চীনক পিছ পেলাই সৰ্বাধিক জনসংখ্যাৰ দেশ হোৱাৰ দিশে ভাৰত...

চীনক পিছ পেলাই সৰ্বাধিক জনসংখ্যাৰ দেশ হোৱাৰ দিশে ভাৰত...

চলিত বৰ্ষৰ ১৫ নৱেম্বৰলৈ পৃথিৱীৰ জনসংখ্যা হ'ব ৮ বিলিয়ন

ডিজিটেল ডেস্ক : প্ৰকাশ পালে সংযুক্ত ৰাষ্ট্ৰৰ 'বিশ্ব জনসংখ্যা ২০২২ প্ৰতিবেদন' । এই প্ৰতিবেদন অনুসৰি, চলিত বৰ্ষৰে ১৫ নৱেম্বৰত বিশ্ব জনসংখ্যাই স্পৰ্শ কৰিব ৮ বিলিয়ন । দিনক দিনে বৃদ্ধি পাই অহা জনসংখ্যাৰ ফলত সৃষ্টি হোৱা সকলো সমস্যাক যেন সম্পূৰ্ণৰূপে আওকাণ কৰিছে বিশ্ববাসীয়ে । ইয়াৰ ওপৰিও বিশ্বজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰা কভিড-১৯ সংহাৰৰ পাছতো জনসংখ্যাই ৮ বিলিয়ন স্পৰ্শ কৰিবলৈ ওলোৱাটো এক চিন্তনীয় বিষয় । আনহাতে, একেই প্ৰতিবেদনে প্ৰকাশ কৰা অনুসৰি ২০৩০ চনলৈ এই জনসংখ্যা বৃদ্ধি হৈ হ'বগৈ ৮.৫ বিলিয়ন আৰু ২০৫০ লৈ ৯.৭ বিলিয়নলৈ ।

উদ্বেগজনক ভাৱে, প্ৰতিবেদন খনে প্ৰকাশ কৰা অনুসৰি, আগন্তুক ২০২৩ বৰ্ষত ভাৰতৰ জনসংখ্যাই চীনক অতিক্ৰম কৰাৰ পূৰ্ণ সম্ভাৱনা আছে । তেনেস্থলত, বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশ ৰূপে পৰিগণিত হ'ব ভাৰতবৰ্ষ ।

উল্লেখ্য যে, ভাৰতৰ বৰ্তমানৰ জনসংখ্যা ১.৩৯ বিলিয়ন আৰু চীনৰ বৰ্তমানৰ জনসংখ্যা ১.৪১ বিলিয়ন । অৰ্থাৎ প্ৰায় ২০ লক্ষাধিক লোকৰ তফাৎত সকলোতকৈ আগত আছে চীন ।

স্মৰ্তব্য যে, ইতিমধ্যেই জনসংখ্যাৰ বোজাত কোঙা হৈ যোৱা ভাৰত হৈছে উন্নয়ণশীল ৰাষ্ট্ৰ । শীতল যুদ্ধৰ পাছত নৱ্য উদাৰবাদক আকোৱালি লোৱা ভাৰতে তৃতীয় বিশ্বৰ পৰা দ্বিতীয় বিশ্বৰ দেশলৈ উন্নতি ঘটাইছিল বহু উত্থান-পতনৰ পাছত ।

তেনেস্থলত বৰ্ধিত জনসংখ্যাই সঘনাই সংকটৰ সৃষ্টি কৰা অহা ভাৰতে আনু ২০ লক্ষাধিক লোকৰ বোজা বহন কৰিব পাৰিব নে ? এই প্ৰশ্ন কেৱল জনসাধাৰণৰ বাবেই নহয় বৰং চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ পৰা অহা বিদেশীক অনায়সে নাগৰিকত্ব প্ৰদান কৰা চৰকাৰৰ বাবেও ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in