ডিজিটেল ডেস্কঃ মহাকুম্ভ উপলক্ষে ভাৰতীয় ৰে’লৱেয়ে ৩০০০ বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছে। ইয়াৰ ভিতৰত ৫৬০ খন ৰিং ৰে’ল হিচাপে চলিব। সোমবাৰে ভাৰতীয় ৰে’লৱেৰ এগৰাকী শীৰ্ষ বিষয়াই এই কথা সদৰি কৰিছে।
উত্তৰ মধ্য ৰে'লৱেৰ জেনেৰেল মেনেজাৰ উপেন্দ্ৰ চন্দ্ৰ যোশীয়ে সাংবাদিকৰ আগত উল্লেখ কৰা মতে নটা ৰে'ল ষ্টেচনত মুঠ ৫৬০ টা টিকট পইণ্ট স্থাপন কৰা হৈছে। এই সমূহ হৈছে প্ৰয়াগৰাজ জংচন, চুবেদাৰগঞ্জ, নয়নী, প্ৰয়াগৰাজ চেউকি, প্ৰয়াগ জংচন, ফাফামাৱ, প্ৰয়াগৰাজ ৰামবাগ, প্ৰয়াগৰাজ সংগম আৰু ঝান্সি আৰু মেলা অঞ্চল।
তেওঁ কয় যে, এই কাউণ্টাৰবোৰৰ পৰা দৈনিক প্ৰায় ১০ লাখ টিকট বিতৰণ কৰিব পৰা যাব। ৰে'লৱেয়ে মহা কুম্ভ মেলা উপলক্ষে ১৫ দিন আগৰে পৰা টিকট বুক কৰাৰ ব্যৱস্থা কৰিছে।
যোশীয়ে কয় যে, প্ৰয়াগৰাজ-অযোধ্যা-বাৰাণসী-প্ৰয়াগৰাজ, প্ৰয়াগৰাজ-সংগম, প্ৰয়াগ-জৌনপুৰ-প্ৰয়াগ-প্ৰয়াগৰাজ, গোবিন্দাপুৰ-প্ৰয়াগৰাজ-চিত্ৰকূট-গোবিন্দাপুৰ আৰু ঝান্সি-গোবিন্দাপুৰ-প্ৰয়াগৰাজ-মণিপুৰ-চিত্ৰকট-ঝাঁচী পথত ৰিং ৰে’লৰ বাবে এক পৰিকল্পনা প্ৰস্তুত কৰা হৈছে।
ৰে'লৱেই ১০,০০০ নিয়মীয়া আৰু ৩,০০০ বিশেষ ৰে'ল চলাব। এই ৩,০০০ খন বিশেষ ৰে'লৰ ভিতৰত ১,৮০০ খন ৰে'ল কম দূৰত্বৰ বাবে, ৭০০ খন ৰে'ল দীঘলীয়া দূৰত্বৰ বাবে আৰু ৫৬০ খন ৰে'ল ৰিং ৰে'ল হিচাপে চলিব।
তেওঁ কয় যে, মহা কুম্ভ ২০২৫ৰ সময়ছোৱাত বিশাল জনসমাগমৰ বাবে ভাৰতীয় ৰে'লৱেৰ সকলো প্ৰান্তৰ পৰা ১৮,০০০ তকৈও অধিক ৰে'ল সুৰক্ষা বাহিনী (আৰপিএফ) আৰু ৰাজ্যিক ৰে'ল আৰক্ষীৰ জোৱান প্ৰয়াগৰাজত কৰ্তব্যৰত থাকিব।
এই সময়ছোৱাত, চহৰৰ ফালৰ পৰা প্ৰৱেশ আৰু প্ৰয়াগৰাজ জংচনত চিভিল লাইনৰ ফালৰ পৰা প্ৰস্থানক ৰাৰ ব্যৱস্থা থাকিব।
জেনেৰেল মেনেজাৰগৰাকীয়ে কয় যে, যাত্ৰীসকলক চিকিৎসা সেৱা প্ৰদান কৰাৰ বাবে প্ৰয়াগৰাজ জংচনত অক্সিজেন চিলিণ্ডাৰ, কনচেণ্ট্ৰেটৰ, ইচিজি মেচিন, গ্লুকমেটাৰ, নেবুলাইজাৰ আৰু ষ্ট্ৰেচ্ছাৰকে ধৰি সকলো ধৰণৰ চিকিৎসা সহায়কসহ এটা ছয় বিচনা পৰ্যৱেক্ষণ কোঠা স্থাপন কৰা হৈছে।
যোশীয়ে লগতে কয় যে, যাত্ৰীসকলৰ সুৰক্ষাৰ বাবে ১,১৮৬ টা চিচিটিভি কেমেৰা কাৰ্যকৰী কৰা হ'ব। যাৰ ভিতৰত প্ৰায় ১১৬ টা কেমেৰাত এআই-আধাৰিত মুখ চিনাক্তকৰণ প্ৰণালী আছে। যি অসামাজিক কাৰ্যকলাপ চিনাক্ত কৰাত সহায় কৰিব।