২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতে ৰপ্তানি কৰিলে ২ লাখ কোটিৰো অধিক মূল্যৰ স্মাৰ্টফোন

কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে জনোৱা মতে ২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতে প্ৰথমবাৰৰ বাবে ২ লাখ কোটিৰো অধিক মূল্যৰ স্মাৰ্টফোন ৰপ্তানি কৰি এক বৃহৎ মাইলৰ খুঁটি অতিক্ৰম কৰিছে।

author-image
Asomiya Pratidin
New Update
 ২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতে ৰপ্তানি কৰিলে ২ লাখ কোটিৰো অধিক মূল্যৰ স্মাৰ্টফোন

ডিজিটেল ডেস্কঃ ২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতে প্ৰথমবাৰৰ বাবে ২ লাখ কোটিৰো অধিক মূল্যৰ স্মাৰ্টফোন ৰপ্তানি কৰি এক বৃহৎ মাইলৰ খুঁটি অতিক্ৰম কৰিছে। কেন্দ্ৰীয় ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই কথা উল্লেখ কৰি এনে সফলতাৰ মূলতে চৰকাৰৰ প্ৰডাকচন-লিংকড ইনচেণ্টিভ (পি এল আই) আঁচনি বুলি অভিহিত কৰিছে। 

এবছৰত ৫৪ শতাংশ বৃদ্ধি পাইছে ৰপ্তানি

পূৰ্বৰ বিত্তীয় বৰ্ষৰ তুলনাত স্মাৰ্টফোনৰ ৰপ্তানি ৫৪ শতাংশ বৃদ্ধি পাইছে। বৈষ্ণৱে কয় যে এই বৃদ্ধিয়ে ভাৰতৰ বিশ্বজুৰি মূল্য শৃংখল (জি ভি চি)ৰ সৈতে গভীৰ সংহতি প্ৰতিফলিত কৰে আৰু ই বৃহৎ নিয়োগৰ সুযোগ সৃষ্টি কৰিছে। তেওঁ উল্লেখ কৰে যে ভাৰতীয় এম এছ এম ইসমূহ এতিয়া বিশ্বব্যাপী যোগান শৃংখলত গুৰুত্বপূৰ্ণ সংযোগী হৈ পৰিছে, আৰু ঘৰুৱা ইলেক্ট্ৰনিকছ উৎপাদন পৰিৱেশ তন্ত্ৰ দ্ৰুতগতিত সম্প্ৰসাৰিত হৈছে।

ভাৰতৰ ইলেক্ট্ৰনিকছৰ উত্থানক শক্তি প্ৰদান কৰে পি এল আই আঁচনিয়ে

ৰপ্তানিৰ উত্থানৰ মূল কাৰণ চৰকাৰৰ পি এল আই আঁচনি। এই পদক্ষেপে স্থানীয় উৎপাদন যথেষ্ট বৃদ্ধি কৰিছে, যাৰ ফলত ভাৰতে আমদানিকৃত স্মাৰ্টফোনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাত সহায় কৰিছে। আজি ভাৰতত বিক্ৰী হোৱা প্ৰায় ৯৯ শতাংশ স্মাৰ্টফোন ঘৰুৱাভাৱে নিৰ্মিত।

ৰপ্তানিৰ পৰিসংখ্যা ভুল প্ৰমাণিত

ইণ্ডিয়া চেলুলাৰ এণ্ড ইলেক্ট্ৰনিক্স এছ’চিয়েশ্যনে (আই চি ই এ) পূৰ্বৰ অনুমান অনুসৰি ২০২৪-২৫ বিত্তীয় বৰ্ষত স্মাৰ্টফোনৰ ৰপ্তানি ২০ বিলিয়ন মাৰ্কিন ডলাৰ (প্ৰায় ১.৬৮ লাখ কোটি টকা)। কিন্তু এই অনুমানক অসত্য প্ৰমাণ কৰি ৰপ্তানিয়ে ইয়াক অতিক্ৰম কৰি বিশ্বব্যাপী ইলেক্ট্ৰনিকছ উৎপাদনত ভাৰতৰ বৰ্ধিত আধিপত্য নিশ্চিত কৰিলে।

ভাৰতৰ ৰপ্তানি বিপ্লৱৰ নেতৃত্ব লৈছে এ’পলে


ভাৰতৰ স্মাৰ্টফোন ৰপ্তানিৰ ক্ষেত্ৰত এ’পল শীৰ্ষত আছে।স্মাৰ্টফোন ৰপ্তানিৰ ৭০ শতাংশই এ’পলৰ স্মাৰ্টফোন। তামিলনাডুত থকা ফক্সকন এক বৃহৎ ৰপ্তানি কেন্দ্ৰ।

স্মাৰ্টফোন অশ্বিনী বৈষ্ণৱ