/asomiyapratidin/media/media_files/2025/05/11/aXQ2O2mv0pLiWNxEJh10.jpg)
ডিজিটেল ডেস্কঃ অপাৰেচন সিন্দূৰ এতিয়াও অন্ত পেলোৱা নাই ভাৰতীয় বায়ু সেনাই। আজি ভাৰতীয় বায়ু সেনাই তেওঁলোকৰ অফিচিয়েল এক্স হেণ্ডেলৰ জৰিয়তে এই কথাই উল্লেখ কৰিছে।
এক্স হেণ্ডেলৰ এটা পোষ্টত বায়ু সেনাই উল্লেখ কৰিছে, ভাৰতীয় বায়ু সেনাই (আই এ এফ) অপাৰেচন সিন্দূৰত নিজৰ নিৰ্ধাৰিত কাম সম্পূৰ্ণ নিখুঁত আৰু পেছাদাৰীত্বৰে সফলতাৰে সম্পন্ন কৰিছে। তাৰোপৰি বায়ু সেনাই স্পষ্ট কৰিছে ৰাষ্ট্ৰীয় উদ্দেশ্যৰ সৈতে সংগতি ৰাখি সচেতনতাৰে আৰু বিচ্ছক্ষণতাৰে এই অভিযান চলোৱা হৈছিল।
বায়ু সেনাই কয়, যিহেতু এতিয়াও এই অভিযান চলি আছে গতিকে সময়ত বিষদভাৱে এই বিষয়ে অৱগত কৰা হ’ব। ভাৰতীয় বায়ু সেনাই সকলোকে জল্পনা-কল্পনা আৰু পৰীক্ষা নকৰা তথ্য প্ৰচাৰৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে।
উল্লেখ্য যে, ভাৰত আৰু পাকিস্তানে আমেৰিকাৰ মধ্যস্থতাত ১০ মে’ৰ সন্ধিয়া ৫ বজাৰ পৰা ১২ মে’ৰ পুৱা ১২ বজালৈ যুদ্ধ বিৰতি ঘোষণা কৰিছে। এই বিষয়ে প্ৰথমে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক্স হেণ্ডেলৰ জৰিয়তে ঘোষণা কৰাৰ পাছতে ভাৰত-পাকিস্তানেও আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিছে।
The Indian Air Force (IAF) has successfully executed its assigned tasks in Operation Sindoor, with precision and professionalism. Operations were conducted in a deliberate and discreet manner, aligned with National Objectives.
— Indian Air Force (@IAF_MCC) May 11, 2025
Since the Operations are still ongoing, a detailed…