২০১৪ চনৰ ২৪ ছেপ্টেম্বৰতে ৰচিছিল ইতিহাস, মঙল গ্ৰহলৈ সফল যাত্ৰা ভাৰতৰ...

২০১৪ চনৰ ২৪ ছেপ্টেম্বৰতে ৰচিছিল ইতিহাস, মঙল গ্ৰহলৈ সফল যাত্ৰা ভাৰতৰ...

ডিজিটেল ডেস্ক : বিগত কিছু দশকত ভাৰতে বিজ্ঞান-প্ৰযুক্তি বিদ্যাৰ ক্ষেত্ৰত লাভ কৰি অহা অভাৱনীয় সফলতাই চূড়ান্ত শিখৰত উপনীত হৈছিল ২০১৪ চনত । ২০১৪ চনৰ ২৪ ছেপ্টেম্বৰ তাৰিখতেই ভাৰতে মঙল গ্ৰহৰ কক্ষপথত প্ৰথম প্ৰচেষ্টাতেই মহাকাশ যান অৱস্থান কৰোৱা বিশ্বৰ প্ৰথমখন ৰাষ্ট্ৰ ৰূপে পৰিগনিত হৈছিল । ইয়াৰ সৈতেই ভাৰতে পিছ পেলাইছিল মহাকাশ বিজ্ঞানৰ দিশত এছিয়াৰ আন দুখন মহাৰথী দেশ চীনআৰু জাপানক । এই সফলতা কেৱল বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ বাবেই নাছিল বৰং সমগ্ৰ দেশৰ বাবে আছিল এই সফলতা । 

ইয়াৰ পাছতেই বিশ্ব বিখ্যাত হৈছিল অভিযানটোত ব্যৱহাৰ হোৱা মংগল যান । ভাৰতীয় মহাকাশ গৱেষণা সংস্থা অৰ্থাৎ ইছৰোৰ উদ্যোগত ২০১৩ চনৰ ৫ নৱেম্বৰত মহাকাশলৈ প্ৰেৰণ কৰা হৈছিল মংগলযানক । প্ৰায় ১০ মাহ পাছত ২৪ ছেপ্টেম্বৰত মঙল গ্ৰহৰ কক্ষপথত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল মহাকাশ যানখন । 

উল্লেখ্য যে, এই অভিযান আছিল প্ৰযুক্তিবিদ্যাৰ প্ৰদৰ্শনীমূলক অভিযান ।  সৰ্বমুঠ ৫টা বৈজ্ঞানিক যন্ত্ৰ কঢ়িয়াই নিয়া এই মহাকাশ যানখন বৰ্তমান ইছৰোৰ মহাকাশ যান নিয়ন্ত্ৰণ কেন্দ্ৰৰ পৰা নিয়ন্ত্ৰণ কৰি থকা হৈছে । 

এই অভিযানৰ কথা পোন প্ৰথম বাৰৰ বাবে ঘোষণা কৰা হৈছিল ২০০৮ বৰ্ষত । ইছৰোৰ অধ্যক্ষ জি মাধৱণ নায়াৰে কৰিছিল অতি শীঘ্ৰেই যাত্ৰী বিহীন যানৰ মহাকাশ যাত্ৰাৰ পৰিকল্পনাৰ কথা ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in