ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ ৭.৬ বিলিয়ন ডলাৰ বৃদ্ধি হৈ ৬৩৮ বিলিয়ন ডলাৰত উপনীত

ভাৰতীয় ৰিজাৰ্ভ বেংকে শুকুৰবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি ২০২৫ চনৰ ৭ ফেব্ৰুৱাৰীত ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ ৭.৬ বিলিয়ন ডলাৰ বৃদ্ধি পাই ৬৩৮ বিলিয়ন ডলাৰত উপনীত হৈছে।

author-image
Tushar Pratim
New Update
ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ ৭.৬ বিলিয়ন ডলাৰ বৃদ্ধি হৈ ৬৩৮ বিলিয়ন ডলাৰত উপনীত

ডিজিটেল ডেস্কঃ ভাৰতীয় ৰিজাৰ্ভ বেংকে শুকুৰবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি ২০২৫ চনৰ ৭ ফেব্ৰুৱাৰীত ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ ৭.৬ বিলিয়ন ডলাৰ বৃদ্ধি পাই ৬৩৮ বিলিয়ন ডলাৰত উপনীত হৈছে।

Advertisment

ইফালে, সোণৰ ভাণ্ডাৰৰ মূল্য ৭২.২০ বিলিয়ন ডলাৰ হৈছেগৈ। সোণৰ ভাণ্ডাৰত ১.৩ বিলিয়ন ডলাৰ বৃদ্ধি পোৱাৰ বিপৰীতে বিদেশী মুদ্ৰাৰ সম্পত্তিৰ মূল্য ৬.৪ বিলিয়ন ডলাৰ বৃদ্ধি পাই ৫৪৪.১১ বিলিয়ন ডলাৰত উপনীত হৈছে।

অৱশ্যে আৰ বি আইয়ে প্ৰকাশ কৰা সাপ্তাহিক পৰিসংখ্যা পৰিপূৰকত দেখা গৈছে যে Special Drawing Rights (SDR) ১ কোটি ১০ লাখ ডলাৰ হ্ৰাস পাই ১৭.৮৭ বিলিয়ন ডলাৰ হৈছে। আই এম এফত ৰিজাৰ্ভ বেংকৰ স্থানো ৭১ মিলিয়ন ডলাৰ হ্ৰাস পাই ৪ বিলিয়ন ডলাৰ হৈছে।

উল্লেখ্যে যে, যোৱা ছেপ্টেম্বৰৰ শেষৰ ফালে বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ সৰ্বকালৰ সৰ্বোচ্চ ৭০৪.৮৮৫ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছিল। ইয়াৰ পূৰ্বে বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ হ্ৰাস পোৱাৰ হে ধাৰাবাহিকতা আছিল। কিন্তু টকাৰ অস্থিৰতা হ্ৰাস কৰাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ আৰ বি আইয়ে বৈদেশিক মুদ্ৰাৰ বজাৰত হস্তক্ষেপ কৰিছিল।

শেহতীয়াকৈ আৰ বি আইয়ে কেন্দ্ৰীয় বেংকে মুদ্ৰানীতি সমিতিৰ অন্তিমখন বৈঠকত ৰেপো ৰেট ২৫ বেছিছ পইণ্ট হ্ৰাস কৰি ৬.২৫ শতাংশলৈ হ্ৰাস কৰাৰ কথাও ঘোষণা কৰে। যোৱা পাঁচ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে এইদৰে ৰেপো ৰেট হ্ৰাস কৰা হৈছিল।  

উল্লেখ্য যে, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই প্ৰতি শুকুৰবাৰে ভাৰতৰ বৈদেশিক মজুতৰ তথ্য প্ৰকাশ কৰি বৈদেশিক বাণিজ্যৰ অৰ্থনৈতিক সূচকক তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰে। আৰ বি আইয়ে সময়ে সময়ে ডলাৰ বিক্ৰীকে ধৰি লিকুইডিটি মেনেজমেণ্টৰ জৰিয়তে বজাৰত হস্তক্ষেপ কৰে।

টকাৰ মূল্যৰ তীব্ৰ হ্ৰাস ৰোধ কৰাৰ লক্ষ্যৰে। আৰ বি আইয়ে বৈদেশিক মুদ্ৰাৰ বজাৰসমূহ তীক্ষ্ণভাৱে নিৰীক্ষণ কৰে আৰু কোনো পূৰ্বনিৰ্ধাৰিত লক্ষ্য স্তৰ বা বেণ্ডৰ উল্লেখ নকৰাকৈ বিনিময় হাৰৰ অত্যধিক অস্থিৰতা নিয়ন্ত্ৰণ কৰি বজাৰৰ অৱস্থা শৃংখলাবদ্ধ বজাই ৰাখিবলৈহে হস্তক্ষেপ কৰে।

ৰিজাৰ্ভ বেংক বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ