
ডিজিটেল ডেস্ক: প্ৰতি বছৰে ১৫ জানুৱাৰীত ভাৰতীয় সেনা দিৱস পালন কৰা হয়।ভাৰতীয় সেনাই আজি ইয়াৰ ৭৫ সংখ্যক সেনা দিৱস উদযাপন কৰিছে। ১৯৪৯ চনৰ আজিৰ দিনটোতে ভাৰতীয় সেনাৰ প্ৰথম কমাণ্ডাৰ ইন চীফ কন্দনডেৰা এম. কাৰীয়াপ্পায়ে (তেতিয়া লেফটেনেণ্ট জেনেৰেল) অন্তিম ব্ৰিটিছ কমাণ্ডাৰ ইন চীফ জেনেৰেল ছাৰ ফ্ৰান্সিছ বুটচাৰৰ পৰা কাৰ্য্যভাৰ গ্ৰহণ কৰিছিল। পিছলৈ তেওঁ ভাৰতৰ ফিল্ড মাৰ্শ্বাল পদলৈ উন্নীত হৈছিল।
এই দিৱস বিভিন্ন সেনাৰ কাৰ্য্যালয়ৰ লগতে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত বিভিন্ন অনুষ্ঠান আৰু পেৰেড অনুষ্ঠিত কৰি পালন কৰা হয়। সেনা দিৱস দিল্লীৰ ইণ্ডিয়া গেটৰ কাষত থকা অমৰ জোৱান জ্যোতিত কেন্দ্ৰীয় ভাবে উদ্যাপন কৰা হয়। এই দিৱস দেশৰ বাবে প্ৰাণ আহুতি দিয়া প্ৰতিটো ছহিদ সেনালৈ শ্ৰদ্ধা নিবেদন কৰাৰ উদ্দেশ্যে পালন কৰা হয়।
সেনা দিৱসৰ দিনটোতে বীৰত্ব বঁটা আৰু সেনা পদকো প্ৰদান কৰা হয়।আনহাতে, ভাৰতৰ সৰ্বোচ্চ সামৰিক বঁটা পৰম বীৰ চক্ৰ আৰু অশোক চক্ৰ বঁটা বিজয়ীসকলে প্ৰতি বছৰে সেনা দিৱসৰ কুচকাৱাজত অংশগ্ৰহণ কৰে।উল্লেখ্য, ২০২০ চনত কেপ্টেইন তানিয়া শ্বেৰগিল সেনা দিৱসৰ কুচকাৱাজত আদেশ দিয়া প্ৰথম গৰাকী মহিলা বিষয়া হিচাপে পৰিগণিত হয়।