শত্ৰুক পৰাভূত কৰিবলৈ ভাৰতৰ হাতত নতুন অস্ত্ৰ…

শত্ৰুক পৰাভূত কৰিবলৈ ভাৰতৰ হাতত নতুন অস্ত্ৰ…

author-image
asomiyapratidin
New Update
শত্ৰুক পৰাভূত কৰিবলৈ ভাৰতৰ হাতত নতুন অস্ত্ৰ…

ডিজিটেল ডেস্কঃ শত্ৰুৰ পাৰমাণৱিক মিছাইলৰ সন্ধানৰ বাবে ভাৰতে এক গোপন যুদ্ধজাহাজ তৈয়াৰ কৰিছে। ডিআৰডিঅ' আৰু এনটিআৰঅ'ৰ সহায়ত ভাৰতীয় নৌবাহিনীৰ বাবে বিশাখাপট্টনমত হিন্দুস্তান চিপাৰ্ড লিমিটেডে জাহাজখন তৈয়াৰ কৰি উলিয়াইছে।

Advertisment

এই বিশেষ গোপন যুদ্ধ জাহাজ খনক 'অচিইন চাৰ্ভিলাচ' নামেৰে নামকৰণ কৰা হৈছে। তথ্য অনুসৰি, হিন্দুস্তান চিপাৰ্ডে এই যুদ্ধজাহাজখন দেশৰ কৌশলগত বাহিনী কমাণ্ড (এছএফচি)ক হস্তান্তৰ কৰিছে।

জানিব পৰা মতে, চিপাৰ্ডে ইয়াক যোৱা বছৰৰ অক্টোবৰতেই এছএফচিৰ হাতত হস্তান্তৰ কৰিছিল। সেই সময়ত ভাৰতে পূৱ লাডাখৰ ওচৰত পাৰস্পৰিক নিয়ন্ত্ৰণ ৰেখা (LAC) ত চীনৰ সৈতে বিবাদত আছিল।