/asomiyapratidin/media/media_files/2025/03/24/95s3hZkE4LAKTW077lr1.jpg)
ডিজিটেল ডেস্কঃ চূড়ান্ত অশালীনতাৰে সকলো সীমা অতিক্ৰম কৰি দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা ইণ্ডিয়াদ গট লেটেণ্ট নামৰ অনুষ্ঠানটোৰ মূল ব্যক্তি সময় ৰাইনাই নিজৰ ভুল স্বীকাৰ কৰিছে। মহাৰাষ্ট্ৰৰ চাইবাৰ চেলৰ সম্মুখত দিয়া বক্তব্যক সময় ৰাইনাই অনুষ্ঠানটোত যিবোৰ কথা কৈছিল সেই অশ্লীল কথাৰ বাবে তেওঁ দোষ স্বীকাৰ কৰি নিজৰ ভুল স্বীকাৰ কৰিছে। তেওঁ কয়, অনুষ্ঠানটোত যিবোৰ ঘটিছিল সেয়া তেওঁলোকৰ উদ্দেশ্য নাছিল।
তাৰোপৰি ভৱিষ্যতে এনে ভুলৰ পুনপাবৃত্তি যাতে নহয় তাৰ প্ৰতিও যত্ন ল’ব বুলি জনাইছে। সময় ৰাইনাই কয়, এই গোটেই বিষয়টোৰ বাবে তেওঁৰ মানসিক অৱস্থা সুস্থিৰ হৈ থকা নাই। তেওঁ কনাডাত আছিল যদিও অস্থিৰতাৰ মাজেৰে সকলো সময় পাৰ কৰিবলগীয়া হ’ল।
উল্লেখ্য যে, ইউটিউবাৰ-পডকাষ্টাৰ ৰণবীৰ এলাহাবাদিয়াই ‘ইণ্ডিয়াজ গট লেটেণ্ট’ শ্ব’টোত অংশগ্ৰহণ কৰি কৰা অশ্লীল মন্তব্যৰ পিছতে সময় ৰাইনাই ইউটিউবৰ পৰা শ্ব’টোৰ সকলো খণ্ড আঁতৰাই পেলাইছে। উচ্চতম ন্যায়ালয়ে প’ডকাষ্টাৰ আৰু তেওঁৰ সহযোগীসকলক পৰৱৰ্তী জাননী নিদিয়ালৈকে ইউটিউব বা অন্যান্য প্লেটফৰ্মত কোনো ধৰণৰ অনুষ্ঠান সম্প্ৰচাৰ কৰাত বাধা আৰোপ কৰি থৈছে।
ইউটিউবাৰ ৰণবীৰ এলাহাবাদীয়া, কমেডিয়ান সময় ৰাইনা আৰু ‘ইণ্ডিয়াজ গট লেটেণ্ট’ শ্ব’ৰ আয়োজকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পিছতে তদন্ত অব্যাহত ৰাখিছে মুম্বাই আৰক্ষীয়ে। অসম আৰক্ষীয়েও শ্ব’টোত কৰা ‘অশ্লীল’ মন্তব্যৰ বাবে ৰণবীৰ এলাহাবাদীয়া, সময় ৰাইনা, আশীষ চাঞ্চলনীৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰিছে।