২০২৪ ত গ্ল’বেল কেপেবিলিটি চেণ্টাৰ 'লিজ চুক্তিত অভিলেখ...

নাইট ফ্ৰেংক ইণ্ডিয়াৰ তথ্য অনুসৰি ২০২৪ চনত জিচিচিৰ ‘লিজ ডিলছ’ত য়েৰ টু য়েৰ বৃদ্ধি ১৫ শতাংশ হৈছে।  ২০২৩ চনত ২৮২ টা লেনদেনৰ বিপৰীতে ২০২৪ ত মুঠ ৩২৯টা এনে লেনদেন হৈছে।

author-image
Tushar Pratim
New Update
২০২৪ ত গ্ল’বেল কেপেবিলিটি চেণ্টাৰ 'লিজ চুক্তিত অভিলেখ...

ডিজিটেল ডেস্কঃ নাইট ফ্ৰেংক ইণ্ডিয়াৰ তথ্য অনুসৰি ২০২৪ চনত গ্ল’বেল কেপেবিলিটি চেণ্টাৰ (জিচিচি)ৰ ‘লিজ ডিলছ’ত য়েৰ টু য়েৰ বৃদ্ধি ১৫ শতাংশ হৈছে।  ২০২৩ চনত ২৮২ টা লেনদেনৰ বিপৰীতে ২০২৪ ত মুঠ ৩২৯টা এনে লেনদেন হৈছে।
 
২০২৪ চনত জিচিচিসমূহক কাৰ্যালয়ৰ স্থান লিজিঙৰ পৰিমাণ আছিল ২২.৫ মিলিয়ন বৰ্গফুট। ২০২৩ চনত এই পৰিমাণ আছিল ২০.৭৯ মিলিয়ন বৰ্গফুট। ২০২৩ ৰ তুলনাত ২০২৪ ত এই বৃদ্ধি ৭.৯ শতাংশ। 
 
২০২৪ ৰ ৩২৯ টা চুক্তিৰ ভিতৰত আছিল ১ লাখ বৰ্গফুটতকৈ অধিক ৫০টা বৃহৎ চুক্তি হৈছে। এই ৫০ টা চুক্তিয়ে মুঠ ১২.১ মিলিয়ন বৰ্গফুট স্থান সামৰি লৈছিল।  ৫৬ টা মধ্যমীয়া আকাৰৰ চুক্তিয়ে ৪.৪ মিলিয়ন বৰ্গ ফুট স্থান সামৰি লৈছিল। ইয়াৰ উপৰিও ২২৩টা সৰু চুক্তিয়েও লিজত স্থান লাভ কৰিছিল।
  
তথ্য অনুসৰি বেংগালুৰুৱে মুঠ জিচিচি লিজিঙৰ ৪২ শতাংশ দখল কৰিছে। ২০২৪ চনত ১০০ টা লিজ লেনদেনে মুঠ ৯.৩ মিলিয়ন বৰ্গফুট কাৰ্যালয়ৰ স্থান লাভ কৰিছিল। যি দেশৰ সকলো চহৰৰ ভিতৰত সৰ্বাধিক।

Advertisment

বেংগালুৰুৰ পিছতে চেন্নাইয়ে লাভ কৰিছে ৮৯ টা চুক্তি। দুয়োখন চহৰতে সৰ্বাধিক ৫০ হাজাৰ বৰ্গফুটৰ তলৰ শিতানত লিজলৈ দিয়া হৈছে। এই ছেগমেণ্টত চেন্নাইয়ে ৭৩টা চুক্তি লাভ কৰে।

বেংগালুৰুৱে লাভ কৰে ৬৬ টা চুক্তি। মধ্যমীয়া অফিচ ছেগমেণ্টত হায়দৰাবাদে ১৫ টা চুক্তিৰে আগবাঢ়ি থকাৰ বিপৰীতে বেংগালুৰুৱে ১৪ টা চুক্তিৰে তাৰ পাছতে স্থান লাভ কৰিছে।

বৃহৎ কাৰ্যালয়ৰ শাখাত বেংগালুৰুৱে ২০টা চুক্তিৰে শীৰ্ষত আছে। দক্ষিণৰ তিনিখন চহৰ—বেংগালুৰু, চেন্নাই আৰু হায়দৰাবাদ—জিচিচিৰ বাবে আটাইতকৈ আকৰ্ষণীয় হৈ থকাৰ বিপৰীতে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলতো (এন চি আৰ) ৫৩টা জিচিচি চুক্তি দেখা গৈছে। য’ত অধিকাংশই (৩৮ টা লেনদেন) সৰু কাৰ্যালয়ৰ শ্ৰেণীত।
 
নাইট ফ্ৰেংক ইণ্ডিয়াৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক শিশিৰ বাইজালে কয়, “ৰাজ্যসমূহক জিচিচিক প্ৰসাৰিত কৰাত আৰু তেওঁলোকৰ বৃদ্ধিৰ সহায়ক হোৱাকৈ এক কাঠামো গঢ়ি তোলাৰ বিষয়ে কেন্দ্ৰীয় বাজেটৰ সময়ত ভাৰত চৰকাৰে ঘোষণা কৰিছিল। এই ঘোষণাই ভৱিষ্যতে মূলসুঁতিৰ আৰু Tier-I বাণিজ্যিক বজাৰ উভয়তে জিচিচি স্থাপনৰ বাবে কৰ্পৰেট আগ্ৰহ জগাই তুলিব লাগে।

জিচিচি গন্তব্যস্থান হিচাপে ভাৰতৰ সম্ভাৱনাই এনে সক্ৰিয় নীতি আৰু পদক্ষেপৰ জৰিয়তে বিশ্বাসযোগ্যতা অৰ্জন কৰি থাকিব। ভাৰতৰ দক্ষ প্ৰতিভা আৰু খৰচ-বহনক্ষম ৰিয়েল ইষ্টেট বিকল্পৰ সৈতে মিলি জিচিচি বজাৰ হিচাপে ভাৰতৰ মান বৃদ্ধি পাইছে।”

 

ভাৰতীয় অৰ্থনীতি অৰ্থনীতি