ডিজিটেল ডেস্কঃ ভাৰতৰ পাৰমাণিৱক শক্তিৰ উৎপাদন ক্ষমতা এটা দশকত প্ৰায় দুগুণ বৃদ্ধি হৈছে। ২০১৪ ত ভাৰত পাৰমাণৱিক শক্তি উৎপাদন আছিল ৪,৭৮০ মেগাৱট। ২০২৪ ত এই পৰিমাণ হৈছেগৈ ৮,০৮১ মেগাৱট।
পাৰমাণৱিক শক্তি মন্ত্ৰি পৰিষদৰ জ্যেষ্ঠ মন্ত্ৰী জিতেন্দ্ৰ সিঙে বুধবাৰে এই তথ্য লোকসভাৰ শীতকালীন অধিবেশনত উল্লেখ কৰিছে। মন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি পাৰমাণৱিক শক্তি ক্ষমতা ২০৩১-৩২ চনৰ ভিতৰত ২২,৪৮০ মেগাৱটত উপনীত হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈে।
বৰ্তমান ৯ টা পাৰমাণৱিক প্ৰকল্প নিৰ্মাণৰত অৱস্থাত আছে। আৰু প্ৰকল্প পূৰ্বৰ অৱস্থাতে আছে যি ভাৰতৰ পাৰমাণৱিক শক্তিৰ উন্নতিৰ প্ৰমাণ বহন কৰিছে।
বিদ্যুৎ বিতৰণত নতুন পৰিবৰ্তন
মন্ত্ৰী জীতেন্দ্ৰ সিঙে সংসদত দিয়া তথ্য অনুসৰি ভাৰতৰ বিদ্যুৎ বিতৰণৰ আন্তঃগাঁথনি পৰ্যালোচনা কৰা হৈছে। যাৰ ফলত পাৰমাণৱিক বিদ্যুৎ কেন্দ্ৰসমূহৰ উৎপাদিত বিদ্যুতৰ ৫০ শতাংশ এতিয়া উৎপাদন হোৱা সেই ৰাজ্যত ব্যয় কৰা হয়। ৩৫ শতাংশ প্ৰতিবেশী ৰাজ্য আৰু ১৫ শতাংশ ৰাষ্ট্ৰীয় গ্ৰীডলৈ যায়।
এই নতুন ফৰ্মুলাই বৈষম্যহীন সম্পদ বিতৰণ নিশ্চিত কৰিছে আৰু ভাৰতৰ কেন্দ্ৰ-ৰাজ্য সম্পৰ্কৰ অখণ্ডতাক প্ৰদৰ্শন কৰিছে বুলিও কয় কেন্দ্ৰীয়মন্ত্ৰীগৰাকীয়ে।
প্ৰযুক্তিৰ উন্নতি আৰু থোৰিয়াম ৰিজাৰ্ভ
মন্ত্ৰী জীতেন্ৰ্ৰ সিঙে সংসদত আৰু কয়, প্ৰযুক্তিগত উন্নতি, নতুন পুঁজি আৱণ্টন আৰু পাৰমাণৱিক শক্তিৰ উৎপাদন আগবঢ়োৱাৰ বাবে ৰাজহুৱা খণ্ডৰ সৈতে সহযোগিতাৰ বাবে এই সফলতা সম্ভৱ হৈছে।
তেওঁ ভাৰতৰ পৰ্যাপ্ত থোৰিয়াম ভাণ্ডাৰৰ কথা উল্লেখ কৰি কয়, ভাৰতৰ মুঠ থোৰিয়াম বিশ্বৰ মুঠ থোৰিয়াম ভাণ্ডাৰৰ ২১ শতাংশ। "ভৱানী" প্ৰকল্পৰ দৰে থলুৱা পদক্ষেপে থোৰিয়াম ব্যৱহাৰৰ জৰিয়তে বিদেশী ইউৰেনিয়ামৰ ওপৰত থকা নিৰ্ভৰশীলতা হ্ৰাস কৰিছে।
পাৰমাণৱিক শক্তিৰ ব্যৱহাৰ হৈছে কৃষি, স্বাস্থ্য আৰু প্ৰতিৰক্ষা খণ্ডত
মন্ত্ৰী সিঙে পাৰমাণৱিক শক্তিৰ বিভিন্ন ব্যৱহাৰৰ ওপৰতো সংসদত উল্লেখ কৰে। তেওঁ জনোৱা অনুসৰি কৃষি খণ্ডত ৭০ টা মিউটাজেনিক শস্যৰ প্ৰকাৰ উন্নত কৰা হৈছে।
স্বাস্থ্য খণ্ডত, কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে উন্নত আইচ'টোপ প্ৰৱৰ্তন কৰা হৈছে। প্ৰতিৰক্ষা খণ্ডত পাৰমাণৱিক শক্তি প্ৰণালী ব্যৱহাৰ কৰি কম মূল্যৰ, পাতল বুলেটপ্ৰুফ জেকেট উন্নত কৰা হৈছে।