চুদানত গৃহযুদ্ধঃ আৱদ্ধ হৈ থকা ৩০০০ ৰো অধিক ভাৰতীয়ক ঘূৰাই আনিব চৰকাৰে

আফ্ৰিকাৰ দেশ চুদানত বৰ্তমান গৃহযুদ্ধ। সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ মাজত চলি থকা সংঘৰ্ষত এতিয়ালৈকে ৪০০ ৰো অধিক লোক নিহত হৈছে।

author-image
Asomiya Pratidin
New Update
চুদানত গৃহযুদ্ধঃ আৱদ্ধ হৈ থকা ৩০০০ ৰো অধিক ভাৰতীয়ক ঘূৰাই আনিব চৰকাৰে

ডিজিটেল ডেস্কঃ আফ্ৰিকাৰ দেশ চুদানত বৰ্তমান গৃহযুদ্ধ। সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ মাজত চলি থকা সংঘৰ্ষত এতিয়ালৈকে ৪০০ ৰো অধিক লোক নিহত হৈছে। ভাৰতকে ধৰি বহুতো দেশৰ নাগৰিক চুদানত আৱদ্ধ হৈ আছে। ইয়াৰ মাজতে এজন ভাৰতীয়ৰো মৃত্যু হৈছে।

Advertisment

ইয়াৰ মাজতে ভাৰতে দেশৰ নাগৰিক সকলৰ বাবে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। তাত আৱদ্ধ হৈ থকা ভাৰতীয় সকলক দেশলৈ ঘূৰাই অনাৰ বাবে 'অপাৰেশ্যন কাবেৰী' আৰম্ভ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে জনাই এই সম্পৰ্কত টুইটো কৰিছিল। চুদানত প্ৰায় ৩০০০ ভাৰতীয় আৱদ্ধ হৈ আছে।

ভাৰতীয় সকলক ঘূৰাই আনিবৰ বাবে বায়ু সেনাৰ দুখন চি-১৩০ বিমান আৰু নৌসেনাৰ আইএনএছ সুমেধা চৌদি আৰৱ আৰু চুদানত উপস্থিত হৈছে।

বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে কৈছে যে, চুদানত আৱদ্ধ হৈ থকা আমাৰ নাগৰিকসকলক ঘূৰাই আনিবলৈ 'অপাৰেচন কাবেৰী' আৰম্ভ কৰা হৈছে। প্ৰায় ৫০০ ভাৰতীয় পোৰ্ট চুদানত উপস্থিত হৈছে। আৰু অধিক ভাৰতীয় আছে। আমাৰ জাহাজ আৰু বিমানে তেওঁলোকক ঘৰলৈ ঘূৰাই আনিবলৈ সাজু। ভাৰতে চুদানত থকা আমাৰ সকলো ভাতৃক সহায় কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

Also Read: হাতত নাছিল কোনো কাম, কানাড়া অভিনেতাৰ আত্মহত্যা...