Advertisment

ভাৰতীয় সেনাৰ নতুন সদস্য ''ছাবল-২০'': অৰুণাচল, ছিকিমত ল'ব বিশেষ ভূমিকা

ভাৰতৰ নিজস্ব প্ৰতিৰক্ষা প্ৰযুক্তি আৰু উৎপাদন খণ্ডই এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। এই খণ্ডটোৱে স্বদেশী প্ৰযুক্তিৰে নিৰ্মাণ কৰা 'ছাবল-২০' লজিষ্টিক ড্ৰোণ ভাৰতীয় সেনা বাহিনীত অন্তৰ্ভুক্ত কৰা হৈছে। 

author-image
Asomiya Pratidin
New Update
ভাৰতীয় সেনাৰ নতুন সদস্য ছাবল-২০

ভাৰতীয় সেনাৰ নতুন সদস্য ''ছাবল-২০'': অৰুণাচল, ছিকিমত ল'ব বিশেষ ভূমিকা

ডিজিটেল ডেস্কঃ ভাৰতৰ নিজস্ব প্ৰতিৰক্ষা প্ৰযুক্তি আৰু উৎপাদন খণ্ডই এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। এই খণ্ডটোৱে স্বদেশী প্ৰযুক্তিৰে নিৰ্মাণ কৰা 'ছাবল-২০' লজিষ্টিক ড্ৰোণ ভাৰতীয় সেনা বাহিনীত অন্তৰ্ভুক্ত কৰা হৈছে। 

Advertisment

এই লজিষ্টিক ড্ৰোণ আই আই টি কাণপুৰৰ দ্বাৰা উন্নত কৰা এক বিশেষ প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে। ইয়াৰ জৰিয়তে সেনা বাহিনীৰ গোপনীয় ক্ষমতা বৃদ্ধি পাব। তাৰোপৰি এই ড্ৰোণ প্ৰত্যাহ্বানমূলক অঞ্চলসমূহত উন্নত লজিষ্টিক সহায়তা প্ৰদান কৰিব।

বুধবাৰে ভাৰতীয় সেনা বাহিনীয়ে সফলতাৰে ''ছাবল-২০'' ড্ৰোণ ইষ্টাৰ্ণ থিয়েটাৰ অৰুণাচল প্ৰদেশ, ছিকিমত স্থাপন কৰিছে। এই অঞ্চলৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (লাইন অফ একচুৱেল কণ্ট্ৰোল)ৰ অঞ্চলত ব্যৱহাৰ কৰা হ'ব। এই অঞ্চলত সেনা বাহিনীয়ে সন্ত্ৰাসবিৰোধী অভিযান আৰু মানৱিক সহয়তা তথা প্ৰাকৃতিক দুৰ্যোগৰ মোকাবিলা কৰাত এই ড্ৰোণ ব্যৱহাৰ কৰিব।

''ছাবল-২০'' ড্ৰোণ তৈয়াৰ কৰিছে EndureAir নামৰ শীৰ্ষস্থানীয় অনমনীয় বিমান প্ৰযুক্তি প্ৰতিষ্ঠানে। এই ড্ৰোন বিশেষভাৱে এৰিয়েল লজিষ্টিক কামৰ বাবে প্ৰস্তুত কৰা হৈছে। এই ড্ৰোণে ২০ কেজিলৈকে পেলোড কঢ়িয়াবলৈ সক্ষম। ''ছাবল-২০'' ৰ নিজা ওজন হৈছে ৪০ কেজি। অৱশ্যে ভৱিষ্যতে এই ড্ৰোণৰ বহন ক্ষমতা বৃদ্ধি কৰা হ'ব বুলিও জানিব পৰা গৈছে। 

''ছাবল-২০'' ড্ৰোণৰ উন্নত ভাৰ্টিকেল টেক-অফ আৰু লেণ্ডিং (ভি টি অ'এল) প্ৰযুক্তিয়ে ইয়াক সংকীৰ্ণ আৰু দুৰ্গম এলেকাত অভিযানৰ বাবে উপযুক্ত কৰি তুলিছে। ইয়াৰ নিম্ন আৰ পি এম ডিজাইনে ড্ৰোণ উৰণৰ সময়ৰ শব্দ হ্ৰাস কৰিছে।

ফলত অতি সংবেদনশীল অভিযানত গোপনীয়তা বজাই ৰখাতো সহায়ক হ'ব। ইয়াৰ উপৰিও, এই ড্ৰোণে অত্যাধুনিক স্বতন্ত্ৰ উৰণ ক্ষমতা আৰু ব্যৱহাৰকাৰী-অনুকূল নিয়ন্ত্ৰণৰ সৈতে জটিল কামবোৰ সৰল কৰি তুলিব। আনকি অফ-ভিজুৱেল লাইন (বি ভি এল অ' এছ) কাৰ্যকলাপতো এই ড্ৰোণ ব্যৱহাৰ কৰিব পাৰিব।

আই আই টি কাণপুৰৰ মতে অতি উন্নত প্ৰযুক্তিৰে নিৰ্মাণ কৰা এই ড্ৰোণে প্ৰতিৰক্ষা আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ সক্ষম হ'ব। ইয়াক মেটা থিয়ৰী চিষ্টেমছ প্ৰাইভেট লিমিটেডত নিৰ্মাণ আৰু প্ৰয়োগৰ বাবে অনুজ্ঞাপত্ৰ দিয়া হৈছে। ভাৰতৰ এই উন্নত প্ৰতিৰক্ষা প্ৰযুক্তিয়ে দেশৰ নিৰাপত্ত ব্যৱস্থাক আৰু অধিক শক্তিশালী কৰাৰ লগতে সেনাবাহিনীৰ কাম-কাজ আৰু অধিক দ্ৰুত তথা দক্ষ কৰি তুলিব বুলি আশা কৰা হৈছে।

 

প্ৰতিৰক্ষা বিভাগ ভাৰতীয় সেনা