/asomiyapratidin/media/media_files/2025/02/25/NHhlRn7ghtJCyVwCSEEt.jpg)
ডিজিটেল ডেস্কঃ অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰামমোহন নাইডুৱে শেহতীয়াকৈ পাইলটৰ বাবে ইলেক্ট্ৰনিক পাৰ্ছনেল লাইচেন্স (ই পি এল) মুকলি কৰিছে।যি ডিজিটেল ৰূপান্তৰ আৰু ভাৰতত অসামৰিক বিমান পৰিবহণৰ সুৰক্ষা, নিৰাপত্তাআৰু কাৰ্যক্ষমতা বৃদ্ধিৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ।
ইয়াৰ লগে লগে ভাৰত বিশ্বৰ ভিতৰতে চীনৰ পিছতে বিমান ক্ৰুৰ বাবে ই পি এল ৰূপায়ণ কৰা দ্বিতীয়খন দেশ হিচাপে পৰিগণিত হৈছে।নাইডুৱে কয়, ‘ডিজিচিএৰ দ্বাৰা ইপিএল আৰম্ভ কৰাটো কেৱল বিমান পৰিবহণৰ বাবেই নহয়, বিভিন্ন খণ্ডৰ ডিজিটেলাইজেশ্যনৰ ভৱিষ্যতৰ বাবেও এক পদক্ষেপ।
তেওঁ জোৰ দি কয় যে, এই পদক্ষেপে পাইলটসকলৰ বাবে সুবিধা, স্বচ্ছতাআৰু দক্ষতা বৃদ্ধি কৰাৰ লগতে ভাৰতে বিমান পৰিবহণৰ প্ৰযুক্তিগত উন্নতিৰ ক্ষেত্ৰত আগবাঢ়ি থকা অৱস্থাক নিশ্চিত কৰিব।মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ভাৰতীয় অসামৰিক বিমান পৰিবহণৰ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পোৱা বিমান বজাৰসমূহৰ ভিতৰত অন্যতম দেশখনত বিমান যাত্ৰাৰ ক্ৰমবৰ্ধমান চাহিদাৰ সৈতে খাপ খুৱাবলৈ অনাগত বছৰবোৰত কমেও ২০ হাজাৰ পাইলটৰ প্ৰয়োজন হ’ব।
মন্ত্ৰীগৰাকীয়ে জোৰ দি কয় যে, সংযোগ, অৰ্থনৈতিক উন্নয়নআৰু প্ৰযুক্তিৰ ক্ষেত্ৰত বিমান পৰিবহণে সদায় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।বিমান পৰিবহণ খণ্ডটো যথেষ্ট বৃদ্ধিৰ বাবে সাজু হৈছে, অহা পাঁচ বছৰত ৫০টা নতুন বিমানবন্দৰৰ পৰিকল্পনা কৰা হৈছে আৰু অহা দশকত ১২০টা নতুন গন্তব্য স্থানকে ধৰি ঘৰুৱা পথসমূহ সম্প্ৰসাৰণৰ পৰিকল্পনা কৰা হৈছে বুলিও তেওঁ কয়।
নাইডুৱে লগতে কয়, ‘ইয়াৰ বাবে ভাৰতত অতিৰিক্ত ২০ হাজাৰ পাইলটৰ প্ৰয়োজন হ’ব, যাৰ ফলত চাহিদা পূৰণৰ ক্ষেত্ৰত ইপিএলৰ দৰে পদক্ষেপ অতি গুৰুত্বপূৰ্ণ।তেওঁ বিমান পৰিবহণত প্ৰযুক্তিৰ ক্ৰমবৰ্ধমান ভূমিকাকো আলোকপাত কৰে। ইয়াৰ পৰিচালনাৰ পৰা নিয়ন্ত্ৰণলৈকে, আৰু উদ্যোগটোক ৰূপান্তৰিত কৰাৰ ওপৰতো ইয়াৰ গুৰুত্ব আৰোপ কৰে।