Advertisment

১.৪২ কোটি যাত্ৰী কঢ়িয়াই অভিলেখ ভাৰতীয় বিমান সংস্থাৰ

ভাৰতীয় বিমান সংস্থাৰ ঘৰুৱা বজাৰৰ অংশীদাৰিত্বত ইণ্ডিগ'ৱে ৬১.৬ শতাংশৰে শীৰ্ষ স্থানত আছে। তাৰ পাছতে এয়াৰ ইণ্ডিয়াই ২৪.৪ শতাংশৰে দ্বিতীয় স্থানত আছে। তৃতীয় স্থানত আছে আকাশা এয়াৰ

author-image
Asomiya Pratidin
New Update
xfg

ডিজিটেল ডেস্কঃ  বিমান পৰিবহনৰ চাহিদা বৃদ্ধিৰ মাজতে ভাৰতীয় বিমান সংস্থা সমূহে নৱেম্বৰত ঘৰুৱা বিমান যাত্ৰী কঢ়িওৱা ক্ষেত্ৰত পূৰ্বৰ অভিলেখ ভংগ কৰিছে। এই মাহটোত ভাৰতীয় বিমান সংস্থা সমূহে ১.৪২ কোটি যাত্ৰী কঢ়িয়াবলৈ সক্ষম হৈছে। যিটো ১২ শতাংশ অধিক।

Advertisment

ঘৰুৱা বজাৰৰ অংশীদাৰিত্বত ইণ্ডিগ'ৱে ৬১.৬ শতাংশৰে শীৰ্ষ স্থানত আছে। তাৰ পাছতে এয়াৰ ইণ্ডিয়াই ২৪.৪ শতাংশৰে দ্বিতীয় স্থানত আছে। তৃতীয় স্থানত আছে আকাশা এয়াৰ আৰু চতৰ্থ স্থানত আছে স্পাইচ জেট। অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ তথ্য অনুসৰি এলায়েন্স এয়াৰ ০.৭% ত স্থিৰ হৈ আছে। 

ডিজিচিএৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ‘২০২৪ চনৰ জানুৱাৰী-নৱেম্বৰ মাহত ঘৰুৱা বিমান সংস্থাসমূহে কঢ়িয়াই অনা যাত্ৰীসকলৰ সংখ্যা ১,৪৬৪.০২ লাখ আছিল। যিটো পূৰ্বৰ বছৰৰ একে সময়ছোৱাত ১,৩৮২.৩৪ লাখ। ইয়াৰ ফলত বাৰ্ষিক ৫.৯১ শতাংশ বৃদ্ধি পাইছে। মাহেকীয়াভাৱে ১১.৯০ শতাংশ বৃদ্ধি পঞ্জীয়ন কৰা হৈছে।

ঘৰুৱা বিমান যাত্ৰীৰ যাতায়ত নৱেম্বৰ মাহত ১৪২.৫২ লাখ আছিল, যিটো পূৰ্বৰ একে সময়ছোৱাত ১২৭.৩৬ লাখ আছিল। চলিত বৰ্ষৰ অক্টোবৰ মাহত ঘৰুৱা যাত্ৰীৰ সংখ্যা আছিল ১.৩৬ কোটি।

ভাৰতীয় বিমান সংস্থা