ভাৰতৰ প্ৰতিষ্ঠানিক বিনিয়োগকাৰী খণ্ডত নিযুক্তিৰ ক্ষেত্ৰত ৬৯ শতাংশ বৃদ্ধি...

বিগত দুবছৰত প্ৰতিষ্ঠানিক বিনিয়োগকাৰী খণ্ডত ৬৯ শতাংশ নিযুক্তি বৃদ্ধি পোৱাৰ সমান্তৰালকৈ যোৱা দশকত ভাৰতৰ বজাৰ মূলধন ১.২ ট্ৰিলিয়নৰ পৰা ৫.২ ট্ৰিলিয়ন ডলাৰলৈ বৃদ্ধি হৈছে।

author-image
Asomiya Pratidin
New Update
ভাৰতৰ প্ৰতিষ্ঠানিক বিনিয়োগকাৰী খণ্ডত নিযুক্তিৰ ক্ষেত্ৰত ৬৯ শতাংশ বৃদ্ধি...

ডিজিটেল ডেস্কঃ সোমবাৰে প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ভাৰতত বিগত দুবছৰত প্ৰতিষ্ঠানিক বিনিয়োগকাৰী খণ্ডত ৬৯ শতাংশ নিযুক্তি উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে। বিগত দশকত ভাৰতৰ বজাৰ মূলধন ১.২ ট্ৰিলিয়ন ডলাৰৰ পৰা ৫.২ ট্ৰিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে। এই বৃদ্ধিয়ে প্ৰতিষ্ঠানিক বিনিয়োগকাৰী খণ্ডত যথেষ্ট সম্প্ৰসাৰণৰ সূচনা কৰিছে।

বিনিয়োগকাৰী খণ্ডৰ ৮০টা কোম্পানীৰে ১৬,০০০ ৰো অধিক কাৰ্যবাহীৰ ওপৰত ভিত্তি কৰি নিৰ্মিত চি আই ই এল এইচ আৰ চাৰ্ভিচেছৰ প্ৰতিবেদনত লিংগ বৈচিত্ৰ্য, এটা প্ৰতিষ্ঠানত কাৰ্যকাল, চাহিদাৰ ভূমিকা, আৰু কেৰিয়াৰৰ অগ্ৰগতি আদি মূল ক্ষেত্ৰসমূহৰ ওপৰত গুৰুত্বপ্ৰদান কৰা হৈছে। 

ইয়াত দেখা গৈছে যে ফাণ্ড মেনেজাৰ, পৰ্টফলিঅ’ মেনেজাৰ, জ্যেষ্ঠ বিশ্লেষককে ধৰি ৮৩ শতাংশ পেছাদাৰীক বাহ্যিকভাৱে নিযুক্তি দিয়া হৈছে, আনহাতে মাত্ৰ ১৭ শতাংশকহে সংস্থাৰ ভিতৰৰ পৰা পদোন্নতি দিয়া হৈছিল। 

এই খণ্ডই কৰ্মশক্তিৰ বৈচিত্ৰ্যৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিছে। তাৰোপৰি প্ৰতিবেদনখনে স্পষ্ট কৰিছে সামগ্ৰিক কৰ্মশক্তিৰ ভিতৰত মহিলাৰ অংশগ্ৰহণ ২৭ শতাংশ। কিন্তু নেতৃত্বৰ ভূমিকাত মহিলাৰ প্ৰতিনিধিত্ব এতিয়াও এক প্ৰত্যাহ্বান হৈয়ে আছে। মাত্ৰ ১৪ শতাংশ মহিলাহে জ্যেষ্ঠ পদত অধিষ্ঠিত।

CIEL HR ৰ কাৰ্যবাহী সঞ্চালক আৰু অধ্যক্ষ কে পাণ্ডিয়াৰাজনে কয়, "২০৩০ চনৰ ভিতৰত ভাৰতৰ ৭ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি হোৱাৰ দিশত ভাৰতৰ ট্ৰেজেক্টৰী ইয়াৰ বজাৰৰ বৃদ্ধি পোৱা আকাৰৰ প্ৰতিফলন আৰু সমগ্ৰ বিত্তীয় পৰিৱেশত ঘটি থকা দ্ৰুত পৰিৱৰ্তনৰ প্ৰমাণ। অহা পাঁচ বছৰত ৬.১ শতাংশ বৃদ্ধিৰ হাৰ হোৱাৰ আশা কৰা হৈছে আৰু ২০২৭ চনৰ ভিতৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ দিশে অগ্ৰসৰ হৈছে। ভাৰতৰ প্ৰতিষ্ঠানিক বিনিয়োগকাৰী খণ্ডই এই ক্ষেত্ৰত শীৰ্ষ স্থানত আছে।" 

পাণ্ডিয়াৰাজনে লগতে কয় যে, "প্ৰতিষ্ঠানিক বিনিয়োগকাৰী খণ্ডটোৱে এক আমূল পৰিৱৰ্তনৰ সাক্ষী হৈছে। ইয়াৰ উপৰিও প্ৰতিবেদনত দেখা গৈছে যে প্ৰতিষ্ঠানিক বিনিয়োগকাৰী খণ্ডৰ প্ৰায় ২৫ শতাংশ কৰ্মশক্তিয়ে বিগত এটা বছৰত চাকৰি সলনি কৰিছে। যিয়ে উদ্যোগটোৰ গতিশীল আৰু প্ৰতিযোগিতামূলক প্ৰকৃতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

অৰ্থনীতি চাকৰি বিনিয়োগ