AI চালিত পেৰাচ্যুট ব্যৱহাৰ কৰিব ভাৰতীয় বায়ুসেনাইঃ আই আই টি দিল্লীৰে চুক্তি স্বাক্ষৰ

AI চালিত পেৰাচ্যুট ব্যৱহাৰ কৰিব ভাৰতীয় বায়ুসেনাইঃ আই আই টি দিল্লীৰে চুক্তি স্বাক্ষৰ

author-image
Asomiya Pratidin
New Update
AI চালিত পেৰাচ্যুট ব্যৱহাৰ কৰিব ভাৰতীয় বায়ুসেনাইঃ আই আই টি দিল্লীৰে চুক্তি স্বাক্ষৰ

ডিজিটেল ডেস্কঃ আই আই টি দিল্লী আৰু ভাৰতীয় বায়ুসেনাৰ মুখ্য কাৰ্যালয় মেইণ্টেনেন্স কমাণ্ড, নাগপুৰৰ মাজত এক গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হৈছে। এই চুক্তিৰ অধীনত আই আই টি দিল্লীয়ে ভাৰতীয় বায়ুসেনাৰ বাবে পেৰাচ্যুট আৰু অন্যান্য সঁজুলি প্ৰস্তুত কৰাৰ বাবে গৱেষণা কৰিব। উক্ত গৱেষণা মূলতঃ পেৰাচ্যুট আৰু অন্যান্য সুৰক্ষা সঁজুলিৰ ওপৰত ভিত্তি কৰি কৰা হ’ব যিবোৰ বায়ু সুৰক্ষাৰ বাবে ব্যৱহাৰ কৰা হয়।

Advertisment

উল্লেখ্য যে, আধুনিক প্ৰযুক্তি AI ব্যৱহাৰ কৰি পুৰণি সঁজুলি সলনি কৰি দেশখনক স্বাৱলম্বী কৰি তোলাই এই বুজাবুজি চুক্তিৰ উদ্দেশ্য। ইয়াৰ লগতে উন্নীতকৰণ আৰু ডিজিটেল প্ৰযুক্তিয়েও ইয়াত উল্লেখযোগ্য অৱদান আগবঢ়াব। উক্ত গৱেষণাৰ জৰিয়তে এনেধৰণৰ সামগ্ৰী প্ৰস্তুত কৰা হ’ব যিয়ে বায়ুসেনাৰ প্ৰয়োজনীয়তাসমূহ উন্নত পদ্ধতিৰে পূৰণ কৰিবলৈ সক্ষম হ’ব।

আই আই টি দিল্লীৰ ডীন (আৰ এণ্ড ডি) অধ্যাপক নৰেশ ভাটনগৰ আৰু বায়ুসেনা গোটৰ কেপ্টেইন প্ৰশান্ত পাঠকে (কমাণ্ডিং অফিচাৰ ১৬ বি আৰ ডি) অধ্যাপক আৰ. আলাগিৰুছামীৰ উপস্থিতিত এই বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। চুক্তিত সহযোগিতাৰ বাবে তলত উল্লেখ কৰা কিছু ক্ষেত্ৰ অন্তৰ্ভুক্ত কৰা বুলি দলটোৰ অধিনায়ক প্ৰশান্ত পাঠকে জানিবলৈ দিছে।

  • বিভিন্ন পেৰাচ্যুট আৰু সুৰক্ষা সঁজুলিৰ বাবে কেঁচামাল (বস্ত্ৰ/কাপোৰ) নিৰ্বাচন ।

  • কাৰিকৰী বস্ত্ৰ/কাপোৰ পৰীক্ষাৰ বাবে আধুনিক কৌশল/সঁজুলি আৰু পেৰাচ্যুট আৰু সুৰক্ষা সঁজুলিৰ সৈতে জড়িত সামগ্ৰীৰ ডিজাইনত অন্তৰ্ভুক্ত কৰাৰ বাবে উপলব্ধ শেহতীয়া মানদণ্ডৰ বিকাশ ।

  • বস্ত্ৰ, বস্ত্ৰ কেঁচামাল আৰু সম্পূৰ্ণ সামগ্ৰীৰ গুণগত গ্ৰহণযোগ্যতা পৰীক্ষাৰ বাবে এআই-ৰবটিক্স বা ইমেজিং প্ৰযুক্তি প্ৰয়োগ কৰা ।

  • পাইলট পেৰাচ্যুট , ​​ব্ৰেক পেৰাচ্যুট বা কাৰ্গো পেৰাচ্যুট কেনপি, সংশ্লিষ্ট হাৰ্নেছ আৰু ক্ৰু ৰেষ্ট্ৰেইণ্ট চিষ্টেমৰ মেচিন লাৰ্নিং ভিত্তিক ইমেজিং প্ৰযুক্তি উদ্ভাৱন কৰা, মেৰামতিৰ বাবে ফিল্ড ইউনিটৰ পৰা লাভ কৰা সম্পূৰ্ণ সামগ্ৰী ।

  • পেৰাচ্যুট আৰু আনুষংগিক সহায়ক সামগ্ৰীৰ ডিজাইন আৰু বিকাশ ।

Also Read: জগন্নাথ বৰুৱা মহাবিদ্যালয়ত অনুষ্ঠিত টাই ভাষাৰ কৰ্মশালাৰ সামৰণি

indian air force IIT Delhi MOU