/asomiyapratidin/media/media_files/2025/01/27/DTKBSaXQ9aQy5ORArn2P.jpg)
ডিজিটেল ডেস্কঃ বিশ্বৰ অস্ত্ৰৰ বজাৰখনত ভাৰত ক্ৰমশঃ এক বৃহৎ শক্তি হোৱাৰ দিশে আগবাঢ়িছে। অস্ত্ৰৰ যোগানকৰ্তা হিচাপে ভাৰতে ইতিমধ্যে বিশ্বত চমক সৃষ্টি কৰিছে। অতি শেহতীয়াকৈ ফিলিপাইনছলৈ ব্ৰহ্ম'ছ মিছাইল ৰপ্তানি কৰা ভাৰতে এইবাৰ ইণ্ডোনেছিয়ালৈ অনুৰূপ ধৰণে ছুপৰাৰছনিক ক্ৰুজ মিছাইল ৰপ্তানি কৰাৰ বাবে ৩,৮০০ কোটি টকাৰ এক চুক্তি স্বাক্ষৰ কৰিছে।
ভাৰতৰ প্ৰতিৰক্ষা আত্মনিৰ্ভৰশীলতাৰ প্ৰতীক হৈ পৰা ব্ৰহ্ম'ছ মিছাইল এতিয়া বিশ্বব্যাপী অস্ত্ৰ বজাৰত জনপ্ৰিয় হৈ পৰিছে। ইণ্ডোনেছিয়াৰ সৈতে হোৱা চুক্তিয়ে পুনৰবাৰ ভাৰতৰ উন্নত প্ৰতিৰক্ষা সঁজুলি নিৰ্মাণ আৰু ৰপ্তানিৰ সামৰ্থক প্ৰমাণিত কৰিলে। ইয়াৰ পূৰ্বে ভাৰতে ফিলিপাইনছৰ সৈতে ৩৭৫ মিলিয়ন ডলাৰৰ এক চুক্তি স্বাক্ষৰ কৰিছিল।
উল্লেখ্য যে, এইবাৰ ভাৰতৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিবলৈ ভাৰতলৈ আহিছে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবোৱ ছুবিয়ানটো। তেওঁৰ লগত আহিছে দেশখনৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল। এই প্ৰতিনিধি দলটোৱে ব্ৰহ্মছ এৰোস্পেছৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰে।
মন কৰিবলগীয়া যে, পৃথিৱীৰ দ্ৰুততম ক্ৰুজ মিছাইল হিচাপে পৰিচিত ব্ৰহ্ম'ছে শব্দৰ গতিৰ ২.৮ গুণ বেগত গতি কৰিব পাৰে। যি শব্দৰ গতিৰ তিনিগুণ। ইয়াক স্থল, বায়ু আৰু সাগৰৰ যিকোনো স্থানৰ পৰা নিক্ষেপ কৰিব পাৰি।
ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত হোৱা এই চুক্তিৰ পাছতে ভাৰতৰ পৰা ব্ৰহ্ম'ছ মিছাইল কৰা ইণ্ডোনেছিয়া দ্বিতীয়খন দেশ হিচাপে পৰিগণিত হ’ব। উল্লেখ্য যে, ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিয়ে ভাৰত ভ্ৰমণ কৰাৰ সময়ত দুয়োখন দেশে প্ৰতিৰক্ষা আৰু কৌশলগত ক্ষেত্ৰত সহযোগিতা বৃদ্ধি, সামুদ্ৰিক সুৰক্ষা, যোগান শৃংখলা আৰু বাণিজ্য উন্নত কৰাৰ বিষয়ে আলোচনা বহিছে।
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত নিৰাপত্তা আৰু নিয়ম-আধাৰিত শৃংখলা সুৰক্ষিত কৰাৰ ক্ষেত্ৰত ইণ্ডোনেছিয়াক এক "মুখ্য অংশীদাৰ" হিচাপে চিনাক্ত কৰিছে।