হাস্পতালৰ বিচনাত জীৱন, মৃত্যুৰে যুঁজিছে পৱনদ্বীপ ৰাজনে

ইণ্ডিয়ান আইড’ল ছিজন-১২ৰ বিজয়ী পৱনদ্বীপ ৰাজন উত্তৰাখণ্ডৰ পৰা দিল্লী অভিমুখে যাত্ৰা কৰাৰ সময়তে সোমবাৰে পুৱতি নিশা এক পথ দুৰ্ঘটনাত অতি গুৰুতৰভাৱে আহত হৈছে।

author-image
Tushar Pratim
New Update
হাস্পতালৰ বিচনাত জীৱন, মৃত্যুৰে যুঁজিছে পৱনদ্বীপে

ডিজিটেল ডেস্কঃ ইণ্ডিয়ান আইড’ল ছিজন-১২ৰ বিজয়ী পৱনদ্বীপ ৰাজন এক পথ দুৰ্ঘটনাত অতি গুৰুতৰভাৱে আহত হৈছে। সুৰীয়া কণ্ঠৰ অধিকাৰী পৱদ্বীপ উত্তৰাখণ্ডৰ পৰা দিল্লীলৈ যাত্ৰা কৰাৰ সময়তে এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয়। 

Advertisment

জানিব পৰা মতে দিল্লী অভিমুখী পৱনদ্বীপৰ বাহনখনে উত্তৰ প্ৰদেশৰ আমৰোহত এখন বাহনত খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাৰ ফলত পৱনদ্বীপ অতি গুৰুতৰ ভাৱে আহত হৈছে। তেওঁৰ সৈতে বাহনখনত থকা আন দুজন লোকো অতি গুৰুতৰ ভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে।

উন্নত চিকিৎসাৰ বাবে তেওঁলোকক দিল্লীলৈ প্ৰেৰণ কৰা হৈছে। এই দুৰ্ঘটনা গজৰৌলা থানা এলেকাৰ ৯ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে। তেওঁলোকে এম জি হেক্টৰ বাহনেৰে উত্তৰাখণ্ডৰ পৰা দিল্লী অভিমুখে গৈ আছিল।  

জানিব পৰা মতে দুৰ্ঘটনাৰ সময়ত চালকৰ আসনত থকা লোকজনৰ হঠাতে টোপনি আহে। ঠিক সেই মুহূৰ্ততে সন্মুখৰ পৰা আন এখন কণ্টেইনাৰ বাহন আহি ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ আছিল।চালকজন টোপনিত থকাত এই কণ্টেইনাৰ বাহখন নেদেখি তাত খুন্দা মাৰে।

গজৰৌলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অখিলেশ প্ৰধানে জানিবলৈ দিয়া মতে, পৱনদ্বীৰ এম জি হেক্টৰ বাহনখনে পিছফালৰ পৰা ৰখাই থোৱা বাহখনত খুন্দা মাৰে। এই তথ্য লাভ কৰি আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক প্ৰাথমিক চিকিৎসাৰ বাবে প্ৰথমে ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰে।
পিছত গায়কজনক নয়ডাৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু পৰিয়ালৰ লোক আহি উপস্থিত হয়। এই ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে অনুৰাগী আৰু সহযোগী শিল্পীসকলে তেওঁৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছে। 
পথ দুৰ্ঘটনা