.৩ গিগাৱাট নতুন ক্ষমতা যোগ হৈছে। যোৱা বছৰৰ ৫৬৬.০৬ মেগাৱাটৰ তুলনাত চাৰিগুণ বৃদ্ধি পাইছে।
সৌৰ শক্তিৰ উল্লেখযোগ্য বৃদ্ধি
এই সময়ছোৱাত দেশত সৌৰ শক্তি খণ্ডতো ব্যাপক উন্নতি হৈছে। ২০২৩ চনৰ ভাৰতৰ সৌৰ শক্তিৰ স্থাপন ক্ষমতা আছিল ৭২.৩১ গিগাৱাট। ২০২৪ ত এই সংখ্যা ৩০.২ শতাংশ বৃদ্ধি হৈছেগৈ ৯৪.১৭ গিগাৱাট।
পাইপলাই প্ৰকল্পসহ মুঠ সৌৰ শক্তি ক্ষমতা ৫২.৭ শতাংশ বৃদ্ধি পাই হৈছেগৈ ২৬১.১৫ গিগাৱট। ২০২৩ চনত এই সংখ্যা আছিল ১৭১.১০ গিগাৱট।
বায়ু শক্তি খণ্ডতো উল্লেখনীয় উত্তৰণ
বায়ু শক্তি খণ্ডতো যোৱা সময়ছোৱাত উল্লেখনীয় উত্তৰণ দেখা পোৱা গৈছে। ২০২৩ চনত বায়ু শক্তিৰ স্থাপনক্ষমতা আছিল ৪৪.৫৬ গিগাৱট। ২০২৪ ত এই সংখ্যা ৭.৬ শতাংশ বৃদ্ধি হৈ হৈছেগৈ ৪৭.৯৬ শতাংশ।
পাইপলাইন প্ৰকল্পসহ মুঠ বায়ু শক্তি ক্ষমতা ১৭.৪ শতাংশ বৃদ্ধি হৈ ৭৪.৪৪ গিগাৱটত উপনীত হৈছে। ফলত ভাৰচৰ নৱীকৰণযোগ্য শক্তি খণ্ড অধিক শক্তিশালী হৈ উঠিছে। নৱীকৰণ যোগ্য শক্তিৰ এনে অগ্ৰগতীয়ে বৈশ্বিক পৰিবেশ সুৰক্ষাৰ ওপৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।