/asomiyapratidin/media/media_files/2025/04/15/zuoBzoVIkXsbPHBSOmVZ.jpg)
ডিজিটেল ডেস্কঃ ভাৰতে প্ৰথমবাৰৰ বাবে ৩০ কিলোৱাটৰ শক্তিশালী লেজাৰ-ভিত্তিক অস্ত্ৰ প্ৰণালীৰ সফল পৰীক্ষা সম্পন্ন কৰিছে। যিয়ে ড্ৰ'ন, মিছাইল, আৰু চেন্সৰ ধ্বংস বা অক্ষম কৰাৰ ক্ষমতা প্ৰদৰ্শন কৰিছে। এই সফলতাৰ জৰিয়তে ভাৰত আমেৰিকা, ৰাছিয়া, চীন, যুক্তৰাজ্য আৰু ইজৰাইলৰ দৰে দেশৰ সৈতে একেশাৰীত শক্তি অস্ত্ৰ (DEW)ৰ ক্ষেত্ৰত নিজৰ স্থান দৃঢ় কৰিছে।
আন্ধ্ৰ প্ৰদেশৰ কুৰ্নুলৰ ৰাষ্ট্ৰীয় মুক্ত পৰীক্ষা ক্ষেত্ৰত লেজাৰ-DEW মাৰ্ক-II(A)ৰ একাধিক পৰীক্ষা চলোৱা হৈছিল। এই পৰীক্ষাত এখন সৰু স্থিৰ-পাখি বিমান, সাতটা ড্ৰ'নৰ জাক, আৰু ড্ৰ'ন তথা মাটিত স্থাপিত নিৰীক্ষণ কেমেৰা আৰু চেন্সৰ ৩.৫ কিলোমিটাৰ দূৰত্বত ধ্বংস বা অক্ষম কৰা হৈছিল।
ডি আৰ ডি অ’ৰ মহাপৰিচালক ড° বি কে দাসে কয়, “এইটো এটা শক্তিশালী আৰু পুনৰ ব্যৱহাৰযোগ্য অস্ত্ৰ, যিয়ে ব্যয়বহুল মিছাইলৰ পৰিৱৰ্তে ‘বিম কিল’ৰ মাধ্যমত লক্ষ্য ধ্বংস কৰে। এই অস্ত্ৰৰ খৰচ অতি কম, যি দীৰ্ঘম্যাদী যুদ্ধৰ বাবে অৰ্থনৈতিক সমাধান। ইয়েই হৈছে ভৱিষ্যতৰ প্ৰযুক্তি।”
এই ৩০ কিলোৱাটৰ বাহন-ভিত্তিক ড্ৰ'ন ধ্বংস আৰু প্ৰতিৰোধ ব্যৱস্থা (IDD&IS) ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ অগ্ৰগতি। বৰ্তমান ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে ২ কিলোৱাটৰ লেজাৰযুক্ত ২৩টা IDD&IS ব্যৱস্থা গ্ৰহণ কৰিছে। যাৰ ধ্বংস ক্ষমতা ১-২ কিলোমিটাৰ। কিন্তু নতুন মাৰ্ক-II(A)ৰ পৰিসৰ ৩.৫ কিলোমিটাৰলৈ বৃদ্ধি পাইছে।
ড° দাসে জনায়, “এই পৰীক্ষা গৰম আৰু প্ৰতিকূল পৰিস্থিতিত সম্পন্ন হৈছে। ১-১.৫ বছৰৰ ভিতৰত ব্যৱহাৰকাৰী পৰীক্ষা আৰম্ভ হ’ব আৰু ডিআৰডিঅ’ই উৎপাদনৰ বাবে প্ৰযুক্তি কোম্পানীলৈ হস্তান্তৰ কৰিব।”
ডিআৰডিঅ’ই এতিয়া ৫০ৰ পৰা ১০০ কিলোৱাটৰ DEW আৰু উচ্চ-শক্তিৰ মাইক্ৰ’ৱেভ প্ৰযুক্তিৰ ওপৰতো কাম কৰি আছে। এজন ডিআৰডিঅ’ বিষয়াই কয়, “DEWৰ ব্যয় মাত্ৰ কেইলিটাৰ মান পেট্ৰ’লৰ সমান। ই বিভিন্ন লক্ষ্য ধ্বংসৰ বাবে দীৰ্ঘম্যাদী আৰু কম খৰচী।”