বিজেপিৰ কাৰ্যকালত ৰাজ্যত হ্ৰাস পালে ৬০৪৯ খন প্ৰাথমিক বিদ্যালয়, ৬৬০২৯০ গৰাকী শিক্ষাৰ্থী

বিজেপিৰ কাৰ্যকালত ৰাজ্যত হ্ৰাস পালে ৬০৪৯ খন প্ৰাথমিক বিদ্যালয়, ৬৬০২৯০ গৰাকী শিক্ষাৰ্থী
বিজেপিৰ কাৰ্যকালত ৰাজ্যত হ্ৰাস পালে ৬০৪৯ খন প্ৰাথমিক বিদ্যালয়, ৬৬০২৯০ গৰাকী শিক্ষাৰ্থী

ডিজিটেল ডেস্কঃ ২০১৬ চনৰ পৰা ২০২৪ চনৰ আজিৰ তাৰিখলৈকে অসমত হ্ৰাস পালে মুঠ ৬০৪৯ খন প্ৰাথমিক বিদ্যালয়। এই সময়ছোৱাত চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা হ্ৰাস পালে ৬৬,০২৯০ গৰাকী শিক্ষাৰ্থী।

একেদৰে ২০১৬ ৰ পৰা ২০২৪ লৈকে ৰাজ্যত বন্ধ হ'ল ৬৩৩৫ খন প্ৰাথমিক বিদ্যালয়। ইয়াৰে ৪৫৩৯ খন নিম্ন প্ৰাথমিক বিদ্যালয় আৰু ১৭৯৬ খন উচ্চ প্ৰাথমিক বিদ্যালয়। এই সময়ছোৱাত একত্ৰিকৰণ কৰা হ'ল ১৭৩১ খন প্ৰাথমিক বিদ্যালয়।

ইয়াৰে ১৪৯৩ খন নিম্ন প্ৰাথমিক বিদ্যালয় আৰু ২৩৮ খন উচ্চ প্ৰাথমিক বিদ্যালয়। যোৱা প্ৰায় ৮ টা বছৰত সৰ্বাধিক বিদ্যালয় বন্ধ হৈছে লখিমপুৰ জিলাত। জিলাখনত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক মিলাই মুঠ ৫৩৩ খন বিদ্যালয় বন্ধ হৈছে।

সৰ্বাধিক প্ৰাথমিক বিদ্যালয় বন্ধ হোৱা জিলাৰ তালিকাত দ্বিতীয় স্থানত আছে বৰপেটা। জিলাখনত বন্ধ হোৱা প্ৰাথমিক বিদ্যালয়ৰ সংখ্যা ৪১৮খন। এই দুয়োখন জিলাত বন্ধ হোৱা আৰু একত্ৰিকৰণ হোৱা প্ৰাথমিক বিদ্যালয়ৰ মুঠ সংখ্যা হৈছে ক্ৰমে ৫৫৭ আৰু ৪৬৯ খন।

সেইদৰে বাক্সা জিলাত ৩১৯ খন, বিশ্বনাথত ১৩২ খন, বঙাইগাওঁ জিলাত ১৬৯ খন, কাচাৰ জিলাত ৪১৭ খন, চৰাইদেউ জিলাত ১৪৩ খন, চিৰাং জিলাত ৯৮ খন, দৰং জিলাত ১৯৮ খন, ধেমাজি জিলাত ২৫৯ খন, ধুবুৰী জিলাত ৪০৮ খন, ডিব্ৰুগড় জিলাত ৩৫২ খন, ডিমা হাচাও জিলাত ৯০ খন, গোৱালপাৰা জিলাত ২৬৯ খন, গোলাঘাট জিলাত ৩৪৩ খন, হাইলাকান্দিত ২৮৯ খন, হোজাই জিলাত ১১৪ খন, যোৰহাট জিলাত ৪৬০ খন, কামৰূপ মেট্ৰ ১৫০ খন, কামৰূপ গ্ৰাম্যত ৪০৫, কাৰ্বি আংলংত ৫৯, কৰিমগঞ্জত ১৮১ খন, কোকৰাঝাৰত ২৮৪ খন, মাজুলীত ১২৩ খন, মৰিগাওঁত ২০০ খন, নগাওঁ ৩৫৮ খন, নলবাৰী ২৮১ খন, শিৱসাগৰত ৩৪৭ খন, শোণিতপুৰত ১৪৫ খন, দক্ষিণ শালমাৰা মানকাচৰ ৬৫৫ খন, তিনিচুকীয়াত ১৭৮ খন, ওদালগুৰিত ১৫৬ খন আৰু পশ্চিম কাৰ্বি আংলং জিলাত ৪৮ খন প্ৰাথমিক বিদ্যালয় বন্ধ আৰু একত্ৰিকৰণ কৰা হৈছে।

আনহাতে এই ৮ বছৰত ২১৪ খন চৰকাৰী মাধ্যমিক আৰু উচ্চ মাধ্যমিক, উচ্চতৰ মাধ্যমিক বিদ্যালয় একত্ৰিকৰণৰ ফলত বন্ধ হৈছে। অসমত বৰ্তমান ৪৩৪৯ খন মাধ্যমিক, উচ্চ মাধ্যমিক, উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে আৰু এই সমূহত মুঠ ছাত্ৰ-ছাত্ৰী আছে ১৬২৯১৫০ গৰাকী শিক্ষাৰ্থী।

২০১৬ চনত এই বিদ্যালয়সমূহত আছিল ১৩১৯২৬৩ গৰাকী শিক্ষাৰ্থী। অৰ্থাৎ এই ৮ বছৰত প্ৰাথমিক পৰ্যায়ৰ বিপৰীতে মাধ্যমিক, উচ্চ মাধ্যমিক, উচ্চতৰ মাধ্যমিকত বৃদ্ধি পাইছে শিক্ষাৰ্থীৰ সংখ্যা।

উল্লেখ্য যে, শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ এক প্ৰশ্নৰ উত্তৰত অসম বিধানসভাত উন্মোচিত হৈছে এই তথ্য। বিধায়ক অখিল গগৈয়ে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয় আৰু ইয়াৰ শিক্ষাৰ্থী সন্দৰ্ভত মুঠ ৩ টা আৰু চৰকাৰী মাধ্যমিক, উচ্চ মাধ্যমিক, উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্দৰ্ভত এটা লিখিত প্ৰশ্ন উত্থাপন কৰিছিল। এই প্ৰশ্নসমূহৰ উত্তৰত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে দিয়া তথ্যত এই দিশটো উন্মোচিত হৈছে।

বিজেপিৰ কাৰ্যকালত ৰাজ্যত হ্ৰাস পালে ৬০৪৯ খন প্ৰাথমিক বিদ্যালয়, ৬৬০২৯০ গৰাকী শিক্ষাৰ্থী
বিজেপিৰ শ্বেতপত্ৰৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰকাশ কৰিব কৃষ্ণপত্ৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in