/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/29ed0344-f656-4424-8a1e-1de8b6ca3943/indian_navy_30.jpg)
সাগৰীয় দস্যুৰ কৱলৰ পৰা ভাৰতীয় নৌ সেনাই উদ্ধাৰ কৰিলে ইৰাণী জাহাজ...
ডিজিটেল ডেস্কঃ সাগৰীয় দস্যুৰ কৱলৰ পৰা ইৰাণৰ মাছমৰীয়াৰ এখন জাহাজ উদ্ধাৰ কৰিলে ভাৰতীয় নৌ সেনাই। আৰৱ সাগাৰৰ বুকুত কেইবাঘণ্টাৰ অভিযান চলাই ভাৰতীয় নৌ সেনাই কেৱল জাহাজখন উদ্ধাৰ কৰাই নহয় ২৩ জনকৈ পাকিস্তানী ক্ৰু মেম্বাৰকো ৰক্ষা কৰে।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি ইৰাণৰ আল কাম্বাৰ ৭৮৬ নামৰ জাহাজখন লৈ আৰৱ সাগৰত মাছ ধৰিবলৈ গৈছিল এটা দলে। এই দলটোত আছিল ২৩ জনকৈ পাকিস্তানৰো নাগৰিক।
কিন্তু সাগৰৰ মাজত হঠাৎ জলদস্যুৰ আক্ৰমণৰ সন্মুখীন হয় এই জাহাজখন। ইয়াৰ পাছতে জাহাজখন হাইজেক কৰে জলদস্যুৱে। এই ঘটনাৰ সন্দৰ্ভত ভাৰতীয় নৌসেনালৈ এক বাৰ্তা আহে। এই বাৰ্তাৰ আলমতে জাহাজখন মুক্ত কৰিবলৈ ভাৰতীয় নৌ সেনাই পদক্ষেপ হাতত লয়।
ভাৰতীয় নৌ সেনাই তদলদাৰী জাহাজ আই এন এছ সুমেধাৰ জৰিয়তে হাইজেক হোৱা জাহাজখনৰ সন্ধানত অভিযান আৰম্ভ কৰে। এই অভিযানৰ জৰিয়তেই সাগৰৰ পাৰৰ পৰা ১৬৭ কিলোমিচাৰ দূৰত্বত হাইজেক হোৱা জাহাজখনৰ সম্ভেদ লাভ কৰে আৰু জাহাজখন জলদস্যুৰ কৱলৰ পৰা উদ্ধাৰ কৰে।
জানিব পৰা মতে এই জাহাজখন উদ্ধাৰৰ বাবে ভাৰতীয় নৌসেনাই ১২ ঘণ্টীয়া এক অভিযান চলাইছিল। এই ১২ ঘণ্টীয়া অভিযানত জলদস্যুৰ দলটোৰ সৈতে সংঘাতত লিপ্ত হয়। ১২ ঘণ্টীয়া এই সংঘাতৰ অন্তত জলদস্যুৰ দলটোৱে আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয়।
জলদস্যুৰ কৱলৰ পৰা জাহাজখন উদ্ধাৰৰ পাছতে ইৰাণী জাহাজখন নিৰাপদ স্থানলৈ নি যাবলৈ দিয়া হয়। জাহাজখনৰ আটাইকেইজন লোকেই সুৰক্ষিত হৈ আছে।
উল্লেখ্য ভাৰতীয় নৌ সেনাই সাগৰীয় বাণিজ্যত প্ৰভাৱ পেলোৱা ছোমালিয়াৰ জলদস্যু, হাউথী বিদ্ৰোহীৰ পৰা সাগৰীয় পথ মুক্ত কৰিবলৈ অপাৰেচন সংকল্প আৰম্ভ কৰিছে। এই বিদ্ৰোহী আৰু জলদস্যুৰ বাবেই সাগৰীয় বাণিজ্যত যথেষ্ট প্ৰভাৱ পৰিছে আৰু জাহাজৰ চলাচল ব্যাহত হৈ পৰিছে। এই অপাৰেচন সংকল্পৰ জৰিয়তেই ভাৰতীয় নৌ সেনাই কিছুদিন পূৰ্বে ৩৫ জন ছোমালিয়ান জলদস্যুক আটক কৰি আৰক্ষীক গতাই দিছিল।
#IndianNavy Responds to Piracy Attack in the #ArabianSea.
Inputs received on a potential piracy incident onboard Iranian Fishing Vessel 'Al-Kambar' late evening on #28Mar 24, approx 90 nm South West of Socotra.
Two Indian Naval ships, mission deployed in the #ArabianSea for… pic.twitter.com/PdEZiCAu3t— SpokespersonNavy (@indiannavy) March 29, 2024
Also Read: 'কংগ্ৰেছ এতিয়া ICU ত আছে'- ৰঞ্জিত দত্ত