/asomiyapratidin/media/media_files/2024/11/24/CyN2Nii3P4HAiBMKb9K8.jpg)
ডিজিটেল ডেস্কঃ বাণিজ্যৰ ক্ষেত্ৰখন প্ৰসাৰৰ বাবে ভাৰত চৰকাৰে শেহতীয়াকৈ বহুকেইটা সিদ্ধান্ত গ্ৰহণ কৰিছে। যোৱা ২২নৱেম্বৰত ভাৰতৰ বাণিজ্য সচিব সুনীল বাৰ্থৱালে বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি চমুকৈ TEPAৰ ক্ষীপ্ৰ ৰূপায়নৰ বাবে নৰৱেত উপস্থিত হৈ এক আলোচনাত মিলিত হয়। এই চুক্তিৰ ভিত্তিত প্ৰায় ১০০বিলিয়ন ডলাৰ বিনিয়োগৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল।
উল্লেখ কৰা প্ৰয়োজন যে, ভাৰতৰ বাণিজ্য সচিবগৰাকীৰ নৰৱেৰ এই ভ্ৰমণৰ লক্ষ্য আছিল
বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি (টিইপা)ৰ লক্ষ্যসমূহ আগুৱাই নিয়া আৰু ইউৰোপীয় মুক্ত বাণিজ্য সংস্থা (ইএফটিএ)ৰ অন্তৰ্গত দেশসমূহৰ ভাৰতীয় সামগ্ৰী আৰু সেৱাৰ ৰপ্তানিৰ বাবে বৃহৎ বজাৰ মুকলি কৰা।
উল্লেখ কৰিব লাগিব যে, ই এফ টি এ হৈছে আইচলেণ্ড, লিচেনষ্টাইন, নৰৱে আৰু ছুইজাৰলেণ্ডৰ এক যুটীয়া আন্তঃচৰকাৰী সংস্থা।২০২৪ চনৰ মাৰ্চ মাহত ভাৰত আৰু ই এফ টি এ দেশৰ মাজত এই চুক্তি স্বাক্ষৰিত হৈছিল।বাণিজ্য মন্ত্ৰালয়ৰ একবিবৃতিতকোৱা হৈছে যে ভাৰতে ই এফ টি এলৈ ১০৫টা উপখণ্ডৰ প্ৰস্তাৱ দিছে। নৰৱে ভ্ৰমণৰ সময়ত বাৰ্থৱালে বাণিজ্য, উদ্যোগ আৰু মীন মন্ত্ৰালয়ৰ ৰাজ্যিক সচিব টমাছ নৰ্ভল আৰু নৰৱেৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আলোচনা কৰে।