'ভাৰতে বিশ্ব বজাৰতকৈ বহু কম মূল্যত প্ৰাকৃতিক গেছ ক্ৰয়ৰ সুযোগ দিছে'

'ভাৰতে বিশ্ব বজাৰতকৈ বহু কম মূল্যত প্ৰাকৃতিক গেছ ক্ৰয়ৰ সুযোগ দিছে'
'ভাৰতে বিশ্ব বজাৰতকৈ বহু কম মূল্যত প্ৰাকৃতিক গেছ ক্ৰয়ৰ সুযোগ দিছে'

ডিজিটেল ডেস্কঃ গোৱাত চলি থকা ভাৰত শক্তি সপ্তাহৰ তৃতীয়টো দিনত ‘India - a blueprint of energy transition for emerging economies’ শীৰ্ষক অধিৱেশনত পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়ৰ সচিব পংকজ জৈনে ভাষণ প্ৰদান কৰি কয়, শক্তিৰ চাহিদা কেন্দ্ৰ হিচাপে ভাৰতৰ উত্থানে সমগ্ৰ বিশ্বতে প্ৰাকৃতিক গেছ ক্ৰয়ৰ বাবে মধ্যস্থতাৰ সুযোগ প্ৰদান কৰিছে। ভাৰতে বিশ্বৰ বজাৰ মূল্যতকৈ যথেষ্ট কম মূল্যত প্ৰাকৃতিক গেছ ক্ৰয়ৰ চুক্তি স্বাক্ষৰ কৰাৰ সুযোগ দিয়াৰ লগতে এনে বিক্ৰেতাসকলক আলোচনাত জড়িত হবলৈ উৎসাহিত কৰিছে।

তেওঁ কয়, প্ৰাকৃতিক গেছৰ বাবেই ভাৰতত আন্তঃগাঁথনি তৈয়াৰ কৰি তোলা হৈছে। ইয়াৰ বাবে ব্যাপক হাৰত টাৰ্মিনেল ক্ষমতা, পাইপলাইন নেটৱৰ্ক উন্নীতকৰণ কৰাৰ ব্যৱস্থা হাতত লোৱা হৈছে। ভাৰতত প্ৰাকৃতিক গেছৰ ব্যৱহাৰৰ বৰ্তমানৰ স্তৰতকৈ বৃদ্ধি কৰিব পৰা ক্ষেত্ৰসমূহৰ কথা উল্লেখ কৰি সচিবগৰাকীয়ে কয়, গেছ-আধাৰিত গতিশীলতা বৃদ্ধি আৰু ঘৰবোৰলৈ পাইপযুক্ত গেছ সংযোগৰ সম্প্ৰসাৰণে প্ৰাকৃতিক গেছৰ চাহিদাও বৃদ্ধি কৰিব।

ইফালে ভাৰতত বিনিয়োগ তথা কাম কৰিবলৈ বিদেশী কোম্পানীসমূহক আমন্ত্ৰণ জনোৱাৰ সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়, এনে কোম্পানীসমূহক নিশ্চিত কৰিব লাগিব যে, ভাৰত এতিয়া ব্যৱসায়ৰ বাবে এক উপযুক্ত স্থান হৈ পৰিছে। তেওঁ প্ৰাকৃতিক গেছ অন্বেষণ আৰু উৎপাদনৰ বাবে এক নিযুত বৰ্গ কিলোমিটাৰ no-go zones আঁতৰ কৰিছে।

এই অনুষ্ঠানতে সচিবগৰাকীয়ে কয়, আই ই ডব্লিউ ২০২৪-এ প্ৰদৰ্শকসকলক শক্তি সমস্যাৰ সমাধান প্ৰদৰ্শন কৰাৰ সুযোগ প্ৰদান কৰিছে। তেওঁ উদাহৰণ স্বৰূপে ষ্টাৰ্ট-আপৰ দ্বাৰা বিকাশ কৰা বিভিন্ন সমাধানৰ কথা উল্লেখ কৰে আৰু বি পি চি এলৰ দ্বাৰা প্ৰদৰ্শিত বৈদ্যুতিক বিশ্লেষকক থলুৱা প্ৰযুক্তি বিকাশৰ বাবে এক সফলতাৰ কাহিনী হিচাপে উল্লেখ কৰিছে।

তদুপৰি, সচিব পংকজ জৈনে কয়, জৈৱ ইন্ধন গ্ৰহণৰ দ্ৰুত আৰু সম্প্ৰসাৰণ সুলভ ব্যয়ত ইন্ধনৰ উৎপাদন বৃদ্ধি কৰাত ভাৰত দায়বদ্ধ। এই সন্দৰ্ভত তেওঁ কয়, কিছু বছৰ আগতে পৌৰ নিগমৰ কঠিন আৱৰ্জনা পৃথক কৰা বিষয়টো অকল্পনীয় আছিল। কিন্তু এতিয়া সম্ভৱ হৈ পৰিছে। সেয়ে তেওঁ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহক জৈৱ ইন্ধন উৎপাদন বৃদ্ধিৰ অখ্যাত নায়ক হিচাপেও প্ৰশংসা কৰে।

'ভাৰতে বিশ্ব বজাৰতকৈ বহু কম মূল্যত প্ৰাকৃতিক গেছ ক্ৰয়ৰ সুযোগ দিছে'
বিজেপিৰ কাৰ্যকালত ৰাজ্যত হ্ৰাস পালে ৬০৪৯ খন প্ৰাথমিক বিদ্যালয়, ৬৬০২৯০ গৰাকী শিক্ষাৰ্থী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in