ডিজিটেল ডেস্কঃ ইউটিউবাৰ ৰণবীৰ এলাহবাদীয়াক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিলে উচ্চতম ন্যায়ালয়ে। তাৰোপৰি তেওঁৰ বিৰুদ্ধে এই একেটা বিষয়ত পুনৰ কোনো এফ আইৰ দাখিল নহ’ব বুলিও জনাইছে উচ্চতম ন্যায়ালয়ে। আনহাতে এইগৰাকী ইউটিউবাৰক শ্ব' অনুষ্ঠিত কৰাৰ ক্ষেত্ৰতো বাধা আৰোপ কৰিছে।
উল্লেখ্য যে, ইউটিউবাৰ সময় ৰাইনাৰ ইণ্ডিয়াজ গট লেটেণ্ট নামৰ শ্ব’টোত অংশগ্ৰহণ কৰি অশ্লীলতাৰ চূড়ান্ত সীমা অতিক্ৰম কৰিছিল ৰণবীৰ এলাহবাদীয়াই। আজি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ এন কোটিশ্বৰ সিঙে এই গোচৰৰ শুনানি গ্ৰহণ কৰে।
আজি গোচৰটোৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে ৰণবীৰ এলাহবাদীয়াক তেওঁৰ মন্তব্যৰ বাবে তিৰস্কাৰ কৰিছে। উচ্চতম ন্যায়ালয়ে তেওঁক কয়, সমাজৰ কিছু মূল্যবোধ আছে। তাৰোপৰি তেওঁ কৰা মন্তব্যৰ বাবে ধমকো দিয়ে।
ইউটিউব শ্ব’টোত তেওঁৰ মুখৰ পৰা উলোৱা প্ৰতিটো বাক্যই তেওঁৰ মনৰ ভিতৰত সোমাই থকা লেতেৰা মানসিকতাৰ বৰ্হি প্ৰকাশ বুলিও কয় আদালতে। উচ্চতম ন্যায়ালয়ে প্ৰশ্ন কৰে, ‘সমাজৰ মূল্যবোধ কি? এই পেৰামিটাৰবোৰ কি?আপুনি এইবোৰৰ বিষয়ে জানেনে?
উচ্চতম ন্যায়ালয়ে প্ৰভাৱশালী ইউটিউবাৰ ৰণবীৰ এলাহাবাদীয়াৰ অধিবক্তাক কয়, ‘সমাজৰ কিছুমান স্ব-বিকশিত মূল্যবোধ আছে।সেই মূল্যবোধক সন্মান কৰাটো প্ৰয়োজন।এই বিষয়ত উচ্চতম ন্যায়ালয়ে ৰণবীৰ এলাহাবাদীয়াক কয় যে, মত প্ৰকাশৰ স্বাধীনতাৰ নামত কোনোৱেই সমাজৰ নীতি-নিয়মৰ বিৰুদ্ধে কথা ক’ব পৰাকৈ স্বাধীন নহয়।
উল্লেখ্য যে, ইউটিউবাৰ তথা প’ডকাষ্টাৰ ৰণবীৰ এলাহাবাদীয়াই সময় ৰাইনাৰ শ্ব’ ‘ইণ্ডিয়াজ গট লেটেণ্ট’ত পৰিয়াল আৰু অভিভাৱকক লৈ চূড়ান্ত পৰ্যায়ত আপত্তিজনক আৰু অশ্লীল মন্তব্য কৰিছিল। এই অনুষ্ঠানত তেওঁ অতিথি হিচাপে অংশগ্ৰহণ কৰিছিল। তাত তেওঁ কৰা মন্তব্যৰ বিৰুদ্ধে দেশজুৰি হোৱা প্ৰৱল বিতৰ্কৰ পাছতে এইবাৰ অসন্তুষ্টি প্ৰকাশ কৰিলে উচ্চতম ন্যায়ালয়েও।
আজি ন্যায়ালয়ে তেওঁক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছে যদিও তদন্ত প্ৰক্ৰিয়াত সকলোধৰণৰ সহযোগিতাৰো নিৰ্দেশ প্ৰদান কৰিছে। এই সময়ত তেওঁ কোনোধোৰণৰ শ্ব' কৰিব নোৱাৰিব। গুৱাহাটী, মহাৰাষ্ট্ৰ আৰু ৰাজস্থানৰ আদালতত দাখিল হোৱা গোচৰৰ তদন্তৰ সময়ত তেওঁ অধিবক্তা অবিহনে আৰক্ষী থানাৰ ভিতৰত তদন্তত সহযোগিতা কৰিব লাগিব।
ৰণবীৰ এলাহবাদীয়াক পাঠ পঢ়ালে উচ্চতম ন্যায়ালয়েঃ দিলে অন্তৱৰ্তীকালীন জামিন...
ৰণবীৰ এলাহবাদীয়াক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিলে উচ্চতম ন্যায়ালয়ে। তাৰোপৰি তেওঁৰ বিৰুদ্ধে এই একেটা বিষয়ত পুনৰ কোনো এফ আইৰ দাখিল নহ’ব বুলিও জনাইছে উচ্চতম ন্যায়ালয়ে।