/asomiyapratidin/media/media_files/2025/05/16/h9xf90RDOWhAd46QP6g9.jpg)
ডিজিটেল ডেস্কঃ আমেৰিকাৰ এখন বিশ্ববিদ্যালয়ত অধ্যয়নৰ সুযোগ পায়ো নিজৰ এক সাধাৰণ ভুলৰ বাবেই সেই সুযোগ হেৰুৱালে এজন ছাত্ৰই। ভিছাৰ বাবে আবেদন কৰাৰ সময়ত কৰা এক প্ৰশ্নক সাধাৰণভাৱে দিয়া উত্তৰৰ বাবেই এই ছাত্ৰজনে হেৰুৱালে সেই সুযোগ। তাৰ পাছতেই নেট দুনীয়াত এতিয়া ভাইৰেল এই বিষয়টো।
দিল্লীৰ এগৰাকী ছাত্ৰই আমেৰিকাৰ নিউয়ৰ্কস্থিতি CUNY Baruch College ত ফাইনেন্স বিষয়ত স্নাতকোত্তৰত অধ্যয়নৰ সুযোগ লাভ কৰিছিল। ইয়াৰ বাবে তেওঁ লাভ কৰিছিল ৫৮,৫০০ ইউ এছ ডলাৰৰ ঋণো। সেই অনুসৰিয়েই তেওঁৰ নামভৰ্তিৰ সকলো প্ৰক্ৰিয়াৰ আনুষ্ঠানিকতা সম্পন্ন হৈছিল।
অপেক্ষা আছিল কেৱল ভিছাৰ। এফ-১ ভিছা আবেদন কৰা ছাত্ৰজনৰ সময়ত ভিছাৰ বাবে আহিল ইণ্টাৰভিউৰ সময়। এই ইণ্টাৰভিউতে তেওঁক কৰা হৈছিল এটা সাধাৰণ প্ৰশ্ন। তেওঁক প্ৰশ্ন কৰা হৈছিল, সেই নিৰ্দিষ্ট শিক্ষানুষ্ঠানখনকে তেওঁ অধ্যয়নৰ বাবে কিয় নিৰ্বাচন কৰিলে?
এই প্ৰশ্নৰ উত্তৰত ছাত্ৰজনে ক’লে, মই ৩ বছৰীয়া স্নাতকোত্তৰৰ পাঠ্যক্ৰমৰ বাবে বিশ্ববিদ্যালয়ৰ সন্ধানত আছিলো। LinkedIn ত এই কলেজৰ বিষয়ে বহু ভাল কথা পঢ়িলো। তাৰ পিছতেই আবেদন কৰিলো আৰু সুযোগ পালো।
ছাত্ৰগৰাকীৰ এই উত্তৰৰ বাবেই তেওঁক দিয়া নহ’ল ভিছা। ভিছা লাভ নকৰাত তেওঁ হেৰুৱালে আমেৰিকাত অধ্যয়নৰ সুযোগ। কিন্তু তেওঁৰ এই উত্তৰত কি ভুল আছিল? কিয় তেওঁক এই উত্তৰৰ বাবেই ভিছা প্ৰদান কৰা নহ’ল? এই লৈ সামাজিক মাধ্যমত বিভিন্নজনে বিভিন্ন মন্তব্য কৰিছে।
কোনো কোনোৱে মন্তব্য কৰিছে ছাত্ৰগৰাকীৰ উত্তৰ আছিল একেবাৰে সাধাৰণ। তাত নাছিল কোনো প্ৰতিশ্ৰুতি অথবা অধ্যয়নৰ স্পৃহা। ১০ মিনিটত সামাজিক মাধ্যমত শিক্ষানুষ্ঠান বিচাৰি ভৱিষ্যত নিৰ্ধাৰণৰ শিক্ষাৰ্থীগৰাকীৰ মানসিকতাত নাছিল শিক্ষানুষ্ঠানখনৰ প্ৰতি শ্ৰদ্ধা।
একাংশৰ মতে আকৌ ছাত্ৰজনে অধ্যয়নৰ বাবে নহয়, পাঠ্যক্ৰমৰ নামত লাভ কৰা ঋণেৰে আমেৰিকাত ফুৰিবলৈ যোৱাৰহে আগ্ৰহ বেছি আছিল ছাত্ৰজনৰ। আমেৰিকা ভ্ৰমণৰ কথা মনত ৰাখিয়েই তেওঁ সামাজিক মাধ্যমত তেনে সুবিধাজনক শিক্ষানুষ্ঠান বাচি লৈ আবেদন কৰিছে। সেয়ে তেওঁক ভিছা দিয়াৰ পৰা বিৰত আছে।
আন বহুতৰ মতে আকৌ ইয়াৰ লগত জড়িত হৈ আছে অৰ্থনৈতিক কাৰণ। এজন ব্যক্তিয়ে উল্লেখ কৰিছে যে, অর্থনৈতিক প্রশ্নৰ উত্তৰ দিয়াৰ সময়ত সদায় মাতৃ-পিতৃ, ব্যক্তিগত জমা, আৰু তাৰ পাছতহে ঋণৰ কথা ক’ব লাগে। তেওঁলোকেও জানে যে তুমি আমেৰিকাত কাম কৰি ঋণ পৰিশোধ কৰিব বিচৰা।
সেয়া যিয়েই নহওঁক এই ঘটনাই এটা কথা পুনৰ এবাৰ সোঁৱৰাই দিলে যিকোনো এটা বিষয়ত প্ৰতিটো প্ৰশ্নৰ উত্তৰৰ গভীৰতা থকা উচিত। প্ৰশ্নৰ উত্তৰ দিয়াৰ সময়ত সঠিক ভাৱে বিচাৰ, বিবেচনা কৰাৰ প্ৰয়োজন। ভিছাৰ সাক্ষাৎকাৰৰ সময়ত কেৱল নথিপত্ৰ আৰু ধনেই নহয়, উত্তৰৰ গভীৰতা, প্ৰস্তুতি আৰু যুক্তিও সমানে গুৰুত্বপূর্ণ।