ভাল খবৰঃ দেশত বৃদ্ধি পাইছে কয়লাৰ উৎপাদন...

ভাৰতত বৃদ্ধি পাইছে কয়লাৰ উৎপাদন। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা কৰা এক প্ৰতিবেদনত এই তথ্য পোহৰলৈ আহিছে। কয়লা মন্ত্ৰালয়ৰ অস্থায়ী তথ্য অনুসৰি,  ২০২৪ চনৰ

author-image
Asomiya Pratidin
New Update
koyla

ডিজিটেল ডেস্কঃ  ভাৰতত বৃদ্ধি পাইছে কয়লাৰ উৎপাদন। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা কৰা এক প্ৰতিবেদনত এই তথ্য পোহৰলৈ আহিছে। কয়লা মন্ত্ৰালয়ৰ অস্থায়ী তথ্য অনুসৰি,  ২০২৪ চনৰ নৱেম্বৰ মাহত ভাৰতৰ কয়লা উৎপাদন  ৭.২% বৃদ্ধি পাই ৯০.৬২ মেট্ৰিক টন (এম টি) হৈছে। উল্লেখ কৰা প্ৰয়োজন যে, ২০২৩ৰ নৱেম্বৰত ইয়াৰ পৰিমাণ আছিল  ৮৪.৫২ মেট্ৰিক টন আছিল।

Advertisment

ইফালে কয়লাৰ ৰপ্তানিৰ পৰিমাণো বৃদ্ধি পাইছে। ২০২৪ চনৰ নৱেম্বৰ মাহত ৮৫.২২ মেট্ৰিক টনলৈ বৃদ্ধি পাইছে কয়লা ৰপ্তানিৰ পৰিমাণ।  যিটো ২০২৩ চনৰ নৱেম্বৰ মাহত আছিল ৮২.০৭ মেট্ৰিক টন। যোৱা বছৰৰ  তুলনাত  এইবাৰ ৩.৮৫% বৃদ্ধি পাইছে কয়লা ৰপ্তানিৰ পৰিমাণ।

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে এই তথ্য সদৰি কৰি কয় যে,  উৎপাদন আৰু ৰপ্তানি বৃদ্ধিয়ে কয়লাৰ উপলব্ধতা আৰু দক্ষ বিতৰণৰ জৰিয়তে দেশৰ শক্তিৰ প্ৰয়োজনীয়তা পূৰণৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰতিফলন ঘটাইছে। উল্লেখ কৰা প্ৰয়োজন যে, শেহতীয়াকৈ কয়লাৰ কেইবাটাও খনি নতুন ৰূপত গঢ় দিয়াৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছিল কেন্দ্ৰীয় চৰকাৰে। 

কয়লা