
ডিজিটেল ডেস্ক : সামৰিক শক্তিৰ দিশত বিশ্বৰ ভিতৰত চতুৰ্থ স্থানত ভাৰত। বিশ্বৰ প্ৰতিৰক্ষা সম্পৰ্কীয় দিশসমূহৰ ওপৰত চকু ৰাখি অহা ৱেবছাইট গ্ল'ৱেল ফায়াৰ পাৱাৰৰ দ্বাৰা প্ৰকাশিত প্ৰতিবেদনত এই তথ্য প্ৰকাশ পায়।
গ্ল'ৱেল ফায়াৰ পাৱাৰৰ প্ৰতিবেদন অনুসৰি প্ৰথম স্থানত আমেৰিকা,দ্বিতীয়ত ৰাছিয়া আৰু তৃতীয় স্থানত চীনক ৰখা হৈছে। 'সামৰিক শক্তিৰ তালিকা-২০২৩' শীৰ্ষক প্ৰতিবেদনখনত নিশকতীয়া দেশ হিচাপে স্থান দিয়া হৈছে ভূটান আৰু আইচলেণ্ডক।
উল্লেখযোগ্য যে সেনাৰ সংখ্যা আৰু অৰ্থনৈতিক অৱস্থাক লৈ এই তালিকা প্ৰস্তুত কৰা হৈছে। এই তালিকাখনত বিশ্বৰ ১৪৫ খন দেশৰ সামৰিক শক্তিৰ তথ্য উল্লেখ কৰা হৈছে।