ভাৰতে প্ৰয়োজন সাপেক্ষে ভৱিষ্যতেও ৰাছিয়াৰ পৰা ক্ৰয় কৰিব ইন্ধন : হৰদীপ সিং

ভাৰতে প্ৰয়োজন সাপেক্ষে ভৱিষ্যতেও ৰাছিয়াৰ পৰা ক্ৰয় কৰিব ইন্ধন : হৰদীপ সিং

ডিজিটেল ডেস্ক : ৰাছিয়াৰ ইউক্ৰেইন আগ্ৰাসনৰ পাছতেই সমগ্ৰ বিশ্ব জুৰি সৃষ্টি হৈছিল এক নৈতিক মতানক্যৰ । ৰাছিয়াক অৰ্থনৈতিক ভাৱে কোনো দেশেই প্ৰত্যক্ষ অথবা পৰোক্ষ ভাৱে সহায় নকৰাৰ চৰ্চা চলাৰ পাছতেই ইউৰোপত দেখা গৈছিল শক্তি সংকট । ৰাছিয়াই ৰপ্তানি কৰা প্ৰাকৃতিক গেছ আৰু বৈদ্যুতিক শক্তিৰ পৰিমাণৰ ক্ষেত্ৰত অহা সীমাবদ্ধতাৰ পাছত সংকটত ভূগিছিল ইউৰোপে । তেনেস্থলত কিন্তু ভাৰতে ৰাছিয়াৰ পৰা ক্ৰয় কৰা ইন্ধনৰ পৰিমাণ বিগত এপ্ৰিল মাহৰ পৰা ৫০ শতাংশ বৃদ্ধি হে পাইছিল ।

ভাৰতৰ এই আমদানিৰ বাবে বহু ৰাষ্ট্ৰীয় তথা আন্ত: ৰাষ্ট্ৰীয় দল সংগঠনে অসন্তুষ্টি প্ৰকাশ কৰাক লৈ ভাষ্য প্ৰদান কৰিছিল কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিঙে ।

এই সন্দৰ্ভত হৰদীপ সিঙে দিয়া মন্তব্য অনুসৰি, দেশৰ নাগৰিকক প্ৰয়োজনীয় শক্তি যোগান ধৰাটো চৰকাৰৰ নৈতিক কৰ্তব্য । ঠিক যিদৰে ভাৰতে আন কোনো দেশক ৰাছিয়াৰ পৰা ইন্ধন ক্ৰয় নকৰিবলৈ অনুৰোধ জনোৱা নাই তেনেদৰেই ভাৰতেও আন কোনোবা ৰাষ্ট্ৰৰ অনুৰোধত বিৰত নাথাকে ৰাছিয়াৰ পৰা ইন্ধন আমদানি কৰাত ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in