/asomiyapratidin/media/media_files/2025/05/14/algyEZIdWWLM5HiWxCrw.jpg)
ডিজিটেল ডেস্কঃ ভাৰত আৰু পাকিস্তানৰ মাজৰ যুদ্ধবিৰতিৰ আঁৰত আমেৰিকাৰ হেঁচা নেকি? কাশ্মীৰ বিষয়ত সঁচাকৈয়ে ড’নাল্ড ট্ৰাম্পে মধ্যস্থতা কৰিবনে? কেৱল বাণিজ্যৰ বাবেই ভাৰত-পাকিস্তানে এই যুদ্ধ বিৰতি ঘোষণা কৰিলে নেকি? এনে বহু প্ৰশ্ন এতিয়াও সাধাৰণ মানুহৰ মনত ক্ৰিয়া কৰি আছে।
বুধবাৰে প্ৰশ্নসমূহৰ উত্তৰ দিলে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে। তেওঁ স্পষ্টকৈ উল্লেখ কৰিছে যে, যুদ্ধবিৰতিৰ সৈতে ব্যৱসায়ৰ কোনো সম্পৰ্ক নাই। অৱশ্যে ভাৰতীয় নেতৃত্ব আৰু আমেৰিকাৰ নেতৃত্বৰ মাজত যুদ্ধ বিৰতিৰ সন্দৰ্ভত ব্যাপক আলোচনা হৈছে৷
ইয়াৰ সমান্তৰালকৈ কাশ্মীৰৰ সন্দৰ্ভতো চৰকাৰে নিজৰ স্থিতি স্পষ্ট কৰিছে। তেওঁ উল্লেখ কৰে যে কাশ্মীৰ দ্বিপাক্ষিক বিষয় আছিল, দ্বিপাক্ষিক বিষয়ে হৈয়ে আছে আৰু থাকিব।
মঙলবাৰে বিয়লি বৈদেশিক সচিব ৰণধীৰ জয়ছৱালে এক সংবাদমেল সম্বোধন কৰে। এই সংবাদ মেলতে সাংবাদিকে বিভিন্ন প্ৰশ্নৰ মাজতে ভাৰতে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ হেঁচাতে যুদ্ধ বিৰতি ঘোষণা কৰিলে নেকি সেই প্ৰশ্নও উত্থাপন কৰে।
এই প্ৰশ্নৰ উত্তৰত বৈদেশিক সচিবগৰাকীয়ে কয়, "৭ মে'ত অপাৰেচন সিন্দূৰ আৰম্ভ হোৱাৰ পৰা ১০ মে'ত যুদ্ধবিৰতি ঘোষণা কৰালৈকে আমেৰিকা আৰু ভাৰতৰ নেতৃত্বৰ মাজত ধাৰাবাহিকভাৱে আলোচনা চলি আহিছে। সেই সময়ত যি সামৰিক পৰিস্থিতিৰ সৃষ্টি হৈছিল, সেই বিষয়ে বাৰে বাৰে আলোচনা কৰা হৈছিল। কিন্তু কোনো আলোচনাতে বাণিজ্যৰ বিষয়টো উত্থাপন হোৱা নাছিল।"
মন কৰিবলগীয়া যে, শনিবাৰে ট্ৰাম্পে দাবী কৰিছিল তেওঁৱেই যুদ্ধবিৰতিৰ মধ্যস্থতা কৰিছিল। ট্ৰাম্পে দাবী কৰিছিল গোটেই নিশা আলোচনাৰ অন্তত দুয়োখন দেশে সম্পূৰ্ণ যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছে।
তাৰ পিছত সোমবাৰে তেওঁ আকৌ দাবী কৰিছিল যে, পাৰমাণৱিক অস্ত্ৰধাৰী দেশ দুখনক যুদ্ধবিৰতিৰ বাবে তেওঁৱেই হেঁচা দিছিল। তেওঁ কৈছি, মই তেওঁলোকক সকীয়াই দিছো যে যদি তেওঁলোকে যুদ্ধ বন্ধ নকৰে তেন্তে বাণিজ্যও নহ'ব। সেইটোৱে কাম কৰিলে।"
ট্ৰাম্পে স্পষ্টভাৱে দাবী কৰিছে তেওঁৱেই ভাৰত-পাকিস্তানৰ যুদ্ধ বন্ধ কৰিছে। দুয়োখন দেশৰ সমস্যাৰ স্থায়ী সমাধানৰ প্ৰয়োজন। ট্ৰাম্পৰ এই দাবীৰ বাবে বিৰোধীয়ে চৰকাৰক সমালোচনা কৰি আহিছে। কিন্তু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই বিষয়ত স্পষ্ট বাৰ্তা দি কয় যে, যুদ্ধ বিৰতিৰ সৈতে বাণিজ্যৰ কোনো সম্পৰ্ক নাই।
ৰণধীৰ জয়ছোৱালে কয়, "কাশ্মীৰৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি এতিয়াও একেই আছে। কাশ্মীৰ ভাৰত আৰু পাকিস্তানৰ মাজত দ্বিপাক্ষিক বিষয়। এই বিষয়ত নতুন দিল্লীয়ে কোনো তৃতীয় পক্ষৰ মধ্যস্থতা সহ্য নকৰে। পাকিস্তানৰ সৈতে মাত্ৰ এটা বিষয়ত আলোচনা হ'ব পাৰে- পাকিস্তান দখল কৰা কাশ্মীৰক উভতাই অনা।"
মন কৰিবলগীয়া যে ভাৰত আৰু পাকিস্তানৰ দৰে সামৰিক পৰিস্থিতি যদি যিকোনো দেশত গঢ় লৈ উঠে তেন্তে আন্তৰ্জাতিক মঞ্চত খবৰ দিব লাগে। ভাৰতে সদায় এই কাম কৰি আহিছে। ২২ এপ্ৰিলত পেহেলগাম আক্ৰমণৰ পিছৰে পৰা ভাৰতে আমেৰিকাৰ উপৰিও ব্ৰিটেইন, ফ্ৰান্স, ৰাছিয়া, আনকি চীনৰ সৈতেও আলোচনাত মিলিত হৈছে।