/asomiyapratidin/media/media_files/2025/05/22/g9DkmGGpxCWiHpixgnaq.jpg)
ডিজিটেল ডেস্কঃ ভাৰতীয় বিমান সংস্থাসমূহে ২০২৫ চনৰ এপ্ৰিল মাহত মুঠ ১৪৩.৬ লাখ ঘৰুৱা যাত্ৰী কঢ়িয়াইছে। যি যোৱা বছৰৰ এপ্ৰিলৰ তুলনাত ৮.৪৫ শতাংশ অধিক। DGCA –এৰ ফালৰ পৰা এই তথ্য সদৰি কৰা হৈছে।
DGCA ৰ তথ্য অনুসৰি, ২০২৫ চনৰ জানুৱাৰী-এপ্ৰিল মাহৰ ভিতৰত মুঠ ৫৭৫.১৩ লাখ ঘৰুৱা যাত্ৰীয়ে যাত্ৰা কৰিছে। ২০২৪ চনৰ একে সময়ছোৱাত যাত্ৰা কৰা ৫২৩.৪৬ লাখ যাত্ৰীৰ তুলনাত ৯.৮৭ শতাংশ অধিক।
তথ্য অনুসৰি ইয়াৰে সৰ্বাধিক ৬৪.১ শতাংশ ইণ্ডিগো, ২৭.২ শতাংশ এয়াৰ ইণ্ডিয়া, ৫ শতাংশ আকাছা আৰু ২.৬ শতাংশ যাত্ৰী স্পাইছজেটে কঢ়িয়াইছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us