Advertisment

ভাৰতীয় ৰে'লৱেয়ে আফ্ৰিকালৈ ৰপ্তানি কৰিব ডিজেল চালিত ৰে'ল ইঞ্জিন

ভাৰতীয় ৰে’লৱে এক বৃহৎ মাইলৰ খুঁটিত উপনীত হৈছে। বৰ্তমানলৈকে ভাৰতীয় ৰে'লৱেয়ে ৯৬ শতাংশ বৈদ্যুতিকৰণ সম্পূৰ্ণ কৰিছে। ভাৰতীয় ৰে'লৱে সম্পূৰ্ণ বৈদ্যুতিকৰণৰ দিশে আগবাঢ়ি যোৱাৰ সমান্তৰালকৈ আন্তৰ্জাতিক বজাৰলৈয়ো দৃষ্টি নিক্ষেপ কৰিছে।

author-image
Asomiya Pratidin
New Update
বিশ্ব বজাৰত খোজ ভাৰতীয় ৰে'লৱেৰ

ডিজিটেল ডেস্কঃ ভাৰতীয় ৰেলৱে এক বৃহৎ মাইলৰ খুঁটিত উপনীত হৈছে। বৰ্তমানলৈকে ভাৰতীয় ৰে'লৱেয়ে ৯৬ শতাংশ বৈদ্যুতিকৰণ সম্পূৰ্ণ কৰিছে। ভাৰতীয় ৰে'লৱে সম্পূৰ্ণ বৈদ্যুতিকৰণৰ দিশে আগবাঢ়ি যোৱাৰ সমান্তৰালকৈ আন্তৰ্জাতিক বজাৰলৈয়ো দৃষ্টি নিক্ষেপ কৰিছে।

Advertisment

সেই অনুসৰি ভাৰতীয় ৰে'লৱেয়ে আফ্ৰিকাৰ দেশসমূহলৈ ডিজেল চালিত ৰে'ল ইঞ্জিন ৰপ্তানি কৰাৰ পৰিকল্পনা হাতত লৈছে। ভাৰতীয় ৰে'ল উদ্যোগে স্বদেশত নিৰ্মাণ কৰা ডিজেল চালিত ৰে'ল ইঞ্জিন আফ্ৰিকা মহাদেশলৈ ৰপ্তানি কৰি সেই দেশসমূৰ নিৰ্ভৰযোগ্য পৰিবহণৰ চাহিদা পূৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

জানিব পৰা মতে ভাৰতীয় ৰে'লৱেয়ে প্ৰথমে আফ্ৰিকাৰ বাবে ২০ টা ডিজেল চালিত ৰে'ল ইঞ্জিন ৰপ্তানি কৰিব। এইসমূহ প্ৰধানত ষ্টীল আৰু খনন উদ্যোগত ব্যৱহাৰ হ'ব।

এই ৰপ্তানিৰ প্ৰথম অৰ্ডাৰৰ মূল্য ৫০ কোটি টকা। এই ইঞ্জিনসমূহৰ আয়ুস হ'ব ১৫ ৰ পৰা ২০ বছৰ। আফ্ৰিকাৰ দেশসমূহৰ বিশেষ চাহিদাৰ কথা মনত ৰাখি ইঞ্জিনসমূহ নিৰ্মাণৰ সময়ত ভাৰতত ব্যৱহৃত ইঞ্জিনতকৈ সামান্য পৰিবৰ্তন কৰা হব।

ৰেল ইণ্ডিয়া টেকনিকেল এণ্ড ইকোনমিক ছাৰ্ভিছেচে এই অৰ্ডাৰ লাভ কৰিছে আৰু ইয়াক সম্পূৰ্ণ কাৰ্যকৰী কৰিব। এই ডিজিলে ইঞ্জিনসমূহ প্ৰধানত দক্ষিণ আফ্ৰিকাৰ দেশত ব্যৱহাৰ হব। যত ৰেল নেটৱৰ্কত ক্যেপ গজ ট্ৰেক ব্যৱহাৰ কৰা হয়।

এই ট্ৰেকসমূহ ভাৰতীয় ৰে চলাচল কৰা ব্ৰড গজ ট্ৰেকতকৈ সামান্য সৰু। ভাৰতীয় ব্ৰড গজ ট্ৰেক ১.৬ মিটাৰৰ আৰু দক্ষিণ আফ্ৰিকাৰ দেশসমূহৰ ক্যেপ গজ ১.০৬ মিটাৰৰ। সেয়ে ইঞ্জিনসমূহ নিৰ্মাণ কৰাৰ সময়ত এই কথা মনত ৰাখি সামান্য পৰিবৰ্তন কৰা হব।

আফ্ৰিকাত চলিবলগীয়া এই ইঞ্জিনসমূহৰ ৰিডিজাইনৰ কাম কৰিব ৰিছাৰ্চ ডিজাইন এণ্ড ষ্টেণ্ডাৰ্ড অৰ্গেনাইজেছনে। পেৰামবুৰ লোকো ৱৰ্কাৰ্ছৰ এগৰাকী শীৰ্ষ বিষয়াই জনোৱা অনুসৰি কলকাতাৰ চিত্তৰঞ্জন লোকোমোটিভ ৱৰ্কশ্বপত ইঞ্জিনসমূহত এই পৰিবৰ্তন কৰা হব।  

ভাৰতীয় ৰে'লৱে দক্ষিণ আফ্ৰিকা