ডুবাই, ইণ্ডোনেছিয়া, মালয়েছিয়া বাংলাদেশত হাহাকাৰঃ ভাৰতে ২০২৩ লৈ ৰপ্তানি নকৰে চেনী...

ভাৰতে ২০২৩ লৈ ৰপ্তানি নকৰে চেনী
ভাৰতে ২০২৩ লৈ ৰপ্তানি নকৰে চেনী

ডিজিটেল ডেস্কঃ অত্যাধিক মূল্যবৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে চেনী ৰপ্তানীৰ ওপৰত থকা নিষেধাজ্ঞা ২০২৩ চনৰ অক্টোবৰ পৰ্যন্ত বৃদ্ধি কৰিছে। ভাৰতৰ ঘৰুৱা বজাৰত চেনীৰ বৰ্ধিত মূল্যৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

উল্লেখ্য যে ভাৰত চৰকাৰে পূৰ্বে চেনীৰ মূল্য বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি যোৱা ১ জুনৰ পৰা চলিত বছৰৰে ৩১ অক্টোবৰলৈ চেনী ৰপ্তানিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। পুনৰ ভাৰত চৰকাৰে সেই সিদ্ধান্তৰ পৰ্যালোচনা কৰি ২০২৩ চনলৈ বৃদ্ধি কৰিছে।

মন কৰিবলগীয়া যে ভাৰত বিশ্বৰ সৰ্ববৃহৎ চেনী উৎপাদনকাৰী ব্ৰাজিলৰ পিছতে দ্বিতীয় সৰ্ববৃহৎ ৰপ্তানিকৰ্তা দেশ। ভাৰতৰ পৰা চুবুৰীয়া বাংলাদেশ, ইণ্ডোনেছিয়া, মালয়েছিয়া, ডুবাই আদিয়ে চেনী আমাদানি কৰে।

বিগত ২০২১ বৰ্ষত ভাৰতে ৬০ লাখ মেট্ৰিক টন চেনী ৰপ্তানি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল যদিও সময়ত অভিলেখসংখ্যক ৭০ লাখ মেট্ৰিক টন চেনী ৰপ্তানি কৰিবলৈ সক্ষম হৈছিল। একেদৰে এইবছৰ ভাৰতে ইতিমধ্যে ৮২ মেট্ৰিক টন চেনী ৰপ্তানি কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য ঘৰুৱা বজাৰত মূল্য বৃদ্ধি হোৱাৰ বাবেই ভাৰত চৰকাৰে চেনীৰ ক্ষেত্ৰত গ্ৰহণ কৰা এই সিদ্ধান্ত ঘেঁহুৰ ক্ষেত্ৰতো প্ৰযোজ্য কৰিছে। ঘেঁহুৰ বৰ্ধিত মূল্যৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে এই বছৰৰ মে' মাহৰ পৰা ঘেঁহুৰ ৰপ্তানি নিষিদ্ধ কৰিছে। ভাৰতে ঘৰুৱা মূল্য বৃদ্ধি নিয়ন্ত্ৰণৰ ব্যৱস্থাৰ অংশ হিচাপে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in